• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বিভিন্ন স্থানত উলহ-মালহেৰে শিক্ষক দিৱস পালন, কৃতী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন

ৰিনয় বসুমতাৰী/কাজি জেইদুল ইছলাম/মিণ্টু দাস/মানস প্ৰতীম গগৈ/দীপক কুমাৰ পাঠক/মণিমালা বৰা by ৰিনয় বসুমতাৰী/কাজি জেইদুল ইছলাম/মিণ্টু দাস/মানস প্ৰতীম গগৈ/দীপক কুমাৰ পাঠক/মণিমালা বৰা
September 5, 2018 9:05 pm
tamulpur

তামুলপুৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথৰ বাতৰি: আজি ৫ ছেপ্টেম্বৰ দিনটো  ভাৰতবৰ্ষ তথা ৰাজ্য খনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে  বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত  উলহ মালহেৰে শিক্ষক দিৱস উদযাপন কৰা হয়।

৫৭ সংখ্যক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্বনাথৰ ৩১ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক এখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন  কৰা হয়।

Apply Now

তামুলপুৰৰ বাতৰি:  বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত আজি দিনজোৰা কাৰ্যসূচীৰেশিক্ষক দিৱস উদযাপন কৰাৰ বাতৰি আহিছে। শিক্ষক দিৱস উপলক্ষে নাগ্ৰীজুলিৰ ঐতিহ্যমণ্ডিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন বড়োৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলৰ উপৰিও অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুভাষ চন্দ্ৰ দাস, অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক সুৰেশ ব্ৰহ্ম, অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক আনন্দ বড়ো, অৱসৰপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হৰিণ বৰ্মনক গামোচা, আৰণাই, কলম আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুভাষ চন্দ্ৰ দাস, আনন্দ চন্দ্ৰ বড়ো, বিদ্যালয় খনৰ জেষ্ঠ্য শিক্ষক হিৰেন্দ্ৰ নাৰ্জাৰীকে আদি কৰি কেইবা গৰাকী শিক্ষকে ভাষণ ৰাখি শিক্ষক দিৱসৰ তাৎপৰ্য বাখ্যা কৰে আৰু ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰে।

40c21c15-5df1-4885-a149-75cf46c61dec
নগাঁও

নগাঁৱৰ বাতৰি:  সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোত  সমগ্র দেশজুৰি পালন কৰা শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি নগাঁৱতো ৫৭ তম শিক্ষক দিৱস দিনজোৰা কাৰ্যক্ৰমণিকাৰে পালন কৰা হয়। নগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগ আৰু শিক্ষক সংগঠনসমূহৰ সহযোগত  আয়োজিত এই দিৱস নগাঁও জিলা পুথিভঁ‌ৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত  নগাঁও জিলা সংমণ্ডলৰ  বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নেওগে উদ্বোধনী ভাষণ প্ৰদান কৰি উপস্থিত শিক্ষকসকলক আদৰণি জনায়। শ্ৰী মন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ  কন্দৰ্প কুমাৰ ডেকাই  নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি  শিক্ষাদানৰ দৰে এটা মহান কৰ্মত আত্মনিয়োগ কৰা শিক্ষা গুৰুসকলৰ শলাগ লোৱাৰ লগতে শিক্ষকসকলক অধ্যয়নৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়।

কোকৰাঝাৰৰ বাতৰি: বিটিচিৰ শিক্ষা বিভাগে কোকৰাঝাৰৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত আজি আয়োজন কৰে শিক্ষক দিৱসৰ। এই সভাত উপস্থিত থাকি বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী, অসমৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম আদিয়ে শিক্ষক দিৱসৰ সভাত নিজৰ নিজৰ ভাষণ ৰাখে।

আজি  শিক্ষক দিৱসৰ পালনৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰৰ ৭৬খন প্ৰাখথমিক, ২৬খন মজলীয়া, ৫০খন উচ্চ ইংৰাজী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ১৪৩ গৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। প্ৰতিগৰাকী শিক্ষককে নগদ ১০০০টকা, এখোখনকৈ মনপত্ৰ আৰু আৰনাইৰে সন্মান জনোৱা হয়। আনহাতে উন্নত ফলাফল দেখুওৱা ৪গৰাকী প্ৰাথমিক, ২গৰাকী মধ্য ইংৰাজী, ৩গৰাকী উচ্চ ইংৰাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকক ৫০০০টকা, মানপত্ৰ আৰু আৰনাইৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

margherita
মাৰ্ঘেৰিটা

মাৰ্ঘেৰিটাৰ বাতৰি:  মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভা গৃহত আজি শিক্ষক দিৱস উদযাপন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ শিশু আই মাতৃ বিকাশ মঞ্চ, মাকুম কিল্লাৰ উদ্যোগত সপ্তম বৰ্ষৰ বাবে আয়োজিত শিক্ষক দিৱসৰ কাৰ্য্যসূচীত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়। মাৰ্ঘেৰিটা জেষ্ঠ নাগৰিক সন্থাৰ সভাপতি চুচেন শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আঁত ধৰে উদ্যোক্তা সংগঠনৰ  সভাপতি কেশধৰ দিহিঙীয়াই। কৃতী শিক্ষয়িত্ৰী মনি বৰুৱা , কবি নিবেদিতা তামুলী আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত চুড়াগিৰি , প্ৰনৱ গগৈ , তুনু গগৈ , নৃপেন ৰয় , ৰঞ্জু বৰুৱা , জুলি চেতিয়া , ৰুনু বৰকাকতী , বিনু শৰ্মা আদি সোতৰ গৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয় । আৰম্ভণিতে বাল্য ভৱনৰ ছাত্ৰী সকলে সমবেত সংগীত পৰিবেশন কৰে।

তেজপুৰৰ বাতৰি: তেজপুৰ চহৰৰ বিভিন্ন বিদ্যালয় সমূহৰ লগতে চহৰৰ একেবাৰে মাজমজিয়াতে অৱস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান শোণিতপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলে আজি জাক-জমকতাৰে শিক্ষক দিৱস উদযাপন কৰে।শিক্ষক দিৱস উপলক্ষে ছাত্ৰ -ছাত্ৰীসকলে এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।এই অনুষ্ঠানৰ আৰম্ভণিতে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে বিদ্যালয় ৰ পৰিচালনা সমিতিৰ সভাপতি উপেন শৰ্মাই আৰু অধ্যক্ষ ,শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ -ছাত্ৰী সকলে পুষ্পাঞ্জলী অৰ্পণ কৰি অনুষ্ঠানৰ সুভাৰম্ভ কৰে। ইয়াৰ পিছত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক বিদ্যালয়ৰে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে  গামোচা পিন্ধাই চৰণ স্পৰ্শ কৰি বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ হৈ শ্ৰদ্ধা নিবেদন কৰি আশীষ লয়।

ৰিনয় বসুমতাৰী/কাজি জেইদুল ইছলাম/মিণ্টু দাস/মানস প্ৰতীম গগৈ/দীপক কুমাৰ পাঠক/মণিমালা বৰা

ৰিনয় বসুমতাৰী/কাজি জেইদুল ইছলাম/মিণ্টু দাস/মানস প্ৰতীম গগৈ/দীপক কুমাৰ পাঠক/মণিমালা বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd