• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত অঞ্জলি দত্ত সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 12, 2018 9:36 pm
FB_IMG_1536736398331
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত আজি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ষষ্ঠদশ অঞ্জলি দত্ত সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠান। অনুষ্ঠানটো সঞ্চালন  কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় অধ্যক্ষ সৌমাৰজ্যোতি মহন্তই।

এই বক্তৃতা অনুষ্ঠানত ‘সাম্প্ৰতিক সমাজৰ গতি ধাৰা আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যত’ শীৰ্ষক আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি বিশিষ্ঠ মনোৰোগ চিকিৎসক তথা অভিনেতা ডা:জয়ন্ত দাসে কয় যে ২০৩০ চনৰ ভিতৰত মানসিক হতাশগ্ৰস্থতা বিশ্বৰ প্ৰধান সমস্যা হিচাপি চিহ্নিত হব।

দাৰ্শনিক ছক্ৰেটিছে খ্ৰীষ্টপূৰ্ব পাঁচশ শতিকাতেই উশৃংখল যুৱ মানসিকতাৰ কথা উল্লেখ কৰিছিল। সেয়হে ছাত্ৰ সমাজক মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ অৰ্থে শিক্ষক  আৰু অভিভাৱকৰ বহু কৰণীয় আছে।ইয়াৰ বাবে ‘স্কুল মেণ্টেল হেলথ প্ৰগ্ৰেম’ৰ যথেষ্ট প্ৰয়োজন আছে। তেওঁ কয় ‘‘আমি সাম্প্ৰতিক সময়ত ইতিবাচক দৃষ্টিভংগীৰে যুৱ প্ৰজন্মক ভাল পথ দেখুৱাই এখন সুন্দৰ আৰু সমৃদ্ধিশালী সমাজ গঠনৰ চেষ্টা চলাব লাগে।’’

‘‘বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন আৰু বিকাশৰ লগে লগে মানুহৰ মানসিক চাপ বৃদ্ধি পাব ধৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত বিকাশে সমাজখনক বহু দিছে যদিও একাংশ মানুহে নি:সঙ্গগতা অনুভৱ কৰিব ধৰিছে। কিশোৰ-কিশোৰীৰ লগতে বৃদ্ধসকলৰ মনতো নি:সঙ্গতাই সমস্যাৰ সৃষ্টি কৰা দেখা গৈছে। নৱ-প্ৰজন্মৰ মাজত আত্মবিশ্বাস যোগোৱাত শিক্ষকসকলে ইন্ধন যোগাব লাগিব। তাৰ বাবে আৱেগিক বুদ্ধিমত্তা আৰু সামাজিক বুদ্ধিমত্তাৰ ওপৰত শিক্ষাৰ পাঠ্যক্রম যুগুত কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ মগজুৰ বিন্যাসৰ বাবে আমি এতিয়াই প্ৰস্তুত হব লাগিব। বিজ্ঞান প্ৰযুক্তিৰ যুগত কম্পিউটাৰ, ফেচবুক, হোৱাটএপ আদিয়ে আমাৰ মন-মগজু গ্ৰাস কৰিছে যদিও আমি প্ৰযুক্তিৰ ভাল গুণ বোৰহে গ্ৰহণ কৰিব লাগে’’ বুলি মন্তব্য কৰে মনোৰোগ বিশেষজ্ঞগৰাকীয়ে।

এই বক্তৃতা অনুষ্ঠানত বিশিষ্ট লেখকা মণিকুন্তলা ভট্টাচাৰ্যই কয় যে প্ৰতিজন অসমীয়াই আমাৰ মাতৃভাষাক জীয়াই ৰাখিব লাগিব।দীৰ্ঘদিন ধৰি অসমীয়া ভাষা সংকটত আছে যদিও আমাৰ মাজত মাতৃভাষা মাধ্যমৰ যথেষ্ট পাঠক আজিও আছে। নৱপ্ৰজন্মক অসমীয়া গ্ৰন্থ পঢ়িবলৈ আহ্বান জনায় বিশিষ্ট লেখিকাগৰাকীয়ে। শিৱসাগৰৰ দেৱবালা চহৰীয়াৰ উপন্যাস লিখাৰ পাছত ঐতিহাসিক শিৱসাগৰৰ ভাষা-সাহিত্য- সংস্কৃতি আৰু ঐতিহ্যক লৈ এখন পূৰ্ণাংগ গ্ৰন্থ লিখাৰ প্ৰস্তুতি চলাইছে বুলি মন্তব্য কৰে মণিকুন্তলা ভট্টাচাৰ্যই।

শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ইনামূল হাজৰিকাই আঁত ধৰা অনুষ্ঠাটোত উপস্থিত থাকে শিৱসাগৰৰ নগৰ উন্নয়ন আয়ুক্ত অভিজিৎ বৰুৱা, জিলা বিদ্যালয়ৰ পৰিদৰ্শক আব্দুল জেলিল আৰু অঞ্জন দত্তৰ ভাতৃ অনুপ দত্ত।

অনুষ্ঠানত শিৱসাগৰ জিলাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদান কৰা হয়।

তাৰোপৰি নিহাৰ গগৈ, পৰমিত কৌৰ, সুকন্যা বৰা আৰু তছলিমা নাচৰিন হাজৰিকাক ক্ৰমে প্ৰয়াত সাংবাদিক আলফৰিদ ছাজাদ, জিতেন চুতীয়া,  মতিউৰ ৰহমান হাজৰিকা আৰু আলহাজ আব্দুল লটিফ বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত কঠিন ৰোগত আক্ৰান্ত সোণমণি বৰালৈ বিশিষ্ট নিবন্ধকাৰ তথা শিৱসাগৰ কলেজৰ ৰাজনীতি বিভাগৰ মূৰব্বী অধ্যাপক ড০ সব্যসাচী মহন্তই আৰ্থিক সাহায্য প্ৰদান কৰে।

এই অনুষ্ঠানতে মুচাব্বিৰ ইছলাম, অম্লানজ্যোতি দাস, পাৰভেজ মুস্তাফা আৰু সবনম য়াচমিন আহমেদে মাটি পানী উভয়তে চলা চাইকেল নিৰ্মাণ কৰি শিৱসাগৰলৈ বিৰল কৃতিত্ব কঢ়িয়াই অনাৰ বাবে তেওঁলোকক অভিনন্দন জনোৱা হয়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd