• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এন আৰ চিক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত কৌশলী সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2018 8:51 am
BJP
194
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে বিজেপিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক বিজেপিয়ে  ২০১৯ চনৰ লোক সভাৰ নিৰ্বাচনৰ প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে।

এই উদ্দেশ্যে নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত কালি অৰ্থাৎ ৯ ছেপ্টেম্বৰত নাগৰিকপঞ্জী উন্নীতকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়বস্তুক ৰাজনৈতিক প্ৰস্তাৱ হিচাপে গৃহীত কৰে।

উল্লেখযোগ্য যে গোটেই ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনকৰ বিৰোধিতা কৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। কিন্তু দল-সংগঠনৰ এই প্ৰতিবাদক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে বিজেপি দলে দেওবাৰে ৰাজনৈতিক প্ৰস্তাৱত সন্নিৱিষ্ট কৰে বিতৰ্কিত বিধেয়কখনৰ বিষয়বস্তু।

মন কৰিব লগীয়া যে এই প্ৰস্তাৱত গেৰুৱা দলটোৱে উল্লেখ কৰিছে যে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকক ভাৰতে সকলো প্ৰকাৰৰ সুৰক্ষা প্ৰদান কৰিব।

আনহাতে, একেটা প্ৰস্তাৱতে আকৌ গেৰুৱা দলটোৱে অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি কয় যে বাংলাদেশীয়ে হওক বা ৰহিঙিয়াই হওক কোনো অবৈধ বিদেশীকে ভাৰতত স্থান দিয়া নহ’ব।

এই দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য নিৰ্বাহকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কয় যে চুবুৰীয়া ৰাজ্যৰ পৰা হিন্দু লোকসকলক সুৰক্ষা দিয়াটো বিজেপিৰ প্ৰধান দায়িত্ব।

উল্লেখযোগ্য যে ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ অসমত নাগৰিকপঞ্জীৰ কাম চলি আছে। আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক অনুসৰি ২০১৪ চনলৈকে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা সকলো হিন্দু লোকেই নাগৰিকত্ব লাভ কৰিব। গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে উলংঘা কৰা হ’ব অসম চুক্তিক আৰু গুৰুত্বহীন হৈ পৰিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী।

মুঠৰ ওপৰত বৰ্তমান গেৰুৱা দলটোৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক এক প্ৰকাৰ ৰাজনৈতিক ইচ্ছ্যুত পৰিণত কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd