• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি অসমীয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মৃত্যুদূত : লক্ষ্মীনাথ তামুলী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 11, 2018 8:08 pm
db11dcd6-e3ed-4c18-9ea6-12125ce1fea4

পি এল পিয়ে আয়োজন কৰা বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ ৰখাৰ মুহূৰ্তত চিন্তাবিদ লক্ষ্মীনাথ তামুলী। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘এন আৰ চি অসমীয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মৃত্যুদূত।‘ আজি জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ উদ্যোগত পি এল পিৰ ৪৩ বৰ্ষত ভৰি দিয়া উপলক্ষে দিচপুৰ প্ৰেছ ক্লাৱত আয়োজিত ‘সাত ভনীৰ ঐক্য অবিহনে আমি জীয়াই নাথাকিম’ শীৰ্ষক বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি এইদৰে কয় প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা চিন্তাবিদ লক্ষ্মীনাথ তামুলীয়ে।

তেওঁ লগতে কয়, ‘এনআৰচিয়ে অসমীয়া জাতিৰ কেতিয়াও নিৰাপত্তা দিব নোৱাৰে।‘

Apply Now

উল্লেখ্য যে অসম চুক্তিক ভিত্তি কৰি উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ তদাৰকত এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চলি থকাৰ সময়তে এগৰাকী চিন্তাবিদৰ বক্তব্যত এনেধৰণৰ কথাই স্থান পোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

আনহাতে, উক্ত আলোচনা চক্ৰতে তেওঁ ‘অসম চুক্তি’ক এখন বিশ্বাসঘাতকতাৰ দলিল’ বুলি আখ্যা দিয়ে। তেওঁ লগতে কয়, ‘ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ মতে ১৯৪৮ চনৰ ১৯ জুলাই তাৰিখৰ আগত ভাৰতত জন্মগ্ৰহণ কৰাসকলহে ভাৰতীয়। তেনে ভিত্তিত কিহৰ বাবে ২৪ মাৰ্চ ১৯৭১ কৰা হ’ল?’

তেওঁ পুনৰ কয় যে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অহা পাকিস্তানী মূলৰ মানুহখিনিক আদৰি লৈ এবাৰতে ১০-১৫ লাখ লোকক নাগৰিকত্ব প্ৰদান কৰা হ’ল।

আনহাতে, অসম আন্দোলনৰ চহিদসকল প্ৰকৃততে ১৯৭১ চনৰ কাৰণে চহিদ হ’ল নে ১৯৫১ চনৰ কাৰণে হ’ল? এইদৰে ভাষণৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাক প্ৰশ্ন কৰে তামুলীয়ে।

ইয়াৰোপৰি, তেওঁ আছু-অগপৰ নেতাসকলে ৮৫৫ গৰাকী চহিদৰ নাম উচ্চাৰণ কৰাটো উচিত নে বুলিও প্ৰশ্ন কৰে লক্ষ্মীনাথ তামুলীয়ে।

উল্লেখ্য যে, তেওঁ পুনৰ আছু-অগপক কটাক্ষ কৰি কয়, ‘১৯৮৫ চনতে কৰা ভূলৰ সংশোধন কৰাৰ সুবিধা পায়ো তেওঁলোকে সংশোধন নকৰি পুনৰ সেই ভুলকে মানি ল’লে।‘

আনহাতে, আছু-অগপৰ নেতৃবৰ্গক লৈ জাতীয়তাবাদ কৰিব পৰা নাযাব বুলিও তামুলীয়ে সন্দেহ প্ৰকাশ কৰে।

‘মোৰ যদি বয়স এতিয়া ৪০ নাইবা তাৰ আশে-পাশে থাকিলহেঁতেন, তেতিয়া পৰেশ বৰুৱাৰ সৈতে সহযোগ কৰিলোঁহেতেন। কিন্তু মোৰ শৰীৰ নাইবা মনে সেইখিনি সহযোগ নকৰে, গতিকে মই নোৱাৰো।‘

তেওঁৰ মতে ‘সাতভনীৰ ঐক্য কাহানিও নাছিল, ব্ৰিটিছে নিজৰ প্ৰশাসনিক সুবিধাৰ কাৰণে ভাৰতৰ সৈতে আবৰি লৈছিল, যাতে উত্তৰ-পূবৰ ভূমি ৰাজহৰ পৰা প্ৰশাসনীয় লাভালাভ আদায় কৰিব পাৰে।‘

আনহাতে, উক্ত আলোচনা সভাত ভাষণ প্ৰদান কৰি আলোচনাপন্থী আলফাৰ নেতা মৃণাল হাজৰিকাই কয় যে মানুহৰ ক্ৰমবিকাশৰ পৰিৱৰ্তনৰ কথা সকলো খিলঞ্জীয়াই জনা উচিত। আদিম সাম্যবাদী অৱস্থাৰ পৰা জাতীয়তাবাদলৈ ক্ৰম বিকাশৰ ফলতেই সম্ভৱ।

তেওঁ লগতে পুঁজিপতিসকলে জাতীয়তাবাদ সৃষ্টি কৰিব পাৰে বুলি সংজ্ঞা আগবঢ়ায় কয়, ‘ব্ৰিটিছে মুদ্ৰা ব্যৱহাৰ কৰিব শিকালে যদিও স্থানীয় পুজিপতি সৃষ্টি হ’বলৈ নিদিলে। মনিৰাম দেৱানে পুজিপতি হ’বলৈ চেষ্টা কৰিছিল যদিও ব্ৰিটিছে হত্যা কৰিলে। পুঁজিপতিৰ অভাৱ বাবেই অসমত জাতীয়তাবাদ প্ৰতিষ্ঠাটো সম্ভৱ নহয়।‘

তেওঁৰ মতে ‘উত্তৰ পূৰ্বাঞ্চলৰ আবেগত জাতীয়তাবাদ কেতিয়াও পোৱা নাযায়। বংগৰ বুদ্ধিজীৱিয়ে অসমীয়া বুদ্ধিজীৱিক ইতিকিং কৰে। অসমীয়া জাতিৰ কোনো ভাল বুদ্ধিজীৱি নাই।‘

উল্লেখ্য যে আলফাক দেখি দেখি ভুটান ম্যানমাৰৰ মানুহে কাপোৰ পিন্ধিব শিকিলে বুলি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। লগতে আলফা শিবিৰৰ পৰাই সেই অঞ্চলৰ মানুহে টকাৰ ব্যৱহাৰ শিকিলে বুলিও ভাষণ প্ৰসংগত হাজৰিকাই কয়।

তেওঁৰ মতে ‘বিভিন্ন জনগোষ্ঠীৰ মাজৰ সম্পৰ্কটো নাইকিয়া হৈ গ’ল, গতিকে আত্মিকতা নাইকিয়া হোৱাৰ ফলত ভাৰতৰ শক্তিয়ে সকলোকে শোষণ কৰিবলৈ আৰম্ভ কৰিলে।‘

তাৎপৰ্যপূৰ্ণভাৱে, বজাৰ দখলেৰেহে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব পৰা যাব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি হাজৰিকাই লগতে কয়, ‘উত্তৰ পূৱৰ লোকসকলৰ মাজত ব্যৱসায়িক স্বাৰ্থ আৰম্ভ কৰিলে জাতীয়তাবাদ আপোনা আপুনি গঢ় লৈ উঠিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd