• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেন্সাৰক চিৰ বিদায়! প্ৰাথমিক-মাধ্যমিক, মাদ্ৰাছা-সংস্কৃত টোল ২-৩ মাহৰ ভিতৰত হ’ব প্ৰাদেশীকৰণ : আশ্বাস শিক্ষা মন্ত্ৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 12, 2018 10:17 pm
Siddhartha-Bhattacharya-1-570x320

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি জনতা ভৱনৰ শিক্ষা ব্লকত শিক্ষক কৰ্মচাৰীসকলৰ সৈতে অনুষ্ঠিত প্ৰাথমিক পৰ্য্যায়ৰ পৰা ডিগ্ৰী পৰ্য্যায়লৈকে তথা মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহক প্ৰাদেশীকৰণৰ জৰিয়তে ভেন্সাৰ শব্দটোক চিৰবিদায় দিব বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য যে কিছু দিন পূৰ্বে বৰ্তমানৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে ‘ভেন্সাৰ মানে কি?’ বুলি প্ৰশ্ন কৰিছিল। কিন্তু তাৰ বিপৰীতে আজি ভেন্সাৰ বিদ্যালয়ৰ প্ৰাসংগিকতা থকা বুলি শিক্ষক কৰ্মচাৰীসকলৰ সৈতে হোৱা আলোচনা চক্ৰত উল্লেখ কৰা বুলি শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

ইয়াৰোপৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে ভেন্সাৰ স্কুলৰ শিক্ষকসকলে বিদ্যালয়সমূহত অতি কষ্টৰে সেৱা আগবঢ়াই অহা বুলি স্বীকাৰ কৰা বুলিও সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, অহা ২-৩ মাহৰ ভিতৰতে আইনৰ গণ্ডীৰ মাজত তথা বিভিন্ন দিশসমূহ চালি-জাৰি চাই অপ্ৰাদেশীকৃত বিদ্যালয়সমূহক প্ৰাদেশীকৰণ কৰাৰ আশ্বাস দিয়ে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, দিৰ্ঘদিন ধৰি ভেন্সাৰ বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰাৰ উপৰিও অন্যান্য কেতবোৰ দাবীৰে আন্দোলন চলাই নিয়া শিক্ষক কৰ্মচাৰীসকলে যোৱা ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস উৎযাপন পৰিহাৰ কৰি ৰাজভৱন চলৌ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল। তাৰ পাছতেই শিক্ষা মন্ত্ৰীগৰাকীয়ে ১২ ছেপ্তেম্বৰত  তেওঁলোকৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

আজিৰ বৈঠকত শিক্ষা আইনত থকা আসোঁৱাহসমূহ দূৰ কৰা হ’ব বুলিও শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই প্ৰতিশ্ৰুতি প্ৰদান কৰে শিক্ষক-কৰ্মচাৰীসকলক। লগতে আইনত থকা কিছুমান বিষয় তথা দফাৰ সংশোধন কৰা হ’ব বুলিও শিক্ষা মন্ত্ৰীগৰাকীয়ে শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চক আশ্বাস দিয়ে।

আনহাতে ঐক্য মঞ্চৰ সাধাৰণ সম্পাদকগৰাকীয়ে নৰ্থ ইষ্ট নাওক জনোৱা মতে আলোচনা কালছোৱাত শিক্ষা মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক ৰাজপথত ওলাই আহিব নালাগে বুলি আহ্বান জনায়। ইয়াৰ বিপৰীতে শিক্ষা মন্ত্ৰী আৰু শিক্ষক-কৰ্মচাৰীয়ে আলোচনাৰ মাধ্যমেৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে শিক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁলোকক আলোচনাকালত আহ্বান জনায়।

ইয়াৰোপৰি হিন্দী আৰু আৰবী শিক্ষকে মাধ্যমিক পৰ্য্যায়ত সম্পূৰ্ণৰূপে বিদ্যালয়ত উপস্থিত থকা বাবে তেওঁলোকক অতিৰিক্ত শিক্ষক হিচাপে ধৰি লোৱা ধাৰণাটো ভুল বুলি স্বীকাৰ কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে। গতিকে হিন্দী আৰু আৰবী বিষয়ৰ শিক্ষকসকলকো প্ৰাদেশীকৰণৰ কৰিবৰ বাবে আলোচনাচক্ৰত উপস্থিত থকা শিক্ষা বিষয়াসকলক শিক্ষা মন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

উক্ত আলোচনা চক্ৰত শিক্ষা মন্ত্ৰীৰ লগত শিক্ষা বিভাগৰ আয়ুক্তকে মুখ্য কৰি বহুকেইজন শিক্ষা বিষয়া আৰু শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ হৈ ২৫ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm
মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd