• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইদৰে আমি মিত্ৰতাত থাকিব নোৱাৰিম : অগপৰ সভাপতি অতুল বৰা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 4, 2018 8:46 pm
AGP Meeting

আজি অনুষ্ঠিত অসম গণ পৰিষদৰ পশ্চিম গুৱাহাটী দলীয় কৰ্মীসভাৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পাছৰ পৰা বিজেপিৰ বিভিন্ন কামকাজ আৰু স্থিতিক লৈ মিত্ৰদল অসম গণ পৰিষদৰ অসন্তুষ্টি জনসাধাৰণৰ চকুত পৰি আহিছে।

বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক, বৃহৎ নদীবান্ধ আদি বিষয় লৈ বিজেপিৰে ব্যৱধান আছে অসম গণ পৰিষদ দলটোৰ। আৰু মাজে মাজে সেয়া তেওঁলোকৰ বক্তব্যত আওপকীয়াকৈ প্ৰকাশ পাই আহিছে। কিন্তু লাহে লাহে মিত্ৰতাক লৈ এই অসন্তুষ্টি মুকলিকৈ প্ৰকাশ কৰিবলৈ ধৰিছে অগপৰ শীৰ্ষ নেতৃত্বয়ো। আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিকভাৱে এয়া অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

Apply Now

মঙলবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত আই চি এ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত অসম গণ পৰিষদৰ পশ্চিম গুৱাহাটী দলীয় কৰ্মী সভাত ভাষণ প্ৰদান কৰি আজি বিজেপিৰ বিৰুদ্ধে সৰৱ হয় অগপৰ বহুকেইজন শীৰ্ষ নেতা-কৰ্মী।

বিজেপিৰ পৰা পাব লগীয়া মৰ্যাদা নোপোৱাৰ অভিযোগ আনিলে স্বয়ং অগপৰ সভাপতি তথা মিত্ৰজোঁট চৰকাৰখনৰ মন্ত্ৰী অতুল বৰাই।

“আমি চৰকাৰৰ অংশীদাৰ হৈ থকাৰ পাছতো আমাৰ কৰ্মীসকলে সেই সন্মান লাভ কৰা নাই। মিত্ৰতাত থাকি আমি অৱহেলিত হৈছো”, দলৰ সভাপতি অতুল বৰাই কয়।

কেৱল ইমানেই নহয়, এনেকৈ দীঘলীয়া সময় মিত্ৰতাত থাকিব নোৱাৰিব বুলিও মন্তব্য প্ৰকাশ কৰে সভাপতিগৰাকীয়ে।

একেই অসন্তুষ্টি মন্ত্ৰী তথা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰো। কেশৱ মহন্তই কয়, “আমাৰ বিধায়ক নথকা সমষ্টিলৈ গ’লে আমাক গুৰুত্ব নিদিয়ে। আমি চৰকাৰৰ অংশীদাৰ হোৱাৰ পাছতো আমাক এনেদৰে অৱহেলা কৰে।”

তেওঁ লগতে দলক শক্তিশালী কৰি আগ বঢ়ি যোৱাৰ প্ৰয়োজনৰ বিষয়ে কৈ পঞ্চায়ত, পৌৰ নিগম আৰু লোকসভাৰ নিৰ্বাচনত ভাল ফলাফল দেখুৱাব লাগিব বুলি মন্তব্য কৰে। তেওঁ কয়, “পঞ্চায়তৰ ক্ষেত্ৰত আমাৰ দখল ৰাখিব লাগিব। আমি সদায় আনৰ লগত আগ বাঢ়ি যাম বুলি নাভাবিব।”

এই সভাতেই বিজেপিৰে মিত্ৰতা ৰক্ষা কৰাৰ ফলত অগপ কৰ্মীৰ হোৱা তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ কথা দোহাৰে দলটোৰ পশ্চিম গুৱাহাটী কমিটীৰ কাৰ্যকৰী সভাপতি জিতেন ডেকাই।

ডেকাই কয়, “বিধান সভা নিৰ্বাচনত জয়ী হৈ অসমত চৰকাৰ কৰিবলৈহে বিজেপিয়ে আমাৰ লগত মিত্ৰতা কৰিলে। এতিয়া তেওঁলোকে আমাৰ কৰ্মীক কোনো ধৰণৰ সহায় নকৰে। নামতহে আমাৰ লগত মিত্ৰতাত আছে, কিন্তু বিজেপিৰ মন্ত্ৰীসকলেও আমাক গুৰুত্ব নিদিয়ে।”

তেওঁ লগতে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰতি পালনত ব্যৰ্থ হোৱা সন্দৰ্ভতো সৰৱ হয়।

অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো অগপৰ প্ৰতি বিজেপিৰ অৱহেলাৰ প্ৰসংগ উত্থাপন কৰে। সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক কলিতাই নিকায়-নিগম আৰু ব’ৰ্ডসমূহৰ অধ্যক্ষ, উপাধ্যক্ষ আদি পদত অগপই মনোনীত কৰা প্ৰাৰ্থীক বেছিভাগতে নাকচ কৰাৰ বাবে কৰ্মীসকল ক্ষুভিত হোৱা বুলিও তেওঁ মন্তব্য কৰে। লগতে এনে ধৰণৰ অৱহেলা চলি থাকিলে অগপই এটা চূড়ান্ত সিদ্ধান্ত ল’ব লাগিব বুলিও কয়।

সমাগত পঞ্চায়ত আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ এই সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী বিৰাজ কুমাৰ শৰ্মা, ডাঃ কমলাকান্ত কলিতা মন্ত্ৰী ফণীভূষণ চৌধুৰী প্ৰমুখ্যে ভালেসংখ্যক শীৰ্ষ নেতা উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd