• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বুদ্ধিৰ মায়াজাল ৰচি চৰকাৰত থকা অগপৰ কৌশলে আৰু কাম নিদিব : অখিল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2018 9:16 pm
akhil (1)
262
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ক লৈ বিজেপিৰে মতানৈক্য অব্যাহত আছে মিত্ৰ দল অসম গণ পৰিষদৰ। বিধেয়কখন গৃহীত হ’লে অগপই মিত্ৰতা ভংগৰো ভাবুকি দি আহিছে। কিন্তু এই ভাবুকি কাৰ্যতঃ হ’ব নে তাক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে। এইবাৰ অগপৰ স্থিতিক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

মঙলবাৰে গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি অসম চৰকাৰৰ মিত্ৰ দল অসম গণ পৰিষদক লৈ পৰৱ হয় কৃষক নেতাজন। কিয়নো বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভাত নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত কৰাৰ বাবে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে। গতিকে অগপই এতিয়া কি কৰিব সেই কথা স্পষ্ট কৰাৰ দাবী জনাইছে অখিল গগৈয়ে।

তেওঁ কয়, ‘’অগপৰ কৌশলে আৰু কাম নিদিব। বেলেগ বেলেগ কথা কৈ, বুদ্ধিৰ মায়াজাল ৰচি চৰকাৰত কেনেকৈ থাকিব পাৰে আৰু কেনেকৈ কেইটামান পইচা গোটাব পাৰি এইটোৱেই আছিল অসম গণ পৰিষদৰ যোৱা সময়খিনিৰ একমাত্ৰ ৰাজনৈতিক আদৰ্শ আৰু কৌশল।‘’

তেওঁ কয় যে এতিয়া অগপৰ সভাপতি অতুল বৰাই কোনো কৌশল খটুৱাই উপায় উলিয়াব নোৱাৰে। এই বিষয়টো এতিয়া ৰাজনৈতিক নৈতিকতাৰ প্ৰশ্নত পৰিণত হ’ল। গতিকে নৈতিক দায়িত্ব পালন কৰি অগপক মিত্ৰতা ভংগ কৰি চৰকাৰৰ পৰা ওলাই অহাৰ বাবে দাবী জনায় অখিল গগৈয়ে।

তেওঁ কয়, ‘’অতুল বৰাৰ ভীমৰ বচন সকলোৰে মনত আছে। তেওঁ কৈছিল আমি এক মিনিটত মিত্ৰতা ভংগ কৰিব পাৰো। এতিয়া বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত বিধেয়কখন গৃহীত কৰাৰ বাবে প্ৰস্তাৱ লোৱাৰ পাছত মিত্ৰতা ভংগ কৰিবলৈ আমি কোৱাৰ কথাই নাই। ৰাজনৈতিকভাৱে সৎ হোৱা হ’লে নিজেই ওলাই আহিল হেতেন।‘’

ইমানৰ পাছতো যদি অগপই মিত্ৰতা ত্যাগ নকৰে তেতিয়াহ’লে অগপক আঞ্চলিকতাবাদী নহয় বুলি ধৰি লৈ তেওঁলোকেও দিল্লী-নাগপুৰৰ ওচৰত মূৰ দোৱোৱা বুলি ভাবিবলৈ বাধ্য হ’ব বুলি গগৈয়ে মন্তব্য কৰে।

ইয়াৰ উপৰিও অখিল গগৈয়ে কয়, ‘’অগপ নেতৃত্বই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত তেওঁলোকৰ গভীৰ আস্থা থকাৰ কথা কয়। কিন্তু তেওঁক সন্মুখত বহুৱাই লৈ নতুন দিল্লীৰ কাৰ্য নিৰ্বাহকৰ সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰস্তাৱ লোৱৰ পাছত আৰু তেওঁৰ ওপৰত আস্থাৰ কোনো কথাই আহি নপৰে।‘’

তেওঁ লগতে কয় যে সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়তেই কেন্দ্ৰীয় চৰকাৰে বাংলাদেশক ভূমি হস্তান্তৰ কৰা, বৃহৎ নদীবান্ধ আৰু অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰাৰ দৰে তিনিটাকৈ বিস্বাসঘাতকতা কৰিছিল। তাৰ পছতো তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিল। গতিকে মুখ্য মন্ত্ৰী সোণোৱালক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনো দিনেই আস্থাত নলয় বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে।

এতিয়াও যদি অগপই মিত্ৰতা ভংগ কৰি ওলাই নাহি বিজেপিৰ লগতে পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়াহ’লে অগপ-বিজেপিৰ ‘Common minimum programme’ কি হ’ব, তাত নাগৰিকত্ব সংশোধনী বিধেয়কো থাকিব নেকি বুলিও অখিল গগৈয়ে প্ৰশ্ন কৰে।

তেওঁ লগতে প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী, পবিন্দ্ৰ ডেকাকে প্ৰমুখ্য কৰি অসম আন্দোলনৰ নেতা তথা এতিয়াৰ অগপৰ বিধায়কসকলক ‘অসম চুক্তি আখৰে আখৰে পালন কৰিম’ বুলি কোৱা স্থিতি এতিয়াও আছেনে বুলিও প্ৰশ্ন কৰে।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd