কোকৰাঝাৰ জিলাৰ বৰুৱাপাৰাৰ গৌৰাং নদীৰ সমীপত আজি ৰাতিপুৱা এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত প্ৰায় পোন্ধৰজনকৈ যাত্ৰী আহত হয়। ইয়াৰে সুবুৰ আলি নামৰ যাত্ৰী এগৰাকী গুৰুতৰভাৱে আহত হোৱাত লোকজনক কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি ৰাতিপুৱা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা কোকৰাঝাৰ অভিমুখী এ এছ ০১ ডি ডি ৭০৭৬ নম্বৰৰ এ এছ টি চি বাছ এখন আহি থকা অৱস্থাত বৰুৱাপাৰাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত থকা প্ৰকাণ্ড পুখুৰীৰ কাষত বাগৰি পৰে।
উল্লেখ্য যে দুৰ্ঘটনা সন্দৰ্ভত গিয়াছ আহমেদ নামৰ এগৰাকী ট্ৰেফিক পুলিচে কয় যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে আমাক ফোনযোগে জানিবলৈ দিয়ে। খবৰ পোৱাৰ লগে লগে আমি ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা লোকসকলক উদ্ধাৰ কৰি আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰো।
তেওঁ লগতে কয় যে ষ্টিয়েৰিঙৰ বিজুতি ঘটাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে বাছখনৰ চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় যদিও বাছখন কোকৰাঝাৰ সদৰ থানালৈ লৈ অনা হয় বুলি তেওঁ জানিবলৈ দিয়ে।