• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমাজ কল্যাণ বিভাগৰ অন্য এক দুৰ্নীতি! এ পি এছ চিৰ পৰীক্ষাত নবহাকৈ হৈ আছে সমাজ কল্যাণ বিভাগৰ বিষয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 8, 2018 11:15 pm
Dulal Bora

৮ ছেপ্তেম্বৰত সমাজকল্যাণ বিভাগৰ দুৰ্নীতি ফাদিল কৰি সংবাদমেলত দুলাল বৰা।

295
VIEWS
Share on FacebookShare on Twitter

সমাজ কল্যাণ বিভাগৰ দুৰ্নীতিৰ সৈতে জড়িত হৈ ইতিমধ্যে বহুকেইজন বিষয়া-কৰ্মচাৰী ৰঙাঘৰৰ আলহী হৈ থকাৰ সময়তে উক্ত বিভাগৰে আন কেতবোৰ চাঞ্চল্যকৰ অনিয়ম পোহৰলৈ আহিছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ বৰ্তমানেও সমাজ কল্যাণ বিভাগৰ উচ্চ পদত বহি চাকৰি কৰি থকাৰ এক গুৰুতৰ অভিযোগ উঠিছে বহুকেইজন বিষয়াৰ বিৰুদ্ধে।

শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি আৰ টি আই কৰ্মী দুলাল বৰাই উক্ত খেলিমেলিৰ তথ্য দাঙি ধৰিছে।

উল্লেখ্য যে, কংগ্ৰেছ চৰকাৰৰ দিনত ২০১১ চনতে অসম লোকসেৱা আয়োগৰ দ্বাৰা নিৰ্বাচিত নকৰাকৈ ঠিকা ভিত্তিক কিছুসংখ্যক প্ৰাৰ্থীক চি ডি পি অ’ হিচাপে নিযুক্তি দিছিল।

দুলাল বৰাই দিয়া তথ্য মতে উক্ত নিযুক্তি প্ৰক্ৰিয়াত ২০জন প্ৰাথীক নিযুক্তি দিছিল যদিও বৰ্তমান ১৮গৰাকীয়ে চি ডি পি অ’ হিচাপে কাম কৰি আছে। তেওঁলোক ক্ৰমে : গুলছন আৰা জন্নত হুছেইন (গুৱাহাটী, মেট্ৰ’), হীৰেন দাস (দিচপুৰ), গুঞ্জলতা ৰাজবংশী (মধ্য গুৱাহাটী), হীৰা কাকতী ( নুনমাটি), নীলোৎপলা দাস বৰা (শুৱালকুছি), প্ৰাঞ্জল বৰা (সৰুক্ষেত্ৰী), জালাল উদ্দিন (চকচকা), লক্ষীপ্ৰসাদ বৰা (নগাওঁ), ভৱজ্যোতি শইকীয়া (লামডিং) অনিতা বসুমতাৰী (ছৈখোৱা), ৰূপনাথ দাওলাগাপু (হাৰংগাজাও), মনভালং চাজেম (নতুন চানবৰ), ইন্দ্ৰানী বৰঠাকুৰ (যোৰহাট), জুৰি ভট্টাচাৰ্য্য (ডিব্ৰুগড়), কমল শৰ্মা (ডিফু), অনুজ কুমাৰ ৰেগন (শিৱসাগৰ), সান্ত্বনা বৰুৱা (মুৰ্কংচেলক) আৰু প্ৰণৱ বৰা (তিতাবৰ)।

উল্লেখ্য যে, সংবাদমেলত দুলাল বৰাই কৰা অভিযোগ অনুসৰি সেই সময়ৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অকণ বৰা আৰু বিভাগীয় আয়ুক্ত সচিব হেমাংগ কিশোৰ শৰ্মা দুয়োজন মিলি নিজৰ মনৰ পচন্দৰ প্ৰাৰ্থী নিৰ্বাচিত কৰি নিযুক্তি প্ৰদান কৰিছিল আৰু এইক্ষেত্ৰত অসম লোকসেৱা আয়োগৰ মাধ্যমেৰে অহা নাছিল।

