গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত বুধবাৰে সংঘটিত নাও দুৰ্ঘটনাত কটন বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ লগতে বহুকেইজন লোকে প্ৰাণ হেৰুওৱাৰ পাছত আজি কটন আৰু সন্দিকৈ কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে জল পৰিবহণ বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
দুয়োখন শিক্ষানুষ্ঠানুৰে ছাত্ৰ-ছাত্ৰীয়ে কটন বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ছাত্ৰ-ছাত্ৰীসকলে জলপথ যাতায়াত ব্যৱস্থা উপযুক্ত কৰাৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদানৰ বাবে আহিছিল যদিও প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে উপায়ুক্তক লগ নোপোৱাত পৰিবহন মন্ত্ৰী মূৰ্দাবাদ, বিজেপি চৰকাৰ মূৰ্দাবাদ আদি শ্লোগানেৰে ৰাজপথৰ ওপৰত বহি পৰিৱেশ উত্তাল কৰি তোলে।
ইফালে প্ৰতিবাদকাৰীসকলৰ প্ৰতিবাদত শ শ যান বাহন আবদ্ধ হৈ পৰাত যান-বাহন আৰক্ষীৰ সৈতে ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ বাক-বিতণ্ডাতো লিপ্ত হোৱা দেখা যায়।
ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আলোচনা কৰিবলৈ এজন অতিৰিক্ত উপায়ুক্ত প্ৰতিবাদস্থলীলৈ আহে যদিও ছাত্ৰ-ছাত্ৰীসকলে অতিৰিক্ত উপায়ুক্তৰ লগত আলোচনা কৰিবলৈ অমান্তি হয়।
উল্লেখযোগ্য যে প্ৰায় এঘণ্টা প্ৰতিবাদৰ অন্তত কটন বিশ্ববিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলৰ লগত আজি সন্ধিয়া প্ৰায় ৫.৩০ বজাত উপায়ুক্তৰ সৈতে আলোচনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন স্থগিত ৰাখে।
ইফালে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে উপায়ুক্তৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পৰিবহন মন্ত্ৰীলৈ প্ৰেৰণ কৰিবলগীয়া স্মাৰকপত্ৰৰ কপি আমাৰ হাতত পৰিছে। ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিবলগীয়া তেওঁলোকৰ মূল দাবী সমূহ হ’ল ৫ ছেপ্তেম্বৰত সংঘটিত নাও দুৰ্ঘটনা আৰু জলপৰিবহণ বিভাগৰ বিৰুদ্ধে তাৎক্ষণিক তদন্তৰ ব্যৱস্থা কৰা, ভুটভুটীৰ পৰিৱৰ্তে উচ্চ মানসম্পন্ন নিয়মীয়া ফেৰী চলাচলৰ ব্যৱস্থা কৰা, শিক্ষানুষ্ঠানলৈ অহা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰেহাইসহ বিশেষ ফেৰীৰ ব্যৱস্থা কৰা, ইয়াৰ উপৰি গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানলৈ অহা ছাত্ৰ-ছাত্ৰীৰ বাবে বিকল্প স্থল পৰিবহণ ব্যৱস্থা হিচাপে বিশেষ বাছ সেৱাৰ প্ৰৱৰ্তন কৰা।