• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুদ্ধিৰ মায়াজাল ৰচি চৰকাৰত থকা অগপৰ কৌশলে আৰু কাম নিদিব : অখিল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2018 9:16 pm
akhil (1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ক লৈ বিজেপিৰে মতানৈক্য অব্যাহত আছে মিত্ৰ দল অসম গণ পৰিষদৰ। বিধেয়কখন গৃহীত হ’লে অগপই মিত্ৰতা ভংগৰো ভাবুকি দি আহিছে। কিন্তু এই ভাবুকি কাৰ্যতঃ হ’ব নে তাক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে। এইবাৰ অগপৰ স্থিতিক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

মঙলবাৰে গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি অসম চৰকাৰৰ মিত্ৰ দল অসম গণ পৰিষদক লৈ পৰৱ হয় কৃষক নেতাজন। কিয়নো বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভাত নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত কৰাৰ বাবে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে। গতিকে অগপই এতিয়া কি কৰিব সেই কথা স্পষ্ট কৰাৰ দাবী জনাইছে অখিল গগৈয়ে।

Apply Now

তেওঁ কয়, ‘’অগপৰ কৌশলে আৰু কাম নিদিব। বেলেগ বেলেগ কথা কৈ, বুদ্ধিৰ মায়াজাল ৰচি চৰকাৰত কেনেকৈ থাকিব পাৰে আৰু কেনেকৈ কেইটামান পইচা গোটাব পাৰি এইটোৱেই আছিল অসম গণ পৰিষদৰ যোৱা সময়খিনিৰ একমাত্ৰ ৰাজনৈতিক আদৰ্শ আৰু কৌশল।‘’

তেওঁ কয় যে এতিয়া অগপৰ সভাপতি অতুল বৰাই কোনো কৌশল খটুৱাই উপায় উলিয়াব নোৱাৰে। এই বিষয়টো এতিয়া ৰাজনৈতিক নৈতিকতাৰ প্ৰশ্নত পৰিণত হ’ল। গতিকে নৈতিক দায়িত্ব পালন কৰি অগপক মিত্ৰতা ভংগ কৰি চৰকাৰৰ পৰা ওলাই অহাৰ বাবে দাবী জনায় অখিল গগৈয়ে।

তেওঁ কয়, ‘’অতুল বৰাৰ ভীমৰ বচন সকলোৰে মনত আছে। তেওঁ কৈছিল আমি এক মিনিটত মিত্ৰতা ভংগ কৰিব পাৰো। এতিয়া বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত বিধেয়কখন গৃহীত কৰাৰ বাবে প্ৰস্তাৱ লোৱাৰ পাছত মিত্ৰতা ভংগ কৰিবলৈ আমি কোৱাৰ কথাই নাই। ৰাজনৈতিকভাৱে সৎ হোৱা হ’লে নিজেই ওলাই আহিল হেতেন।‘’

ইমানৰ পাছতো যদি অগপই মিত্ৰতা ত্যাগ নকৰে তেতিয়াহ’লে অগপক আঞ্চলিকতাবাদী নহয় বুলি ধৰি লৈ তেওঁলোকেও দিল্লী-নাগপুৰৰ ওচৰত মূৰ দোৱোৱা বুলি ভাবিবলৈ বাধ্য হ’ব বুলি গগৈয়ে মন্তব্য কৰে।

ইয়াৰ উপৰিও অখিল গগৈয়ে কয়, ‘’অগপ নেতৃত্বই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত তেওঁলোকৰ গভীৰ আস্থা থকাৰ কথা কয়। কিন্তু তেওঁক সন্মুখত বহুৱাই লৈ নতুন দিল্লীৰ কাৰ্য নিৰ্বাহকৰ সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰস্তাৱ লোৱৰ পাছত আৰু তেওঁৰ ওপৰত আস্থাৰ কোনো কথাই আহি নপৰে।‘’

তেওঁ লগতে কয় যে সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়তেই কেন্দ্ৰীয় চৰকাৰে বাংলাদেশক ভূমি হস্তান্তৰ কৰা, বৃহৎ নদীবান্ধ আৰু অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰাৰ দৰে তিনিটাকৈ বিস্বাসঘাতকতা কৰিছিল। তাৰ পছতো তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিল। গতিকে মুখ্য মন্ত্ৰী সোণোৱালক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনো দিনেই আস্থাত নলয় বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে।

এতিয়াও যদি অগপই মিত্ৰতা ভংগ কৰি ওলাই নাহি বিজেপিৰ লগতে পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়াহ’লে অগপ-বিজেপিৰ ‘Common minimum programme’ কি হ’ব, তাত নাগৰিকত্ব সংশোধনী বিধেয়কো থাকিব নেকি বুলিও অখিল গগৈয়ে প্ৰশ্ন কৰে।

তেওঁ লগতে প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী, পবিন্দ্ৰ ডেকাকে প্ৰমুখ্য কৰি অসম আন্দোলনৰ নেতা তথা এতিয়াৰ অগপৰ বিধায়কসকলক ‘অসম চুক্তি আখৰে আখৰে পালন কৰিম’ বুলি কোৱা স্থিতি এতিয়াও আছেনে বুলিও প্ৰশ্ন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd