• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদীৰ ‘অচ্ছে দিন’ৰ সন্ধানত গুৱাহাটীত শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ত চিতু-কৃষক সভা!

মুকুট দাস by মুকুট দাস
August 28, 2018 6:25 pm
Members of CITU (Centre of Indian trade unions) protest in front of labour inspector office in Guwahati on 28-08-18. Pix By UB photos
122
VIEWS
Share on FacebookShare on Twitter

সৰ্বভাৰতীয় শ্ৰমিক সংগঠন চিতু (Centre of Indian Trade Unions) আৰু সদৌ ভাৰত কৃষক সভাই প্ৰধান মন্ত্ৰী মোদী-প্ৰতিশ্ৰুত ‘অচ্ছে দিন’ৰ সন্ধানত মঙলবাৰে ঘেৰাও কৰে গুৱাহাটীৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়।

‘ক’ত লুকাই আছে প্ৰধান মন্ত্ৰী মোদীৰ অচ্ছে দিন? দেশৰ কৃষক, শ্ৰমিকৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰাটোৱেই চৰকাৰৰ অচ্ছে দিন নেকি,’ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰে লোৱা কৃষক-শ্ৰমিকবিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ প্ৰশ্ন দীৰ্ঘদিনীয়া শ্ৰমিক নেতা তপন শৰ্মাৰ।

চৰকাৰে দেশৰ মেহনতী কোটি কোটি নাগৰিকৰ স্বাৰ্থৰ সলনি ‘পুঁজিপতিৰ স্বাৰ্থৰ বাবে কাম কৰি আহিছে’, বুলিও দাবী কৰি শ্ৰমিক নেতা শৰ্মাই কয় যে ‘চৰকাৰে দেশত ‘সময় নিৰ্দিষ্ট নিয়োগ’ (Fixed term employment)ৰ প্ৰৱৰ্তনৰ চেষ্টা কৰিছে, যাৰ ফলত কোটি কোটি শ্ৰমিকৰ ক্ষতিগ্ৰস্ত হ’ব।’

ন্যূনতম মজুৰি আইন থকাৰ পিছতো কাৰ্য্যকৰী নকৰাৰ বাবেও শৰ্মাই চৰকাৰক তীব্ৰ সমালোচনা কৰে। ‘দেশৰ অ-পাৰ্গত শ্ৰমিকসকলৰ বাবে মাহে ১৮ হাজাৰ টকাৰ ন্যূনতম মজুৰি আমি দাবী কৰিছো,’ শৰ্মাৰ মন্তব্য।

কৃষকসকলৰ কল্যাণৰ বাবে স্বামীনাথন সমিতিৰ পৰামৰ্শাৱলী কাৰ্য্যকৰী কৰাৰ বাবে দাবী জনাইছে কৃষক সভাই। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰেই গঠন কৰা সমিতিখনে দিয়া পৰামৰ্শ চৰকাৰে কাৰ্য্যকৰী নকৰি বছৰ বছৰ ধৰি পেলাই ৰাখিছে।

আনহাতে শ্ৰমিকসকলৰ কল্যাণৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰা মটৰ বাহন (সংশোধন) বিধেয়ক, ২০১৭ বাতিলৰো দাবী জনাইছে সংগঠন দুটাই। উল্লেখযোগ্য যে এই বিধেয়ক বাতিলৰ দাবীত দেশৰ মটৰ মালিক আৰু শ্ৰমিকসকলেও প্ৰতিবাদ জনাই আহিছে।

অসমৰ লগতে সমগ্ৰ দেশৰ শ্ৰমিক-কৃষকৰ কল্যাণৰ বাবে সৰ্বভাৰতীয় সংগঠন দুটাই উলুবাৰীৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ত ১২ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰও দাখিল কৰে।

বিজেপি চৰকাৰৰ শ্ৰমিক, কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে অহা ৫ ছেপ্তেম্বৰত নতুন দিল্লীত ব্যাপক প্ৰতিবাদী সমাৱেশৰ কথাও দেওবাৰৰ প্ৰতিবাদত ঘোষণা কৰে শ্ৰমিক নেতা শৰ্মাই।

গুৱাহাটীৰ লগতে ডিব্ৰুগড়ৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তটো সংগঠন্কেইটাই মঙলবাৰে বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd