“মোকৰ্দমাটো যাতে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হয় আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত এই আদালত গঠন হয়, তাৰ বাবে দাবী উত্থাপন কৰিছো।”
শনিবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰৰ আদালতত ডকমকা কাণ্ডৰ বিষয়ত আৰক্ষীয়ে চাৰ্জ ছীট দাখিল কৰাৰ পাছতেই নৰ্থ-ইষ্ট নাওৰ আগত এইদৰে কয় নীলোৎপলৰ দেউতাক গোপাল চন্দ্ৰ দাসে।
উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্য কঁপাই যোৱা ডকমকা কাণ্ডৰ আজি আৰক্ষীয়ে চাৰ্জ ছীট দাখিল কৰে যদিও শান্তি লাভ কৰা নাই নীলোৎপলৰ দেউতাক আৰু পৰিয়াল।
নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, “চাৰ্জ ছীট দাখিল কৰাৰ পাছত শুনা মতে মূল অভিযুক্ত বুলি কাকো চিনাক্ত নকৰি কেৱল অভিযুক্ত বুলি উল্লেখ কৰা হ’ল।”
আনহাতে ডকমকাত তেওঁৰ পুত্ৰ নীলোৎপল আৰু তেওঁৰ বন্ধু অভিজিতক দলবদ্ধ নৃশংস আক্ৰমণেৰে কৰা হত্যাকাণ্ডক পৰিকল্পিত বুলি উল্লেখ কৰে অভিজিতৰ দেউতাকে।
তেওঁ কয়, “এই ঘটনাটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি ক’ব বিচাৰো।”
আনহাতে, ইতিমধ্যে জেইলত থকা অভিযুক্তসকলক বাহিৰা লোকে ধনৰ যোগান ধৰা বুলি গুৰুতৰ অভিযোগ তোলে নীলোৎপলৰ দেউতাকে।
তেওঁৰ কয়, “যিসকল ব্যক্তিক ইতিমধ্যে কাৰাগাৰত ৰখা হৈছে, তেওঁলোকক যদি বাহিৰৰ পৰা কোনো ব্যক্তিয়ে ধনৰ যোগান ধৰিছে, তেন্তে তাত আৰক্ষী-প্ৰশাসনে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই কথা স্পষ্ট হৈ পৰে।”
আনহাতে, অভিযুক্তসকল বৰ্তমানলৈকে দোষী সাব্যস্ত হোৱা নাই বুলি সদৰী কৰি তেওঁ লগতে কয়, “তথাপি তেওঁলোকক যিহেতু জেইল-হাজোতত ৰখা হৈছে, তেনে ক্ষেত্ৰত অভিযুক্তসকলক বাহিৰৰ লোকে ধনৰ যোগান ধৰাটো উচিত নে অনুচিত তাৰ হিচাপ ল’ব লাগে আৰু সেই সুবিধা কিয় দিয়া হৈছে তাকো আৰক্ষী-প্ৰশাসনৰ লোকসকলে বিচাৰ কৰিব লাগে।”
আনহাতে সমাজৰ লোকসকলে তথা আৰক্ষীয়ে যৌথভাৱে প্ৰচেষ্টা হাতত ল’লেহে সমাজৰ পৰা এনেধৰণৰ নৃশংসতাৰ ঘটনাসমূহ দূৰ হ’ব বুলি তেওঁ আমাৰ আগত কয়।