• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি, কংগ্ৰেছ বা আমছুৰ দৰে দল-সংগঠনে হাজেলাক সমালোচনা কৰাৰ অধিকাৰ নাই : মৃণাল হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 11, 2018 4:35 pm
Mrinal Hazarika And Prateek Hazela

আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘বিজেপি, কংগ্ৰেছ আমছু অথবা অন্যান্য দল-সংগঠনে প্ৰতীক হাজেলাক দোষাৰোপ, সমালোচনা কৰাৰ অধিকাৰ থাকিব নালাগে,’’- মঙ্গলবাৰে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই এই মন্তব্য কৰে।

উল্লেখ্য যে, যোৱা ৩১ মে’ৰ দিনা আলফাৰ নেতাগৰাকীয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰি কৈছিল যে বৰাকত যিখিনি চৰকাৰী চাকৰিয়াল তথা বিষয়া কৰ্মচাৰী আছে, সেইখিনি তাৰ স্থানীয় মানুহ। তেওঁলোকৰ আবেগ বিধেয়কখনৰ সপক্ষত। তেওঁলোকেই যিহেতু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰি আছে, এনে পৰিপ্ৰেক্ষিতত হিন্দু বাংলাদেশীৰ নাম তেওঁলোকে যিকোনো প্ৰকাৰে অন্তৰ্ভুক্ত কৰাটো স্বাভাৱিক।

Apply Now

তাৰ বিপৰীতে তেওঁ মঙ্গলবাৰে  প্ৰতীক হাজেলাৰ প্ৰতি সমৰ্থন আগবঢ়াই কয় যে প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত নিজৰ দায়িত্ব পালন কৰি আছে, সেইক্ষেত্ৰত অন্য কোনো ৰাজনৈতিক দল-সংগঠনৰ তেওঁক সমালোচনা অথবা দোষাৰোপৰ কৰাৰ অধিকাৰ নাই।

আনহাতে,  এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা পৰামৰ্শৱলীত অগ্ৰাহ্য কৰিবলৈ অনুৰোধ জনোৱা ৫ প্ৰকাৰৰ নথি হৈছে ক্ৰমে- (১) ১৯৫১ চনৰ এন আৰ চি, (২) ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰ ভোটাৰ তালিকা, (৩) ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগতে লাভ কৰা নাগৰিকত্বৰ প্ৰমাণ পত্ৰ, (৪) ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ আৰু (৫)১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ ৰেচন কাৰ্ড।

ইপিনে, বৈধ নথি হিচাপে গ্ৰাহ্য কৰিবলৈ হাজেলাই আগ বঢ়োৱা পৰামৰ্শত অন্তৰ্ভুক্ত হৈছে ১৯৭১ চনৰ আগৰ (১) মাটিৰ নথি, (২) স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, (৩) পাছপৰ্ট, (৪) বীমাৰ নথি, (৫)চৰকাৰী অনুজ্ঞাপত্ৰ, (৬) চৰকাৰী চাকৰিৰ প্ৰমাণ পত্ৰ, (৭) বেংক বা ডাকঘৰৰ পাছবুক, (৮) জন্মৰ প্ৰমাণ পত্ৰ, (৯) ব’ৰ্ড, বিশ্ববিদ্যালয়ৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ আৰু (১০) আদালতৰ নথি।

প্ৰতীক হাজেলাই উক্ত নথি-পত্ৰসমূহ গ্ৰাহ্য কৰিবলৈ উচ্চতম ন্যায়ালয়ক পৰামৰ্শ প্ৰদান কৰাৰ ঘটনাটো পোহৰলৈ অহাৰ পাছতেই বিজেপি, কংগ্ৰেছ, এআইইউডিএফ, আমছুকে ধৰি অন্য দল-সংগঠনৰ ৰোষত পৰে তথা উক্ত দল-সংগঠনৰ নেতৃবৰ্গই তেওঁক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

তাৰ বিপৰীতে, মৃণাল হাজৰিকাই হাজেলাৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে কয়, ‘এনআৰচিৰ দুখনকৈ খচৰাৰ তালিকা প্ৰকাশ পালে যদিও সংলগ্ন থকা বৃহৎ পৰিমাণৰ নথি-পত্ৰৰ ক্ষেত্ৰত জালিয়তি হৈছে। তাৰ ভিত্তিতে তেওঁ বহুখিনি বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ত সমগ্ৰ কথাবোৰ অৱগত কৰিছে।‘

তেওঁ লগতে কয়, ‘উ্চতম ন্যায়ালয়ে হাজেলাই কোৱা নথি-পত্ৰখিনি গ্ৰহণ কৰিব নে নকৰে, সেই কথা বিবেচনা কৰিব।‘

আনহাতে, কংগ্ৰেছ, বিজেপিকে ধৰি অন্য বহুতো ৰাজনৈতিক দলে ভোটবেংকৰ স্বাৰ্থতে হাজেলাৰ এই পদক্ষেপৰ বিৰোধিতা কৰি তেওঁক সমালোচনা কৰা বুলি মত প্ৰকাশ কৰে।

তেওঁ কয়, ‘কংগ্ৰেছে ইমান দিনে মুছলমান বাংলাদেশী ভোটৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰাজত্ব কৰি আহিছে। এতিয়া বিজেপি আহিছে, তেওঁলোকে হিন্দু বাংলাদেশী ভোটৰ ওপৰত নিৰ্ভৰ কৰি ৰাজত্ব কৰাৰ পলিচি কৰি আছে।‘

তদুপৰি তেওঁ আমছুকো বাংলাদেশী মুছলমানৰ ৰক্ষণাবেক্ষণ দিয়া বুলি উল্লেখ কৰি লগতে কয়, ‘’সমান্তৰালকৈ আমছুকে ধৰি অন্যান্য যিবোৰ সংখ্যালঘু সংগঠন আছে, সেইসমূহে বাংলাদেশীৰ পক্ষত থাকি তেওঁলোকে স্বাৰ্থৰ বাবেই এনেধৰণে বিৰোধ কৰি আছে।‘’

উল্লেখ্য যে, এন আৰ চিৰ মডেলিটি প্ৰস্তুত কৰাৰ সময়ত এতিয়া প্ৰতীক হাজেলাই বৈধ বলি গ্ৰাহ্য কৰিবলৈ দিয়া ১০ প্ৰকাৰৰ নথি আৰু অগ্ৰাহ্য কৰিবলৈ পৰামৰ্শ দিয়া ৫ প্ৰকাৰৰ নথি মিলাই মুঠ ১৫ প্ৰকাৰৰ নথিক বিভিন্ন দল-সংগঠনেৰে  আলোচনামৰ্মে বৈধ হিচাপে ঘোষণা কৰা হৈছিল। লগতে হাজেলাৰ পৰামৰ্শই অসম চুক্তিক অৱমাননা কৰিছে বুলিও আমছুৰ নেতা আজিজুৰ ৰহমানে মন্তব্য কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd