• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰিদিন ধৰি ১০৮ আৰু ১০২ স্বাস্থ্যসেৱা অচল, তাৰ পিছতো জি ভি কেক প্ৰশ্ন কৰিবলৈ হিমন্তৰ সাহস নাই কিয়? : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 8, 2018 8:08 pm
নিয়োজিত কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ কাষত কৃষক মুক্তিৰ নেতা অখিল গগৈ। ৮ ছেপ্তেম্বৰত।

নিয়োজিত কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ কাষত কৃষক মুক্তিৰ নেতা অখিল গগৈ। ৮ ছেপ্তেম্বৰত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰিদিন ধৰি ১০৮ আৰু ১০২ জৰুৰীকালীন স্বাস্থ্যসেৱা অচল কৰি এই সেৱাত নিয়োজিত কৰ্মচাৰীসকলে কৰি থকা প্ৰতিবাদৰ কাষত আজি থিয় দিলে কৃষক মুক্তিৰ নেতা অখিল গগৈ। আজিৰ প্ৰতিবাদস্থলীত উপস্থিত থাকি অখিল গগৈয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয়। “চাৰিদিন ধৰি ১০৮ আৰু ১০২ গাড়ী অচল হৈ থকাৰ পাছতো দক্ষ স্বাস্থ্য মন্ত্ৰী হিমন্তই জি ভি কে কৰ্তৃপক্ষক প্ৰশ্ন কৰিবলৈ সাহস কৰা নাই কিয়?” এইবুলি মন্ত্ৰীজনক পোনপটীয়া প্ৰশ্ন কৰে কৃষক মুক্তিৰ নেতাজনে।

উল্লেখযোগ্য যে যোৱা ৫ ছেপ্তেম্বৰৰ পৰা ১০৮ আৰু ১০২ আৰু ই আৰ অ’ কৰ্মচাৰী সন্থাই লখৰাস্থিত জি ভি কে-ই এম আৰ আইৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰি আছে।

Apply Now

তেওঁ লগতে হিমন্তক প্ৰশ্ন কৰি কয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জি ভি কেৰ লগত বুজাবুজি কৰি বাহিৰৰ মানুহক নিয়োগ কৰি থলুৱা যুৱক-যুৱতীসকলক ভাবুকি প্ৰদান কৰিব খুজিছে কিয়? তেওঁ দক্ষ মন্ত্ৰীজনক এই প্ৰশ্নৰ উত্তৰ দিবলৈ আহ্বান জনায়।

কৃষক নেতাগৰাকীয়ে লগতে কয়, “যদি হিমন্ত বিশ্ব শৰ্মাই জি ভি কেৰ পৰা কমিশ্যন লোৱা নাই, তেন্তে জি ভি কে কৰ্তৃপক্ষক এটা ধমক দিয়াৰ সাহস কৰিব পৰা নাই কিয়?”

আনহাতে, ২৪ ঘণ্টাৰ ভিতৰত যাতে কৰ্মচাৰীসকলে কাম কৰিবলৈ ঘূৰি যাব পাৰে, তাৰ বাবে দৰমহা বৃদ্ধি কৰি তথা কামৰ সময় নিৰ্ধাৰণ কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীক দাবী তোলাৰ লগতে কয়, “যদি কৰ্মচাৰীসকলে ৮ ঘণ্টাৰ সলনি ১২ ঘণ্টা কাম কৰিব লাগে, তেন্তে তেওঁলোকক দুগুণ দৰমহা প্ৰদান কৰিব লাগে।

ইয়াৰোপৰি কৃষক নেতাজনে উক্ত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিবৰ বাবে আহ্বান জনাই কয় “কৰ্মচাৰীসকলে দাবী কৰা দৰমহাৰ বাৰ্ষিক বৃদ্ধিও কৰ্তৃপক্ষই প্ৰদান কৰিব লাগে।”

