• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৬০খন দেশৰ ১০৮খন চলচ্চিত্ৰেৰে ২৫ অক্টোবৰৰ পৰা দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 9, 2018 5:46 pm
FilmFestival

দ্বিতীয় সংস্কৰণৰ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কাৰ্য্যসূচী ঘোষণা কৰি সংবাদমেল মন্ত্ৰী নৱ দলে আৰু জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটা। ফটো : য়ু বি।

140
VIEWS
Share on FacebookShare on Twitter

২০১৭ চনত অসম চৰকাৰে আৰম্ভ কৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত কৰিব। জ্যোতি চিত্ৰবন আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্ছিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠানৰ সহযোগত ৰাজ্য চৰকাৰে অহা ২৫ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ এই মহোৎসৱ অনুষ্ঠিত হ’ব বুলি গুৱাহাটীত এখন সংবাদমেলযোগে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে জানিবলৈ দিয়ে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবন চৌহদত হ’ব লগীয়া এই চলচ্চিত্ৰ মহোৎসৱত বিশ্বৰ ৬০খন দেশৰ ১০৮খন ছবি প্ৰদৰ্শিত হ’ব। লগতে এইবাৰৰ গুৱাহাটী আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মূল বিষয় (থীম) ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ পৃথিৱীখন এটা পৰিয়াল বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ কয়, “বিগত বছৰত প্ৰায় ৩০খন দেশৰ ৭২খন ছবি প্ৰদৰ্শিত হৈছিল। এইবাৰ আমি তাৰ দুগুণ অৰ্থাৎ ৬০খন দেশৰ শতাধিক ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম। এইবাৰ বিদেশৰ পৰা শতাধিক চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, সমালোচক, কূটনীতিবিদ আৰু ৰাষ্টদূত অতিথি হিচাপে উপস্থিত থকাৰ কথা।”

আনহাতে মহোৎসৱত উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ চলচ্চিত্ৰৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি জ্যোতি চিত্ৰবন ফ্লিম ষ্টুডিঅ’ৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দিয়ে।

এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা ৩ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ২ লাখ টকা আৰু জুৰিৰ বিশেষ পুৰস্কাৰ ১ লাখ টকা হ’ব। প্ৰতিযোগিতাখন অহা বছৰ সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ আশা প্ৰকাশ কৰে মাৰ্ঘেৰিটাই। ইতিমধ্যে এই চলচ্চিত্ৰ মহোৎসৱৰ বাবে অসম চৰকাৰে ৩ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা বুলি মাৰ্ঘেৰিটাই সংবাদমেলত সদৰী কৰে।

আজিৰ সংবাদমেলৰ পাছতেই চলচ্চিত্ৰ মহোৎসৱখনৰ পঞ্জীয় ৱ্যৱস্থাও মুকলি কৰে জ্যোতি চিত্ৰবন কৰ্তৃপক্ষই। এই পঞ্জীয়ন মাচুল সমগ্ৰ অনুষ্ঠানটোৰ বাবে ৩০০টকা। অৱশ্যে ছাত্ৰ-ছাত্ৰী আৰু সাংবাদ মাধ্যমৰ লোকৰ বাবে এই মাচুল ১৫০.০০ টকাকৈ হ’ব বুলি তেওঁ জনায়। ইচ্ছুকসকলে www.giff.assam.gov.in–ত লগ অন কৰি অনলাইন যোগেও পঞ্জীয়ন কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ কয়, “গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবি প্ৰদৰ্শনৰ উপৰি ছবি নিৰ্মাণ, ছবি নিৰ্মাণৰ জৰিয়তে কেৰিয়াৰ গঢ়া আদি বিষয় লৈ বিভিন্ন বৌদ্ধিক আলোচনা হ’ব। চলচ্চিত্ৰ ক্ষেত্ৰৰ বহুকেইগৰাকী ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ব্যক্তিয়ে এই আলোচনাত ভাগ ল’ব। গতিকে আমাৰ আগ্ৰহী ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে এই আলোচনাত অংশগ্ৰহণ কৰি উপকৃত হ’ব পাৰিব।”

ইয়াৰ উপৰি চলচ্চিত্ৰ মহোৎসৱত ভাগ ল’বলৈ কামৰূপ মহানগৰৰ লগতে দাঁতিকাষৰীয়া জিলাসমূহৰ ৫০খন মহাবিদ্যালয়ৰ পৰা বাছেৰে ছাত্ৰ-ছাত্ৰী অনা আৰু ৰখাৰ ব্যৱস্থা কৰিব বুলি মাৰ্ঘেৰিটাই কয়। লগতে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া বুলিও তেওঁ প্ৰকাশ কৰে।

এই মহোৎসৱক কেৱল গুৱাহাটী মহানগৰ কেন্দ্ৰিক নকৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক সামৰি লোৱা হ’ব বুলি প্ৰকাশ কৰি বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ থকাৰ সুব্যৱস্থাও কৰিব বুলিও পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দিয়ে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd