বিশ্বনাথৰ বাতৰি: আজি ৫ ছেপ্টেম্বৰ দিনটো ভাৰতবৰ্ষ তথা ৰাজ্য খনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উলহ মালহেৰে শিক্ষক দিৱস উদযাপন কৰা হয়।
৫৭ সংখ্যক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্বনাথৰ ৩১ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক এখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
তামুলপুৰৰ বাতৰি: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত আজি দিনজোৰা কাৰ্যসূচীৰেশিক্ষক দিৱস উদযাপন কৰাৰ বাতৰি আহিছে। শিক্ষক দিৱস উপলক্ষে নাগ্ৰীজুলিৰ ঐতিহ্যমণ্ডিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন বড়োৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলৰ উপৰিও অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুভাষ চন্দ্ৰ দাস, অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক সুৰেশ ব্ৰহ্ম, অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক আনন্দ বড়ো, অৱসৰপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হৰিণ বৰ্মনক গামোচা, আৰণাই, কলম আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুভাষ চন্দ্ৰ দাস, আনন্দ চন্দ্ৰ বড়ো, বিদ্যালয় খনৰ জেষ্ঠ্য শিক্ষক হিৰেন্দ্ৰ নাৰ্জাৰীকে আদি কৰি কেইবা গৰাকী শিক্ষকে ভাষণ ৰাখি শিক্ষক দিৱসৰ তাৎপৰ্য বাখ্যা কৰে আৰু ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰে।
নগাঁৱৰ বাতৰি: সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোত সমগ্র দেশজুৰি পালন কৰা শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি নগাঁৱতো ৫৭ তম শিক্ষক দিৱস দিনজোৰা কাৰ্যক্ৰমণিকাৰে পালন কৰা হয়। নগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগ আৰু শিক্ষক সংগঠনসমূহৰ সহযোগত আয়োজিত এই দিৱস নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নেওগে উদ্বোধনী ভাষণ প্ৰদান কৰি উপস্থিত শিক্ষকসকলক আদৰণি জনায়। শ্ৰী মন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিক্ষাদানৰ দৰে এটা মহান কৰ্মত আত্মনিয়োগ কৰা শিক্ষা গুৰুসকলৰ শলাগ লোৱাৰ লগতে শিক্ষকসকলক অধ্যয়নৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়।
কোকৰাঝাৰৰ বাতৰি: বিটিচিৰ শিক্ষা বিভাগে কোকৰাঝাৰৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত আজি আয়োজন কৰে শিক্ষক দিৱসৰ। এই সভাত উপস্থিত থাকি বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী, অসমৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম আদিয়ে শিক্ষক দিৱসৰ সভাত নিজৰ নিজৰ ভাষণ ৰাখে।
আজি শিক্ষক দিৱসৰ পালনৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰৰ ৭৬খন প্ৰাখথমিক, ২৬খন মজলীয়া, ৫০খন উচ্চ ইংৰাজী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ১৪৩ গৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। প্ৰতিগৰাকী শিক্ষককে নগদ ১০০০টকা, এখোখনকৈ মনপত্ৰ আৰু আৰনাইৰে সন্মান জনোৱা হয়। আনহাতে উন্নত ফলাফল দেখুওৱা ৪গৰাকী প্ৰাথমিক, ২গৰাকী মধ্য ইংৰাজী, ৩গৰাকী উচ্চ ইংৰাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকক ৫০০০টকা, মানপত্ৰ আৰু আৰনাইৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
মাৰ্ঘেৰিটাৰ বাতৰি: মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভা গৃহত আজি শিক্ষক দিৱস উদযাপন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ শিশু আই মাতৃ বিকাশ মঞ্চ, মাকুম কিল্লাৰ উদ্যোগত সপ্তম বৰ্ষৰ বাবে আয়োজিত শিক্ষক দিৱসৰ কাৰ্য্যসূচীত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়। মাৰ্ঘেৰিটা জেষ্ঠ নাগৰিক সন্থাৰ সভাপতি চুচেন শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আঁত ধৰে উদ্যোক্তা সংগঠনৰ সভাপতি কেশধৰ দিহিঙীয়াই। কৃতী শিক্ষয়িত্ৰী মনি বৰুৱা , কবি নিবেদিতা তামুলী আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত চুড়াগিৰি , প্ৰনৱ গগৈ , তুনু গগৈ , নৃপেন ৰয় , ৰঞ্জু বৰুৱা , জুলি চেতিয়া , ৰুনু বৰকাকতী , বিনু শৰ্মা আদি সোতৰ গৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয় । আৰম্ভণিতে বাল্য ভৱনৰ ছাত্ৰী সকলে সমবেত সংগীত পৰিবেশন কৰে।
তেজপুৰৰ বাতৰি: তেজপুৰ চহৰৰ বিভিন্ন বিদ্যালয় সমূহৰ লগতে চহৰৰ একেবাৰে মাজমজিয়াতে অৱস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান শোণিতপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলে আজি জাক-জমকতাৰে শিক্ষক দিৱস উদযাপন কৰে।শিক্ষক দিৱস উপলক্ষে ছাত্ৰ -ছাত্ৰীসকলে এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।এই অনুষ্ঠানৰ আৰম্ভণিতে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে বিদ্যালয় ৰ পৰিচালনা সমিতিৰ সভাপতি উপেন শৰ্মাই আৰু অধ্যক্ষ ,শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ -ছাত্ৰী সকলে পুষ্পাঞ্জলী অৰ্পণ কৰি অনুষ্ঠানৰ সুভাৰম্ভ কৰে। ইয়াৰ পিছত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক বিদ্যালয়ৰে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে গামোচা পিন্ধাই চৰণ স্পৰ্শ কৰি বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ হৈ শ্ৰদ্ধা নিবেদন কৰি আশীষ লয়।