উল্লেখযোগ্য যে প্ৰতিবাদকাৰী কৰ্মচাৰীসকলক জি ভি কে (ই এম আৰ আই) কৰ্তৃপক্ষই ২৪ ঘণ্টাৰ ভিতৰত অৱস্থান ধৰ্মঘট পৰিহাৰ কৰি কৰ্তব্য পালন কৰিবলৈ সকীয়নি দিয়াৰ উপৰি ধৰ্ণা পৰিহাৰ নকৰিলে কৰ্মচাৰীসকলৰ ঠাইত অন্য ৩০০০ প্ৰাৰ্থীক নতুনকৈ নিযুক্তি দিয়া হ’ব বুলিও সকীয়নি দিছিল।

জি ভি কে কৰ্তৃপক্ষৰ এই সকীয়নিৰ পাছতেই তেওঁলোকৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ।

উক্ত প্ৰতিবাদস্থলীত উপস্থিত হৈ কৃষক নেতাগৰাকীয়ে জি ভি কে কৰ্তৃপক্ষ আৰু  চৰকাৰক প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ মানি ল’বৰ বাবে আহ্বান জনায়। তেওঁ লগতে কয় যে যদি দাবীসমূহ কৰ্তৃপক্ষই মানি নলয় তেন্তে জি ভি কেক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে।

তেওঁ লগতে ১০৮ আৰু ১০২ জৰুৰীকালীন স্বাস্থ্যসেৱাৰ কৰ্মচাৰীসকলৰ কষ্টৰ বিষয়ে স্বীকাৰ কৰি ভাষণ প্ৰসংগত কয়, “জৰুৰীকালীন অৱস্থাত যদি এওঁলোক ঘটনাস্থলীত উপস্থিত হওঁতে ২-৩ মিনিতো পলম হয়, তেন্তে এওঁলোকৰ জীৱনটোৱে ৰিস্কি হৈ পৰে। গাঁৱৰ ৰাইজে প্ৰহাৰ কৰিবলৈ খেদি আহে।”

আনহাতে এনেদৰে প্ৰত্যাহ্বান গ্ৰহণ কৰা কৰ্মচাৰীসকলক যদি পৰিয়ালটো চলাব পৰাকৈ ন্যূনতম দৰমহা নিদিয়ে, তেন্তে উক্ত কৰ্মচাৰীসকলে কেনেকৈ পৰিয়াল পোহপাল দিব পাৰিব বুলিও কৃষক নেতাগৰাকীয়ে প্ৰশ্ন কৰে।

উল্লেখ্য যে, উক্ত প্ৰতিবাদস্থলীতে জি ভি কেৰ অসমৰ তত্ত্বাৱধায়ক সঞ্জয় ঝাক উদ্দেশ্যি অখিল গগৈয়ে কয়, “আপুনি এই কৰ্মচাৰীসকলক ৯৫০০-ৰ পৰা ১২০০০ টকা দৰমহা দিয়ে, মই আপোনাক প্ৰত্যাহ্বান দিছো, আপোনাক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ ১০ হাজাৰ টকা মাহে দিম, আপুনি পৰিয়াল পোহপাল দি দেখুৱাওক।”

আনহাতে এখন ১০৮ বা ১০২ গাড়ীৰ বাবদ ৬জনকৈ কৰ্মচাৰী নিয়োগ কৰিব লাগে বুলি দাবী কৰি কৃষক নেতাগৰাকীয়ে কয় যে বৰ্তমান এখন গাড়ীৰ বাবদ ৩জন, ২জন বা ৪জনকহে নিয়োগ কৰি ৰখা হৈছে। তেওঁ লগতে সন্দেহ প্ৰকাশ কৰি কয় ৬জনক নিযুক্তি দিয়া বুলি দেখুৱাই তেওঁলোকে আনসকল কৰ্মচাৰীৰ দৰমহাৰ ধন আত্মসাৎ কৰি আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd