• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলিত বৰ্ষতে আৰম্ভ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ কাম

ভৱেশ মেধি by ভৱেশ মেধি
September 10, 2018 10:07 pm
Guwahati Bridge
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ গুৱাহাটী ৰাইজৰ বহুদিনীয়া দাবী তথা আশা গুৱাহাটী-উত্তৰ গুৱাহাটী  সংযোগী দলং নিৰ্মাণৰ কাম চলিত বৰ্ষৰ পৰা আৰম্ভ হ’ব। এই কথা জনাইছে গড়কপ্টানী বিভাগৰ মুখ্য অভিযন্তা তথা বিশ্ব বেংক প্ৰকল্পৰ প্ৰকল্প সঞ্চালক কুশল কুমাৰ শইকীয়াই। ইতিমধ্যে গড়কপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে।

গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তাগৰাকীয়ে প্ৰকাশ কৰা মতে, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিব লগীয়া দলংখনৰ বাবে ব্ৰিকছৰ নিউ ডেভেল’পমেন্ট বেংক চমুকৈ  এন ডি বিয়ে ২০০০ কোটি টকাৰ ঋণত অনুমোদন দিছে। দলংখনৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন চমুকৈ ডি পি আৰ স্মেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰিছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই ডি পি আৰত অনুমোদন জনাইছে। মুখ্য অভিযন্তা কুশল কুমাৰ শইকীয়াই জনায় যে ইতিমধ্যে দলং নিৰ্মাণৰ  বাবে প্ৰয়োজনীয় প্ৰজেক্ট মেনেজমেণ্ট কনছাল্টেন্সি চমুকৈ পি এম চি আৰু ই পি চিৰ বাবে নিবিদা আহ্বান কৰা হৈছে। নিবিদাৰ জৰিয়তে নিদিষ্ট ফাৰ্ম নিৰ্বাচিত কৰা আৰু প্ৰজেক্ট মেনেজমেন্ট কনছাল্টেন্সি নিৰ্বাচন কৰাৰ পিছত অহা ডিচেম্বৰৰ পৰা দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। দলংখন নিৰ্মাণ সম্পূৰ্ণ হ’লে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ বাট মাত্ৰ ৭ মিনিটৰ হ’ব।

কেনেকৈ নিৰ্মাণ হ’ব দলংখন?

গুৱাহাটী-উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰিব লগীয়া দলংখন ছটা লেনযুক্ত কৰি নিৰ্মাণ কৰা হ’ব। দলংখন নদীৰ ওপৰত ধেনুভিৰীয়াকৈ নিৰ্মাণ কৰা হ’ব। ডি পি আৰ মতে,  এ টি ৰ’ড আৰু এম জি ৰ’ডক সংযোগ কৰি দুটা দিশেৰে নদীৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ দলংখন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। উত্তৰ গুৱাহাটীৰ পৰা আহি দলংখনে এ টি ৰ’ডৰ ওচৰত থকা স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰ’ডৰ মাছখোৱাৰ আই টি এ কমপ্লেস্কৰ পইণ্টত স্পৰ্শ  কৰিব। স্বাগত হাস্পতালৰ ওচৰৰ পইণ্টৰ পৰা উত্তৰ গুৱাহাটীমুখী যান-বাহন যাব পাৰিব আৰু বিপৰীতে উত্তৰ গুৱাহাটীৰ পৰা অহা বাহনবোৰ আই টি এ কমপ্লেক্সৰ পইণ্টলৈ আহিব পাৰিব। দুয়োটা দলংপথ একেমুখী আৰু ছয়লেনযুক্ত হ’ব। দলংখন গুৱাহাটীৰ দিশৰ পৰা নদীৰ মাজলৈ ইংৰাজী ‘ৱাই’ ৰ দৰে নিৰ্মাণ কৰা হ’ব।

দলংখনৰ দক্ষিণ দিশত অৰ্থ্যাৎ স্বাগত হাস্পতালৰ ওচৰৰ পইণ্টত এটা আৰু এম জি ৰ’ডৰ মাছখোৱাৰ আই টি এ কমপ্লেক্সৰ সম্মুখত আন এটা ৰ’টাৰি নিৰ্মাণ কৰা হ’ব। দুয়োটা ৰ’টাৰিৰ মাজৰ অংশত নদীৰ পাৰে পাৰে বিকল্প পথ নিৰ্মাণ কৰা হ’ব।

উল্লেখ্য যে গুৱাহাটীৰ পৰা যোৱা দলংখন উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ ৩৯০ মিটাৰ তলেৰে যাব। নদীৰ ওপৰত দলংখনৰ দৈৰ্ঘ্য ১.৬ কিল’মিটাৰ নিৰ্ধাৰণ কৰা হৈছে। উত্তৰ গুৱাহাটী দিশত মাটিৰ ওপৰত দলংখনৰ দৈৰ্ঘ্যৰ ৯০০ মিটাৰ নিৰ্ধাৰণ কৰা হৈছে। তাৰ পৰা উত্তৰ গুৱাহাটীৰ মাজেৰে গৌৰীপুৰ হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ছয়লেনযুক্ত ৰাস্তা নিৰ্মাণ কৰা হ’ব। উত্তৰ গুৱাহাটীৰ ৰে’ল আলিৰ ওপৰেৰে যাব লগা ৰাস্তাটোত দুটা ৰ’ড অভাৰ ব্ৰীজ চমুকৈ আৰ অ’ বি নিৰ্মাণ কৰা হ’ব। আনহাতে কলেজ নগৰ আৰু গৌৰীপুৰত দুটা ৰ’টাৰি নিৰ্মাণ কৰা হ’ব।

গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তাগৰাকীয়ে জনায় যে দলংখন নিৰ্মাণৰ বাবে উত্তৰ গুৱাহাটীৰ ২২৯ বিঘা আৰু গুৱাহাটীৰ ৩.৫ বিঘা মাটি অধিগ্ৰহণ কৰাৰ কাম সম্পূৰ্ণ হৈছে। উত্তৰ গুৱাহাটীৰ অধিগ্ৰহণ কৰা ২২৯ বিঘা মাটিৰ ২২১ বিঘা ম্যাদী পট্টাৰ। আনহাতে গুৱাহাটীৰ অধিগ্ৰহণ কৰা ৩.৫ বিঘা মাটিৰ আটাইবোৰ চৰকাৰী ভূমি।

ইতিমধ্যে ভূমি অধিগ্ৰহণৰ জাননী চৰকাৰীভাৱে যোৱা মাহতে জাৰি কৰা হৈছে। গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তা কুশল কুমাৰ শইকীয়াই কয় যে গড়কপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলংখন নিৰ্মাণৰ বাবে সকলো ধৰণৰ সহায় আৰু পৰামৰ্শ আগ বঢ়াই আছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলংখন নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ভূমি অধিগ্ৰহণ কৰা আৰু এন ডি বিৰ ঋণৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিছে বুলি তেওঁ জনায়। তেওঁ লগতে জনায় যে দলংখন নিৰ্মাণৰ বাবে চাৰি বছৰ নিৰ্ধাৰণ কৰা হৈছে। অৰ্থ্যাৎ ২০২২-২৩ চনৰ ভিতৰত উত্তৰ গুৱাহাটী ৰাইজৰ বহু আকাংক্ষিত দলংখন নিৰ্মাণ হৈ উঠিব।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd