• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুবুৰী-ওদালগুৰি-বৰপেটাত কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

মুকেশ কুমাৰ সিং/চাজিদ খান/আনিচুজ জামান by মুকেশ কুমাৰ সিং/চাজিদ খান/আনিচুজ জামান
September 10, 2018 7:18 pm
97548a77-f9e7-47c9-8067-ce02d1763b66

ফটো : নৰ্থইষ্ট নাও

190
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নিখিল ভাৰত কংগ্ৰেছে আহ্বান জনোৱা ১২ ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়।

ধুবুৰী :

আজি কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ধুবুৰীতো ব্যাপক ৰূপত পৰা দেখা যায়। বন্ধৰ ফলত জিলাখনৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, পে’ট্ৰল পাম্পৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহো বন্ধ হৈ পৰে।

20180910_122609
ফটো : নৰ্থ-ইষ্ট নাও

তাৎপৰ্যমূলক বিষয় যে বিগত কিছু বছৰ ধৰি ধুবুৰী পৌৰ নিগম বিজেপিৰ দখলত আছে। ইয়াৰ পাছতো আজি কংগ্ৰেছে আহ্বান জনোৱা বন্ধত নগৰখনৰ স্বাভাৱিক জীৱন-যাপন সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰা কাৰ্য এক প্ৰকাৰ বিজেপিৰ বাবে চিন্তনীয় বিষয় বুলি বহুতে অভিহিত কৰে।

আনহাতে আজিৰ এই বন্ধত জিলাখনত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তাৰোপৰি বিক্ষিপ্ত ঘটনা প্ৰতিৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনে জিলাখনত সষ্টম হৈ আছিল বুলিও উল্লেখ কৰে।

ইফালে ধুবুৰী আৰক্ষীয়ে ভাৰত বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই অহা জিলা কংগ্ৰেছৰ সভাপতি উত্তম সৰকাৰ, মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী বেবী বেগমৰ লগত প্ৰায় দুই সহস্ৰাধিক বন্ধ সমৰ্থকক আটক কৰে বুলি জানিবলৈ দিয়ে।

ওদালগুৰি :

কংগ্ৰেছে আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ বি টি এ ডিৰ ওদালগুৰি জিলাতো পৰা পৰিলক্ষিত হয়। ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাই থকাক কেন্দ্ৰ কৰি কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধক পূৰ্ণ সমৰ্থন আগবঢ়াই শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠানৰ লগতে ব্যৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ ৰাখে।

majbaat-750x430
ফটো : নৰ্ছ-ইষ্ট নাও

জানিব পৰা মতে বন্ধৰ ফলত জিলাখনৰ টংলা, কলাইগাঁও, ওদালগুৰি, হৰিশিঙা, ৰৌতা, মাজবাট আদি অঞ্চলত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰে।

ইফালে জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলে পুৱাই মাজবাট ৰে’ল ষ্টেশ্যনত উপস্থিত হৈ এঘণ্টাৰো অধিক সময় ধৰি এখন যাত্ৰীবাহী ৰে’ল আবদ্ধ কৰি ৰাখে। তাৰোপৰি কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান আওৰাই পৰিৱেশ উত্তাল কৰি তোলে।

বৰপেটা

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু ৰাফেল যুদ্ধ বিমান ক্ৰয় কেলেংকাৰিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আজি আহ্বান জনোৱা ১২ ঘন্টীয়া ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে বৰপেটা চহৰত।

বন্ধৰ সমৰ্থনত বৰপেটাৰ কালঝাৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে বৰপেটা জিলা কংগ্ৰেছে। বৰপেটা জিলাৰ কংগ্ৰেছ সভাপতি শান্তনু শৰ্মা, সম্পাদক মিজানুৰ ৰহমান, মহিলা কংগ্ৰেছৰ সভানেত্ৰী আঞ্জুৱাৰা বেগমৰ নেতৃত্বত গ্ৰহণ কৰা হয় ঘাইপথ অৱৰোধ কাৰ্যসূচী।

ফটো : নৰ্থ-ইষ্ট নাও

ইফালে বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা আব্দুৰ ৰহিম খানসহ শতাধিক বন্ধ সমৰ্থকক হাউলী আৰক্ষীয়ে আটক কৰি কিছু সময়ৰ বাবে হাউলী থানা চৌহদত আবদ্ধ কৰি ৰাখে।

একেদৰে বৰপেটাৰোড চহৰতো ৯ গৰাকী চিপিআই (এম) আৰু ৩ গৰাকী কংগ্ৰেছী বন্ধ সমৰ্থকক আটক কৰে আৰক্ষীয়ে। বন্ধ সমৰ্থকক আটকৰ জৰিয়তে চৰকাৰে গনতন্ত্ৰৰ কন্ঠ ৰূদ্ধ কৰিব বিচাৰিছে বুলি অভিযোগ তোলে প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা আব্দুৰ ৰহিম খানে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd