• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাওঁপন্থী দলসমূহে উমৈহতীয়া কাৰ্য্যসূচী লৈ মিত্ৰতা কৰে বাবেই চৰকাৰ বেছি দিন তিষ্ঠি থাকে : হিতেন্দ্ৰ নাথ গোস্বামী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 4, 2018 7:33 pm
Book Release

এ আই য়ু ডি এফৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ গ্ৰন্থ উন্মোচন কৰিছে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বাওঁপন্থী দলসমূহে নিৰ্বাচনৰ পূৰ্বেই উমৈহতীয়া কাৰ্য্যসূচী লৈ মিত্ৰতা কৰে। ফলত নিৰ্বাচনৰ পাছত সেইখন চৰকাৰে বেছি দিন তিষ্ঠি থাকিব পাৰে।”

মঙলবাৰে দিচপুৰ প্ৰেছ ক্লাবত নাওবৈছা সমষ্টিৰ এ আই য়ু ডি এফৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ গ্ৰন্থ ‘ভাৰতীয় ৰাজনীতিত মিত্ৰজোঁট’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ভাষণ প্ৰসংগতে এই কথা ব্যক্ত কৰে।

Apply Now

তেওঁ লগতে কয় যে অন্য ৰাজনৈতিক দলসমূহৰ মাজত বেছিভাগৰে প্ৰাক নিৰ্বাচনী মিত্ৰতা বা উমৈহতীয়াভাৱে হাতত লোৱা কাৰ্য্যসূচী নাথাকে, গতিকে সংখ্যাগৰিষ্ঠতা লাভ কৰা দলবিলাকে তেওঁলোকৰ মতে মিত্ৰজোঁটত থকা অন্য দলসমূহক তথা চৰকাৰক পৰিচালনা কৰাৰ প্ৰৱণতা দেখা যায়। সেয়েহে তেনে চৰকাৰসমূহ বেছিদিন তিষ্ঠি নাথাকে।

অৱশ্যে, অতলবিহাৰী বাজপেয়ীয়ে প্ৰথমবাৰৰ বাবে ১৩টা দলক লৈ ৫ বছৰৰ বাবে চৰকাৰ চলাইছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় “মিত্ৰজোঁটৰ চৰকাৰ চলাবলৈ হ’লে ৰাজনৈতিক নেতাসকলৰ সহনশীলতাৰ প্ৰয়োজন, তেতিয়া মিত্ৰজোঁট সফল হয় আৰু ৰাইজো উপকৃত হয়।”

আনহাতে, ভাষণ প্ৰসংগতে তেওঁৰ নিজৰ দৃষ্টিভংগি দাঙি ধৰি উক্ত গ্ৰন্থ উন্মোচনী সভাত কয় “ৰাজ্যখনৰ যিবোৰ ডাঙৰ সমস্যা, সেইবোৰৰ ক্ষেত্ৰত আটাইকেইটা দলৰ মন্ত্ৰী-বিধায়কসকল লগ-লাগি আলোচনা কৰিব লাগে। ৰাজনৈতিকভাৱে জয় আৰু পৰাজয়ৰ কথা ভাবিয়েই এইবিলাক কথাৰ পৰা  আমি বিৰত থাকো।”

ইয়াৰোপৰি তেওঁ কয়, “দেশৰ ৰাষ্ট্ৰপতি নাইবা ৰাজ্যৰ ৰাজ্যপালে নিজৰ ভাষণ নপঢ়ে, চৰকাৰে প্ৰস্তুত কৰি দিয়া ভাষণটো পঢ়ে। কিন্তু তাৰ পাছতো ৰাজ্যপালৰ ভাষণৰ সময়তে বিৰোধী দলসমূহে বিৰোধ কৰা আৰম্ভ কৰে।”

“বিৰোধী হৈ থাকিলে বিৰোধ কৰাটো আমাৰ ধৰ্ম, শাসনত থকাসকলে ভাবে, ‘আমি যিটো ভাবিছো, বিৰোধীয়ে তেনেকৈয়ে মানি ল’ব লাগিব।‘ এই কথাবিলাকে প্ৰমাণ কৰে আমাৰ মাজত উদাৰতাৰ অভাৱ আছে।” এইদৰে ভাষণ প্ৰসংগতে উল্লেখ কৰে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে।

তেওঁ লগতে কয়, “ভাৰতীয় ৰাজনীতিত মিত্ৰজোঁট ক্ষমতাৰ বাবে হয় নে উমৈহতীয়াভাৱে কাৰ্য্যসূচী হাতত লোৱাৰ পিছত হয়। এইটো এটা ডাঙৰ প্ৰশ্ন।”

আনহাতে, জনপ্ৰতিনিধি হিচাপে বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ইমান ব্যস্ততাৰ মাজতো উক্ত গ্ৰন্থখন লিখি উলিওৱা বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে বিধান সভাৰ অধ্যক্ষগৰাকীয়ে।