আনহাতে, তেওঁ সাংবাদিকক জানিবলৈ দিয়ে যে ঠিকাভিত্তিক নিযুক্তি লাভ কৰা উক্ত বিষয়াসকলে স্বাক্ষৰ কৰা চুক্তিপত্ৰত তেওঁলোকে দখল কৰা পদটো এবছৰৰ মূৰে মূৰে সম্প্ৰসাৰণ কৰা কথাটো কাৰ্য্যকৰী হোৱা নাই। সেয়েহে তেওঁলোকক পাৰ্ছনেল আৰু বিত্ত বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ বৈধ অনুমতি পত্ৰ প্ৰদান কৰা হোৱা নাই বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে।

আনহাতে, উক্ত বিষয়াসকলে ২০১৬ চনৰ পহিলা এপ্ৰিলৰ পৰাই চাকৰিৰ কাৰ্য্যকাল সম্প্ৰসাৰণ নোহোৱা বাবে দৰমহাৰ পৰা বঞ্চিত হৈ আছে আৰু চাকৰিৰ অনিশ্চয়তাত ভুগি আছে বুলি তেওঁ সংবাদ মেলত সদৰী কৰে। তেওঁ লগতে প্ৰশ্ন কৰে, “নিৰ্দিষ্ট সময়ত চাকৰিৰ সময়কাল বৰ্ধিত নকৰাকৈ তথা দৰমহা লাভ নকৰাকৈ তেওঁলোক কাৰ্য্যালয়লৈ অহা-যোৱা কৰাৰ ন্যূনতম খৰচখিনি ক’ৰ পৰা পাইছে।”

আনহাতে, উক্ত বিষয়াকেইগৰাকীক কাৰ্য্যালয় চলাবৰ বাবদ চৰকাৰৰ তৰফৰ পৰা ৪৫ হাজাৰ টকাকৈ গাইপতি দি থকা হৈছে বুলি জানিবলৈ দি তেওঁ লগতে কয় “তেওঁলোকে উক্ত ধনৰাশি কাৰ্য্যালয় পৰিচালনা কৰাতকৈ ব্যক্তিগত কামতহে খৰচ কৰে।”

উল্লেখ্য যে, এই সম্পৰ্কত সমাজ কল্যাণ বিভাগৰ সদ্য প্ৰাক্তন সঞ্চালক মীনাক্ষি সুন্দৰমে সঞ্চালক হিচাপে থকাৰ সময়তে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাত ২০১৬ চনতে উক্ত বিষয়াকেইগৰাকীৰ লগতে বিভাগৰ সকলো দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবৰ বাবে ১৯/১৬ নম্বৰত এক গোচৰ ৰুজু কৰিছিল। কিন্তু এই সকলোবোৰ বুমেৰাঙত পৰিণত হোৱা বুলি দাবী কৰে আৰ টি আই কৰ্মী দুলাল বৰাই। আনহাতে, কিহৰ বাবে এই গোচৰৰ ভিত্তিত তদন্ত নহ’ল, সেই সন্দৰ্ভত তদন্ত বিচাৰি দুলাল বৰাই ২৭ ডিচেম্বৰত এটা আৱেদন দিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ কৰে দুলাল বৰাই।

আনহাতে, প্ৰাক্তন সঞ্চালকগৰাকীয়ে গোচৰ ৰুজু কৰাটো এক প্ৰকাৰৰ নাটক বুলি সন্দেহ প্ৰকাশ কৰি দুলাল বৰাই কয় যে তেওঁ নিজে চৰকাৰী আৱাসত থকাৰ পাছতো বিভাগৰ তৰফৰ পৰা অতিৰিক্তভাৱে ঘৰ ভাৰা আদায় লৈছিল আৰু ভুৱাকৈ চিকিৎসাৰ নামত হোৱা খৰচৰ অত্যধিক বিল বিভাগৰ তৰফৰ পৰা আদায় কৰিছিল।

 

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd