• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱতো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন পালন

সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি শিল্পী সমাজে আয়োজন কৰে এক জনজাতীয় সাংস্কৃতিক সমাৰোহৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2018 7:46 am
Sudhakantha, Nagaon.Photo

নগাঁবত শিল্পী সমাজে আয়োজন কৰা সুধাকণ্ঠৰ ওপজা দিনৰ অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ ভাতৃ নৃপেন হাজৰিকা। ফটো : নৰ্থইষ্ট নাও

440
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ লগতে নগাঁৱতো শনিবাৰে সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন কৰা হয়। শিল্পী সমাজ অসমৰ উদ্যোগত নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হৈছে সুধাকণ্ঠৰ জন্ম দিন।

শনিবাৰে পুৱা শিল্পী সমাজৰ সভাপতি ৰাতুল নেওগে পতাকা উত্তোলনেৰে সুধাকণ্ঠৰ জন্ম দিনৰ উৎসৱৰ শুভাৰম্ভ কৰে। পুৱা ৯ বজাত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। দিনৰ ১২ বজাত ড: ভূপেন হাজৰিকাৰ কালজয়ী গীত ”মানুহে মানুহৰ বাবে” কেইবা শতাধিক লোকে সমস্বৰে পৰিৱেশন কৰে।

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি ড: ভূপেন হাজৰিকা ভাতৃ নৃপেন হাজৰিকাই সুধাকণ্ঠৰ জীৱন দৰ্শনৰ ওপৰত ব্যাখ্যা দাঙি ধৰে। বিয়লি শিল্পী সমাজ অসমৰ সদ্য প্ৰয়াত সভাপতি গুণ মহন্তৰ স্মৃতিত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি শনিবাৰে শিল্পী সমাজে আয়োজন কৰে এক জনজাতীয় সাংস্কৃতিক সমাৰোহৰ। এই সমাৰোহত বিভিন্ন জনগোষ্ঠীৰ শিল্পী দলে জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰাৰ লগতে বিহু নৃত্য, শংকৰী নৃত্য প্ৰদৰ্শন কৰা হয়। সন্ধিয়া অনুষ্ঠিত হয় একক নৃত্য প্ৰতিযোগিতা।শিল্পী সমাজৰ এই জয়ন্তী উৎসৱ ১০ ছেপ্টেম্বৰত সামৰণি পৰিব।

আনহাতে, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, সাংস্কৃতিক মহাসভাৰ আৰু শংকৰজ্যোতি সাহিত্য সভাৰ উদ্যোগতো গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠৰ জন্মদিন পালন কৰা হয়। এই উপলক্ষে পুৱা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে গোলোক নাথে। বিয়লি সুধাকণ্ঠৰ স্মৃতিত অনুষ্ঠিত হয় এক স্মৃতিচাৰণ সভা।

সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিক্ষাবিদ প্ৰেমেশ্বৰ দাস, নাট্যকাৰ ৰাম কুমাৰ ভট্টাচাৰ্য আদিয়ে অংশগ্ৰহণ কৰি ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ বিষয়ে ব্যখ্যা দাঙি ধৰে। এই উপলক্ষে ভূপেন হাজৰিকাৰ গীতৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠনত সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, সাংস্কৃতিক কৰ্মী খগেন নাথ আদিয়ে অংশগ্ৰহণ কৰে।

আনহাতে, বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ দ্বাৰা নিৰ্মিত জিলাখনৰ আৱৰ্ত ভৱনৰ সন্মুখত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিটো দিনৰ ১২ বজা পৰ্যন্ত একেবাৰে পৰিত্যক্ত হৈ আছিল। অসমৰ আন এগৰাকী গণ শিল্পী সূৰ্য দাসৰ তত্বাৱধানত তথা তেওঁৰে কেইগৰাকীমান শুভাকাংখীক লগত লৈ প্ৰতিমূৰ্তিটো চাফ-চিকুণ কৰি এগচি বন্তি জ্বলাই সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। ইয়াকে লৈ জিলাখনত মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

জিলাখনৰ কামপুৰ, কলিয়াবৰ, বঢ়মপুৰ, বৰঘাট, ৰহা, ধিং বটদ্ৰৱা, পুৰণিগুদাম, চামগুৰি আদিত সুধাকণ্ঠৰ জন্ম দিন পালন কৰা হয়।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd