গুৱাহাটী মহানগৰীৰ পাহাৰত বসবাস কৰি অহা লোকসকলৰ বাবে সুখবৰ। কিয়নো ৰাজ্য চৰকাৰে অতি শীঘ্ৰে মহানগৰীৰ পাহাৰত বসবাস কৰি অহা লোকক প্ৰদান কৰিব ভূমি পট্টা।
উল্লেখ্য যে ৬ ছেপ্তেম্বৰত জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত ভূমি পট্টা প্ৰদান সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি মাটিৰ পট্টা লাভ কৰিব লগা লোকসকল হ’ব লাগিব ভূমিহীন। ভূমিহীন প্ৰতিটো পৰিয়ালক প্ৰদান কৰা হ’ব ১ কঠা ৫ লেচা মাটি। তাৰেপৰি ভূমি পট্টা বিচাৰি আবেদন কৰা আবেদনকাৰীৰ নামত অসমৰ কোনো ঠাইতে মাটি থাকিব নোৱাৰিব। আনকি পিতৃ-মাতৃৰ নামতো থাকিব নোৱাৰিব ভূমি। ইয়াৰ বাবে ৰাজহ চক্ৰ বিষয়াৰ পৰা ভূমিহীনৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি আবেদনৰ লগত গাঁঠি দিব লাগিব।
আনহাতে ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ খেলিমেলি নহয় তাৰ বাবে প্ৰতিগৰাকী আবেদনকাৰীৰ আবেদনৰ ওপৰত ৰাজ্য চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিব বুলি প্ৰকাশ কৰে। তাৰ উপৰি প্ৰকৃত খিলঞ্জীয়া লোকেহে যাতে ভূমি পট্টা লাভ কৰে তাৰ বাবে এন আৰ চিৰ বংশবৃক্ষ তথা এন আৰ চিৰ সকলো নথিৰ ওপৰতো চকু ৰাখিব অসম চৰকাৰে।