যি সময়ত হিমা দাসে সমগ্ৰ বিশ্বতে অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে , সেই সময়তে বিশ্বনাথৰ পৰা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব যোৱা তিনিগৰাকী যুৱকে কঢ়িয়াই আনিলে বিশেষ সন্মান।
বিশ্বনাথ চাৰিআলিস্থিত অতি কম সময়ৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকি উঠিবলৈ সক্ষম হোৱা প্ৰশিক্ষক হৃদয়ানন্দ দাসৰ নেতৃত্বত সফলতাৰ গঢ় লৈ উঠা চেম্পিয়নছ মেকাৰ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰা এই তিনিগৰাকী যুৱকে বিশ্বনাথৰ লগতে অসম তথা ভাৰতবৰ্ষৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।
১ আৰু ২ ছেপ্তেম্বৰ তাৰিখে “মালয়েছিয়া”ত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা ২০১৮’ (“International karate Tournament 2018”) ত জোৰদাৰ প্ৰস্তুতিৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি প্ৰশিক্ষক হৃদয়ানন্দ দাসে সোণৰ পদক পোৱাৰ লগতে হৃদয়ানন্দ দাসৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰা বিশ্বনাথৰ চনম লামা আৰু হৃদয়ানন্দ দাসৰ পৰাই প্ৰশিক্ষণ গ্ৰহণ কৰা গুৱাহাটীৰ মিলনজ্যোতি বৰদলৈয়ে ব্ৰঞ্জৰ পদকেৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে |
অতি কম সময়ৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকি উঠা হৃদয়ানন্দ দাসৰ প্ৰচেষ্টা আৰু প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলৰ প্ৰতিভাৰ প্ৰদৰ্শনে ৰাজ্যবাসীৰ বাবে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বাৰ্তাই ৰাজ্যৰ ক্ৰীড়া জগতক উৎসাহিত কৰি তুলিছে।