তদুপৰি, বিশিষ্ট সাহিত্যিক প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ মতে পুৱতি নিশাৰ সময়ছোৱা অধ্যয়ন তথা লেখা-মেলাৰ বাবে উত্তম সময় বুলি উক্ত গ্ৰন্থ উন্মোচনী সভাত জানিবলৈ দিয়ে। তেওঁ কয় “পুৱাৰ সময়খিনিত ভাল চিন্তাৰ উদয় হয় আৰু ভাল লেখাৰ বাবে পুৱাৰ সময়ভাগেই উত্তম।”

আনহাতে, উক্ত গ্ৰন্থখনে গৱেষণাৰ এটা বাট মুকলি কৰি দিব বুলিও হিতেন্দ্ৰ নাথ গোস্বামীয়ে আশা ব্যক্ত কৰে। তেওঁ কয়, ‘’গ্ৰন্থখনত উল্লেখ থকা অনুসৰি ১৯৩৭ চনত ১১খন প্ৰদেশৰ ভিতৰত ৩খনত মিত্ৰজোঁটৰ চৰকাৰ আছিল। কি পৰিস্থিতিত তিনিখন ৰাজ্যত মিত্ৰজোঁট হৈছিল অথবা সেই মিত্ৰজোঁটে স্থায়িত্ব লাভ কৰিব পাৰিলেনে নাই, নাইবা কিয় স্থায়িত্ব লাভ কৰিব নোৱাৰিলে সেই কথাবোৰ বিশ্লেষণ কৰিব পাৰিব লাগিব।”

ইয়াৰোপৰি তেওঁ কিতাপখনৰ কদৰৰ কথাত কয় “আমাৰ নিচিনা ৰাজনীতি কৰি থকা মানুহখিনিৰ কাৰণে এইখন অতি দৰকাৰী পুথি। কিন্তু স্বৰাজোত্তৰ কালত কি পৰিস্থিতিত পৰি মিত্ৰজোঁটৰ চৰকাৰ হৈছিল, কিমানদিনৰ স্থায়িত্ব আছিল তাৰ বিশ্লেষণ যদি ভালকৈ থাকিলহেঁতেন তেন্তে নিশ্চয়কৈ গ্ৰন্থখন পঢ়ি সাধাৰণ পাঠকসকলে ৰস পালেহেঁতেন, এতিয়া পাঠকসকলৰ মাজত কিছুমান প্ৰশ্নবোধক থাকি যাব।”

আনহাতে, গ্ৰন্থখনৰ লেখকৰ দুআষাৰত উল্লেখ থকা ‘পুথিখন নিৰস, ৰাজনীতিৰ প্ৰতি আকৰ্ষণ নথকা সকলে পঢ়ি আমেজ নাপাব আৰু এটা তথ্যৰ লগত আন এটা তথ্যৰ অমিলৰ বাবে পুথিখনত কিবা আসোঁৱাহ ৰৈ যাব পাৰে’ উক্ত কথাকেইটাৰ প্ৰসংগ দাঙি ধৰি হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয়, “আপুনি সাহসেৰে এই তিনিটা কথা লিখি দিয়াৰ পৰা অনুভৱ কৰিছো ভৱিষ্যতে আপুনি এজন ভাল লেখক হ’ব পাৰিব। নিজৰ দোষ নুলুকুওৱাই সকলোখিনি প্ৰকাশ কৰিব পৰাটোৱেই ভাল লেখকৰ গুণ।”

উল্লেখ্য যে, লেখক তথা বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ গ্ৰন্থখনত ওপৰোক্ত কথাকেইটা উল্লেখ কৰাৰ সাহসৰ বাবে বিধান সভাৰ অধ্যক্ষগৰাকীয়ে তেওঁক ভাষণ প্ৰসংগতে ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে, উক্ত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে ৰাজনৈতিক প্ৰেক্ষাপটত গ্ৰন্থখনৰ অধিক প্ৰয়োজনীয়তা আছে বুলি কোৱাৰ উপৰিও গ্ৰন্থখন লিখি উলিওৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, নাওবৈচাৰ বিধায়কগৰাকীৰ এইখন সপ্তম গ্ৰন্থ। তেওঁৰ পূৰ্বৰ প্ৰকাশিত গ্ৰন্থসমূহ ক্ৰমে- ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহ, কাশ্মীৰ সমস্যাৰ সমাধান সম্ভৱ, কংগ্ৰেছ(ই)য়ে যিবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব, অসমৰ ৰাজনীতিত ধৰ্মীয় সংখ্যালঘু : আবিৰ্ভাৱ আৰু প্ৰভাৱ, ৰাজনীতিত তাল-মিল, অসম বিধানসভাত প্ৰশ্নোত্তৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd