ডেৰ মাহৰ অধিক সময় চিকিৎসালয়ৰ বিছনাত এক যন্ত্ৰণাকাতৰ জীৱন কটোৱাৰ অন্তত এটা নতুন ঠিকনা পালে সোণাপুৰৰ দুৰ্ভগীয়া কনমানিজনীয়ে। পখিলা খেদা বয়সতে পিতৃ-মাতৃৰ মৰম আৰু নিৰাপদ আশ্ৰয়ৰ পৰা বঞ্চিত হোৱা আৰু জন্মৰ পৰা মাত্ৰ দহটা বছৰতেই বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল কণমানিজনী।
অৱশেষত সোমবাৰে সোণাপুৰ আৰক্ষীয়ে মহানগৰীৰ নুনমাটিত থকা ‘স্নেহালয়’ নামৰ অনাথ আশ্ৰমখনত কণমানিজনীৰ আশ্ৰয়ৰ ব্যৱস্থা কৰে।
সোণাপুৰ আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক ঘনকান্ত দাসে জানিবলৈ দিয়া মতে কালি কণমানিজনীক গুৱাহাটীৰ কামৰূপ মহানগৰ জিলাৰ শিশু কল্যাণ কেন্দ্ৰলৈ নিয়ে আৰু তাত সকলো নিয়মমাফিক কামকাজ সম্পাদন হোৱাৰ পাছত তাইক স্নেহালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, যোৱা ৭ জুলাইত সোণাপুৰৰ নাজিৰাখাটৰ কমল বৰদলৈ নামৰ লোকজনৰ ঘৰত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হোৱাৰ পাছত বিনা চিকিৎসাই ছদিন ধৰি পৰি আছিল এই কণমানিজনী। পৰিয়ালটোৱে সম্পূৰ্ণ অনাদৰ কৰি তাইক ঘৰৰ বাৰাণ্ডাত এখন বস্তা পাৰি পেলাই থৈছিল। চিকিৎসা নোপোৱাৰ বাবেই তাইৰ শৰীৰৰ পোৰা ঘাবোৰ ক্ৰমাৎ বাঢ়ি গৈ গোন্ধাবলৈ আৰম্ভ কৰিছিল।
পৰবৰ্তী সময়ত অসম মহিলা সংঘ নামৰ সংগঠনটোৱে স্থানীয় আৰক্ষীৰ সহযোগত কণমানিজনীক উদ্ধাৰ কৰি সোণাপুৰৰ কামৰূপ মহানগৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছিল। তাত প্ৰায় ডেৰ মাহৰো অধিক সময় তাই চিকিৎসাধীন হৈ থাকে।
কণমানিজনীৰ এই মৰ্মান্তিক কাহিনী যোৱা ১৮ আগষ্টত নৰ্থ-ইষ্ট নাওত সবিস্তাৰে প্ৰকাশ পাইছিল।
কণমানিজনীক কালি ‘স্নেহালয়’ত ভৰ্তি কৰোৱাৰ পাছতেই অসম মহিলা সংঘৰ ৰাজ্যিক সম্পাদিকা অসমী গগৈয়ে নৰ্থ-ইষ্ট নাওক কয়, “কণমানিজনী এতিয়া সুস্থ হৈ উঠিছে। অৱশ্যে কিছু দিনলৈ তাইৰ নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰাই থাকিব লাগিব। তাই আগতে থকা নাজিৰাখাটৰ সেই ঘৰখনলৈ যাব বিচৰা নাছিল। গতিকে তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তাইক অনাথ আশ্ৰমতে ৰখাৰ ব্যৱস্থা কৰা হ’ল।”
উল্লেখ্য যে, কণমানিজনী নাজিৰাখাটৰ এখন প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত পঢ়ি আছিল। এতিয়া তাৰ পৰা তাইৰ বিদ্যালয় বদলি কৰোৱাৰ ব্যৱস্থা কৰা হ’ব বুলিও অসমী গগৈয়ে জানিবলৈ দিয়ে। অৱশ্যে তাইৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘স্নেহালয়’ কৰ্তৃপক্ষই কিছু দিনলৈ তাইক পঢ়াৰ বোজাৰ পৰা আঁতৰাই ৰখিব বুলি জনোৱা বুলিও তেওঁ প্ৰকাশ কৰে।
আনহাতে, এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে কণমানিজনী অগ্নিদগ্ধ হোৱাৰ বিষয়টো। অসম মহিলা সংঘই এই ঘটনাৰ তদন্তৰ বাবে দিয়া এজাহাৰৰ ভিত্তিত সোণাপুৰ আৰক্ষীয়ে কমল বৰদলৈ আৰু তেওঁৰ পৰিয়ালৰ সদস্যক সোধা-পোছা কৰা বুলি সহকাৰী উপ-পৰিদৰ্শক ঘনকান্ত দাসে জানিবলৈ দিয়ে। লগতে এই ঘটনাৰ তদন্ত চলি থকা বুলিও তেওঁ প্ৰকাশ কৰে।