• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়াও অনিশ্চয়তা আঁতৰা নাই উত্তৰ-পূব গ্ৰন্থমেলাৰ : তাৰিখ আগ-পিছ কৰাৰ আহ্বান প্ৰকাশন পৰিষদৰ সচিবৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 28, 2018 10:09 pm
North-East-Book-Fair-2016
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা নবেম্বৰ মাহত অনুষ্ঠিত হ’ব লগীয়া ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ স্থানকেন্দ্ৰিক বিতৰ্কৰ এতিয়াও অৱসান ঘটা নাই। লগতে বিষয়টো এতিয়াও অমীমাংসিত হৈ আছে। গ্ৰন্থমেলা পাতিবলৈ একেখন খেলপথাৰক লৈ টনা-আঁজোৰা অব্যাহত আছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা আৰু অসম প্ৰকাশন পৰিষদৰ মাজত। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ অভিযোগ মতে চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি খেলপথাৰখন কৌশলেৰে জব্দ কৰি ৰাখিছে।

এই মতানৈক্যৰ মাজতেই মঙলবাৰে নৰ্থ-ইষ্ট নাওৰ আগত এই বিষয় লৈ আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰাৰ পোষকতা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।

কলিতাই কয়, “উত্তৰ-পূব গ্ৰন্থমেলাখন সেই সময়খিনিতে পতাৰ ব্যৱস্থা কৰাৰ কথা আমি গম নাপাও। গতিকে এতিয়া বিষয়টো আলোচনা কৰি সময় অলপ আগ-পিছ কৰিলে এই অচলাবস্থা দূৰ হ’ব’।

উল্লেখ্য যে, উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই জনোৱামতে, তেওঁলোকে ১ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰখন ভাৰালৈ লোৱা বাবে আবেদন কৰিছিল আৰু তাৰ বাবে যোৱা এপ্ৰিল মাহতেই ২৫ হাজাৰ টকা আগধন হিচাপে দিছিল।

কিন্তু একেখন খেলপথাৰতে ১১ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ অসম প্ৰকাশন পৰিষদে শিশু গ্ৰন্থ উৎসৱ পতাৰ সিদ্ধান্ত গ্ৰহণ কৰি খেলপথাৰখন ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ ভাড়ালৈ লোৱাত উত্তৰ-পূৱ গ্ৰন্থ মেলা অনুষ্ঠিত কৰাত আউল লাগে।

ইপিনে, প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই লগতে কয়, “যদিও আমি ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ খেলপথাৰখন ভাৰালৈ লৈছো, এতিয়া তেওঁলোকে যদি উত্তৰ-পূব গ্ৰন্থমেলাখন অলপ আগতীয়াকৈ পাতিব বিচাৰে তেতিয়া আমিও ৫ নৱেম্বৰ পৰ্যন্ত খেলপথাৰখন ভাড়ালৈ লোৱাৰ সময় পিছুৱাব পাৰিম। তাৰ বাবে আলোচনা কৰিবলৈও সাজু আছো।”

ইয়াৰ উপৰি কলিতাই যদি উত্তৰ-পূব গ্ৰন্থমেলাই শিশু গ্ৰন্থ উৎসৱৰ আগত বা পাছত উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত কৰে তেতিয়া অসম প্ৰকাশন পৰিষদে সহযোগিতা আগ বঢ়াব বুলিও জানিবলৈ দিয়ে। লগতে আলোচনাৰ জৰিয়তে দুয়োটা সংস্থাই একে লগেও গ্ৰন্থমেলা পাতিব পৰা যাব বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, উত্তৰ-পূব গ্ৰন্থমেলাখন ষড়যন্ত্ৰমূলকভাৱে বন্ধ কৰিবলৈ চেষ্টা কৰা বুলি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই কৰা অভিযোগ সন্দৰ্ভত প্ৰমোদ কলিতাই কয়, “গ্ৰন্থমেলা বন্ধ কৰা বা বৰ্জন কৰাৰ ষড়যন্ত্ৰ কোনো গ্ৰন্থপ্ৰেমীয়ে নকৰে। আমি কোনো ষড়যন্ত্ৰ কৰা নাই, ষড়যন্ত্ৰ যোৱা বছৰ অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলাৰ ক্ষেত্ৰতহে হৈছিল।”

উল্লেখ্য যে, অসম চৰকাৰে বিদ্যালয়-মহাবিদ্যালয়সমূহৰ পাঠ্যপুথি বিনামূলীয়াকৈ যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত অসমৰ পুথি প্ৰকাশকসকলে লোকচানৰ সন্মুখীন হ’ব লগীয়া হোৱা বাবে প্ৰতিবাদ সাব্যস্ত কৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যোৱা বছৰ গুৱাহাটী গ্ৰন্থমেলা বৰ্জন কৰিছিল।

ইপিনে, প্ৰমোদ কলিতাই জনোৱা মতে শিশু গ্ৰন্থ উৎসৱ অনুষ্ঠিত কৰাৰ বাবে খেলপথাৰখন ভাৰালৈ দিবলৈ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান কৰ্তৃপক্ষই ইতিমধ্যেই সন্মতি প্ৰকাশ কৰিছে।

খেলপথাৰখনক লৈ দুটা পক্ষৰ মাজত টনা-আঁজোৰা চলি থকাৰ সময়তে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ অক্ষয় কুমাৰ কলিতাৰ সৈতে নৰ্থ-ইষ্ট নাওৰ বাৰ্তালাপত অধ্যক্ষজনে উত্তৰ-পূব গ্ৰন্থমেলাৰ বাবে খেলপথাৰখন ইতিপূৰ্বে ভাৰালৈ দিয়া কথাটো অস্বীকাৰ কৰে।

উল্লেখ্য যে, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যোৱা ২২ আগষ্টত এখন সংবাদমেল অনুষ্ঠিত কৰি উত্তৰ-পূব গ্ৰন্থমেলাৰ বাবে খেলপথাৰখন ভাৰালৈ লোৱাৰ লগতে ২৫,০০০ টকাৰ আগধন দিয়া বুলি জানিবলৈ দিছিল।

এই সন্দৰ্ভত অধ্যক্ষ কলিতাই কয়, “আমি উত্তৰ-পূব গ্ৰন্থমেলাৰ বাবে খেলপথাৰখন ভাৰালৈ তেওঁলোকক আবণ্টন দিয়া নাই। আমাৰ কেচিয়াৰক তেওঁলোকে জোৰকৈ ২৫ হাজাৰ টকাৰ চে’ক এখন দি থৈ গৈছিল। কিন্তু খেলপথাৰখন আৱণ্টন নিদিয়াৰ বাবেই সেই চে’কৰ ধন এতিয়ালৈ আমি উলিওৱা নাই।”

ইয়াৰ উপৰি তেওঁ কয় যে খেলপথাৰখনৰ আৱণ্টন চৰ্তসাপেক্ষেহে দিয়া হয়। যদি কোনো চৰকাৰী কাৰ্যসূচীৰ বাবে খেলপথাৰখন বিচাৰে তেতিয়া চৰকাৰকহে প্ৰাধান্য দিয়া হয় বুলিও অধ্যক্ষ অক্ষয় কুমাৰ কলিতাই প্ৰকাশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd