• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬০খন দেশৰ ১০৮খন চলচ্চিত্ৰেৰে ২৫ অক্টোবৰৰ পৰা দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 9, 2018 5:46 pm
FilmFestival

দ্বিতীয় সংস্কৰণৰ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কাৰ্য্যসূচী ঘোষণা কৰি সংবাদমেল মন্ত্ৰী নৱ দলে আৰু জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটা। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৭ চনত অসম চৰকাৰে আৰম্ভ কৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত কৰিব। জ্যোতি চিত্ৰবন আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্ছিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠানৰ সহযোগত ৰাজ্য চৰকাৰে অহা ২৫ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ এই মহোৎসৱ অনুষ্ঠিত হ’ব বুলি গুৱাহাটীত এখন সংবাদমেলযোগে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে জানিবলৈ দিয়ে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবন চৌহদত হ’ব লগীয়া এই চলচ্চিত্ৰ মহোৎসৱত বিশ্বৰ ৬০খন দেশৰ ১০৮খন ছবি প্ৰদৰ্শিত হ’ব। লগতে এইবাৰৰ গুৱাহাটী আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মূল বিষয় (থীম) ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ পৃথিৱীখন এটা পৰিয়াল বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

Apply Now

তেওঁ কয়, “বিগত বছৰত প্ৰায় ৩০খন দেশৰ ৭২খন ছবি প্ৰদৰ্শিত হৈছিল। এইবাৰ আমি তাৰ দুগুণ অৰ্থাৎ ৬০খন দেশৰ শতাধিক ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম। এইবাৰ বিদেশৰ পৰা শতাধিক চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, সমালোচক, কূটনীতিবিদ আৰু ৰাষ্টদূত অতিথি হিচাপে উপস্থিত থকাৰ কথা।”

আনহাতে মহোৎসৱত উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ চলচ্চিত্ৰৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি জ্যোতি চিত্ৰবন ফ্লিম ষ্টুডিঅ’ৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দিয়ে।

এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা ৩ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ২ লাখ টকা আৰু জুৰিৰ বিশেষ পুৰস্কাৰ ১ লাখ টকা হ’ব। প্ৰতিযোগিতাখন অহা বছৰ সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ আশা প্ৰকাশ কৰে মাৰ্ঘেৰিটাই। ইতিমধ্যে এই চলচ্চিত্ৰ মহোৎসৱৰ বাবে অসম চৰকাৰে ৩ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা বুলি মাৰ্ঘেৰিটাই সংবাদমেলত সদৰী কৰে।

আজিৰ সংবাদমেলৰ পাছতেই চলচ্চিত্ৰ মহোৎসৱখনৰ পঞ্জীয় ৱ্যৱস্থাও মুকলি কৰে জ্যোতি চিত্ৰবন কৰ্তৃপক্ষই। এই পঞ্জীয়ন মাচুল সমগ্ৰ অনুষ্ঠানটোৰ বাবে ৩০০টকা। অৱশ্যে ছাত্ৰ-ছাত্ৰী আৰু সাংবাদ মাধ্যমৰ লোকৰ বাবে এই মাচুল ১৫০.০০ টকাকৈ হ’ব বুলি তেওঁ জনায়। ইচ্ছুকসকলে www.giff.assam.gov.in–ত লগ অন কৰি অনলাইন যোগেও পঞ্জীয়ন কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ কয়, “গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবি প্ৰদৰ্শনৰ উপৰি ছবি নিৰ্মাণ, ছবি নিৰ্মাণৰ জৰিয়তে কেৰিয়াৰ গঢ়া আদি বিষয় লৈ বিভিন্ন বৌদ্ধিক আলোচনা হ’ব। চলচ্চিত্ৰ ক্ষেত্ৰৰ বহুকেইগৰাকী ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ব্যক্তিয়ে এই আলোচনাত ভাগ ল’ব। গতিকে আমাৰ আগ্ৰহী ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে এই আলোচনাত অংশগ্ৰহণ কৰি উপকৃত হ’ব পাৰিব।”

ইয়াৰ উপৰি চলচ্চিত্ৰ মহোৎসৱত ভাগ ল’বলৈ কামৰূপ মহানগৰৰ লগতে দাঁতিকাষৰীয়া জিলাসমূহৰ ৫০খন মহাবিদ্যালয়ৰ পৰা বাছেৰে ছাত্ৰ-ছাত্ৰী অনা আৰু ৰখাৰ ব্যৱস্থা কৰিব বুলি মাৰ্ঘেৰিটাই কয়। লগতে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া বুলিও তেওঁ প্ৰকাশ কৰে।

এই মহোৎসৱক কেৱল গুৱাহাটী মহানগৰ কেন্দ্ৰিক নকৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক সামৰি লোৱা হ’ব বুলি প্ৰকাশ কৰি বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ থকাৰ সুব্যৱস্থাও কৰিব বুলিও পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd