• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পালক পিতৃ-মাতৃৰ ওপৰত আস্থা নাই সোণাপুৰৰ দুৰ্ভগীয়া কণমানিজনীৰ : ‘স্নেহালয়’ হ’ল নতুন ঠিকনা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 28, 2018 6:55 pm
OrphanGirl

অসম মহিলাসংঘৰ সদস্যাসকলৰ সৈতে সোণাপুৰৰ দুৰ্ভগীয়া কণমানিজনী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেৰ মাহৰ অধিক সময় চিকিৎসালয়ৰ বিছনাত এক যন্ত্ৰণাকাতৰ জীৱন কটোৱাৰ অন্তত এটা নতুন ঠিকনা পালে সোণাপুৰৰ দুৰ্ভগীয়া কনমানিজনীয়ে। পখিলা খেদা বয়সতে পিতৃ-মাতৃৰ মৰম আৰু নিৰাপদ আশ্ৰয়ৰ পৰা বঞ্চিত হোৱা আৰু জন্মৰ পৰা মাত্ৰ দহটা বছৰতেই বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল কণমানিজনী।

অৱশেষত সোমবাৰে সোণাপুৰ আৰক্ষীয়ে মহানগৰীৰ নুনমাটিত থকা ‘স্নেহালয়’ নামৰ অনাথ আশ্ৰমখনত কণমানিজনীৰ আশ্ৰয়ৰ ব্যৱস্থা কৰে।

Apply Now

সোণাপুৰ আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক ঘনকান্ত দাসে জানিবলৈ দিয়া মতে কালি কণমানিজনীক গুৱাহাটীৰ কামৰূপ মহানগৰ জিলাৰ শিশু কল্যাণ কেন্দ্ৰলৈ নিয়ে আৰু তাত সকলো নিয়মমাফিক কামকাজ সম্পাদন হোৱাৰ পাছত তাইক স্নেহালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, যোৱা ৭ জুলাইত সোণাপুৰৰ নাজিৰাখাটৰ কমল বৰদলৈ নামৰ লোকজনৰ ঘৰত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হোৱাৰ পাছত বিনা চিকিৎসাই ছদিন ধৰি পৰি আছিল এই কণমানিজনী। পৰিয়ালটোৱে সম্পূৰ্ণ অনাদৰ কৰি তাইক ঘৰৰ বাৰাণ্ডাত এখন বস্তা পাৰি পেলাই থৈছিল। চিকিৎসা নোপোৱাৰ বাবেই তাইৰ শৰীৰৰ পোৰা ঘাবোৰ ক্ৰমাৎ বাঢ়ি গৈ গোন্ধাবলৈ আৰম্ভ কৰিছিল।

পৰবৰ্তী সময়ত অসম মহিলা সংঘ নামৰ সংগঠনটোৱে স্থানীয় আৰক্ষীৰ সহযোগত কণমানিজনীক উদ্ধাৰ কৰি সোণাপুৰৰ কামৰূপ মহানগৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছিল। তাত প্ৰায় ডেৰ মাহৰো অধিক সময় তাই চিকিৎসাধীন হৈ থাকে।

কণমানিজনীৰ এই মৰ্মান্তিক কাহিনী যোৱা ১৮ আগষ্টত নৰ্থ-ইষ্ট নাওত সবিস্তাৰে প্ৰকাশ পাইছিল।

কণমানিজনীক কালি ‘স্নেহালয়’ত ভৰ্তি কৰোৱাৰ পাছতেই অসম মহিলা সংঘৰ ৰাজ্যিক সম্পাদিকা অসমী গগৈয়ে নৰ্থ-ইষ্ট নাওক কয়, “কণমানিজনী এতিয়া সুস্থ হৈ উঠিছে। অৱশ্যে কিছু দিনলৈ তাইৰ নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰাই থাকিব লাগিব। তাই আগতে থকা নাজিৰাখাটৰ সেই ঘৰখনলৈ যাব বিচৰা নাছিল। গতিকে তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তাইক অনাথ আশ্ৰমতে ৰখাৰ ব্যৱস্থা কৰা হ’ল।”

উল্লেখ্য যে, কণমানিজনী নাজিৰাখাটৰ এখন প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত পঢ়ি আছিল। এতিয়া তাৰ পৰা তাইৰ বিদ্যালয় বদলি কৰোৱাৰ ব্যৱস্থা কৰা হ’ব বুলিও অসমী গগৈয়ে জানিবলৈ দিয়ে। অৱশ্যে তাইৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘স্নেহালয়’ কৰ্তৃপক্ষই কিছু দিনলৈ তাইক পঢ়াৰ বোজাৰ পৰা আঁতৰাই ৰখিব বুলি জনোৱা বুলিও তেওঁ প্ৰকাশ কৰে।

আনহাতে, এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে কণমানিজনী অগ্নিদগ্ধ হোৱাৰ বিষয়টো। অসম মহিলা সংঘই এই ঘটনাৰ তদন্তৰ বাবে দিয়া এজাহাৰৰ ভিত্তিত সোণাপুৰ আৰক্ষীয়ে কমল বৰদলৈ আৰু তেওঁৰ পৰিয়ালৰ সদস্যক সোধা-পোছা কৰা বুলি সহকাৰী উপ-পৰিদৰ্শক ঘনকান্ত দাসে জানিবলৈ দিয়ে। লগতে এই ঘটনাৰ তদন্ত চলি থকা বুলিও তেওঁ প্ৰকাশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd