মিজোৰামৰ ক্ৰীড়া ক্ষেত্ৰত ইতিহাস হিচাপে পৰিগণিত হ’ল ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা ১৮ সংখ্যক এছিয়ান গেইমছ। কিয়নো এছিয়াডত মিজোৰামক প্ৰথমটো পদকৰ সোৱাদ দিবলৈ সক্ষম হ’ল মহিলা হকী খেলুৱৈ লালৰেমছিয়ামী।
২০১৮ বৰ্ষৰ জাকাৰ্টা এছিয়ান গেইমছত ভাৰতৰ মহিলা হকী দলটোৱে বহু বছৰ বিৰতিৰ অন্তত ৰূপৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে। আৰু এই দলটোতে ভাৰতৰ কনিষ্ঠতম মহিলা হকী খেলুৱৈ হিচাপে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি লালৰেমছিয়ামীয়ে এই বিৰল কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হ’ল।
উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ পূৰ্বে মিজোৰামৰ যুৱ হকী খেলুৱৈগৰাকীয়ে ২০১৮ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীতো অংশগ্ৰহণ কৰি যথেষ্ট উন্নত মানৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল। যাৰ বাবে খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনৰ আন্দাৰ ২১ ৰাইজিং ষ্টাৰ এৱাৰ্ডেৰেও সন্মানিত হৈছিল।
স্মৰ্তব্য যে মিজোৰামৰ ক’লাচিবৰ বাসিন্দা লালৰেমছিয়ামীয়ে স্প’ৰ্টছ অথ’ৰিটি অব ইণ্ডিয়া আৰু থেনজলস্থিত মিজোৰাম ৰাজ্যিক হকী একাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সময়তে ভাৰতীয় দলৰ প্ৰশিক্ষকে খেলুৱৈগৰাকীৰ প্ৰতিভা দেখি ভাৰতীয় জুনিয়ৰ আৰু ছিনিয়ৰ দলত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিছিল।
লালৰেমছিয়ামীয়ে সুযোগ পোৱা মাত্ৰেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ সৰ্বোচ্চ উজাৰি দিয়ে আৰু এইদৰে এখনৰ পাছত আন এখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত ভাৰতীয় দলত স্থান লাভ কৰি নিজৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।