নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চামগুৰি তিনি আলিৰ এটা খালত বুধবাৰে নিশা এডাল অজগৰ সাপ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে বুধবাৰে নিশা প্ৰায় ১২ বজাত চামগুৰি তিনি আলিৰ এটা খালত থকা অজগৰ সাপ এডাল পাৰলৈ উঠি অহা কেইজনমান স্থানীয় লোকে প্ৰত্যক্ষ কৰাত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
পিছত চামগুৰি হাঁহচৰা গাঁৱৰ কৃষ্ণ দাস নামৰ লোক জন ঘটনাস্থলীত উপস্থিত হৈ অজগৰটো কৌশলেৰে কৰায়ত্ত কৰে।
পৰৱৰ্তী সময়ত স্থানীয় লোকে শালনা আঞ্চলিক বন কাৰ্যালয়ত খবৰ দিয়াত শালনাৰ পৰা যোৱা এটা বনকৰ্মী দল ঘটনাস্থলীত উপস্থিত হৈ উক্ত অজগৰডাল স্থানীয় লোকৰ পৰা চমজি লয়।
পিছত বন বিভাগে অজগৰডাল ছোৱাং সংৰক্ষিত বনাঞ্চলৰ সাপেখাতী অঞ্চলত মুকলি কৰি দিয়ে বুলি বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। লগতে বন বিভাগৰ লোকে উদ্ধাৰ কৰা অজগৰডালৰ ওজন প্ৰায় ১২ কে জি হ’ব বুলিও জানিব পৰা গৈছে।