• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱতো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন পালন

সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি শিল্পী সমাজে আয়োজন কৰে এক জনজাতীয় সাংস্কৃতিক সমাৰোহৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2018 7:46 am
Sudhakantha, Nagaon.Photo

নগাঁবত শিল্পী সমাজে আয়োজন কৰা সুধাকণ্ঠৰ ওপজা দিনৰ অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ ভাতৃ নৃপেন হাজৰিকা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ লগতে নগাঁৱতো শনিবাৰে সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন কৰা হয়। শিল্পী সমাজ অসমৰ উদ্যোগত নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হৈছে সুধাকণ্ঠৰ জন্ম দিন।

শনিবাৰে পুৱা শিল্পী সমাজৰ সভাপতি ৰাতুল নেওগে পতাকা উত্তোলনেৰে সুধাকণ্ঠৰ জন্ম দিনৰ উৎসৱৰ শুভাৰম্ভ কৰে। পুৱা ৯ বজাত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। দিনৰ ১২ বজাত ড: ভূপেন হাজৰিকাৰ কালজয়ী গীত ”মানুহে মানুহৰ বাবে” কেইবা শতাধিক লোকে সমস্বৰে পৰিৱেশন কৰে।

Apply Now

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি ড: ভূপেন হাজৰিকা ভাতৃ নৃপেন হাজৰিকাই সুধাকণ্ঠৰ জীৱন দৰ্শনৰ ওপৰত ব্যাখ্যা দাঙি ধৰে। বিয়লি শিল্পী সমাজ অসমৰ সদ্য প্ৰয়াত সভাপতি গুণ মহন্তৰ স্মৃতিত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি শনিবাৰে শিল্পী সমাজে আয়োজন কৰে এক জনজাতীয় সাংস্কৃতিক সমাৰোহৰ। এই সমাৰোহত বিভিন্ন জনগোষ্ঠীৰ শিল্পী দলে জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰাৰ লগতে বিহু নৃত্য, শংকৰী নৃত্য প্ৰদৰ্শন কৰা হয়। সন্ধিয়া অনুষ্ঠিত হয় একক নৃত্য প্ৰতিযোগিতা।শিল্পী সমাজৰ এই জয়ন্তী উৎসৱ ১০ ছেপ্টেম্বৰত সামৰণি পৰিব।

আনহাতে, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, সাংস্কৃতিক মহাসভাৰ আৰু শংকৰজ্যোতি সাহিত্য সভাৰ উদ্যোগতো গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠৰ জন্মদিন পালন কৰা হয়। এই উপলক্ষে পুৱা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে গোলোক নাথে। বিয়লি সুধাকণ্ঠৰ স্মৃতিত অনুষ্ঠিত হয় এক স্মৃতিচাৰণ সভা।

সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিক্ষাবিদ প্ৰেমেশ্বৰ দাস, নাট্যকাৰ ৰাম কুমাৰ ভট্টাচাৰ্য আদিয়ে অংশগ্ৰহণ কৰি ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ বিষয়ে ব্যখ্যা দাঙি ধৰে। এই উপলক্ষে ভূপেন হাজৰিকাৰ গীতৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠনত সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, সাংস্কৃতিক কৰ্মী খগেন নাথ আদিয়ে অংশগ্ৰহণ কৰে।

আনহাতে, বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ দ্বাৰা নিৰ্মিত জিলাখনৰ আৱৰ্ত ভৱনৰ সন্মুখত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিটো দিনৰ ১২ বজা পৰ্যন্ত একেবাৰে পৰিত্যক্ত হৈ আছিল। অসমৰ আন এগৰাকী গণ শিল্পী সূৰ্য দাসৰ তত্বাৱধানত তথা তেওঁৰে কেইগৰাকীমান শুভাকাংখীক লগত লৈ প্ৰতিমূৰ্তিটো চাফ-চিকুণ কৰি এগচি বন্তি জ্বলাই সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। ইয়াকে লৈ জিলাখনত মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

জিলাখনৰ কামপুৰ, কলিয়াবৰ, বঢ়মপুৰ, বৰঘাট, ৰহা, ধিং বটদ্ৰৱা, পুৰণিগুদাম, চামগুৰি আদিত সুধাকণ্ঠৰ জন্ম দিন পালন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd