সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থা চমুকৈ আমছুৱে ‘বিজেপিৰ শ্ৰুতলিপি’ অনুসৰি এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্তিৰ বাবে ১৫ টা নথিৰ ভিতৰত ৫ টা বাদ দিয়াৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে বৃহস্পতিবাৰে গুৱাহাটীত এক দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে। আমছুৱে অভিযোগ কৰে যে বিজেপিয়ে এন আৰ চিৰ নামত লোকক হাৰাশাস্তি কৰিছে।
আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে নৰ্থইষ্ট নাওৰ আগত কয়,’’ নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান) অধিনিয়ম, ২০০৩’ (২০০৯ ৰ সংশোধনী)ত এইটো স্পষ্ট উল্লেখ আছে যে যদি কোনো ব্যক্তিৰ নাম ১৯৭১ চনৰ পূৰ্বৰ যিকোনো ভোটাৰ তালিকাত অথবা ১৯৫১ চনৰ নাগৰিকপঞ্জীত থাকে, তেনেহ’লে তেওঁৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব।‘’
‘’প্ৰতীক হাজেলাই ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ নথি আৰু ১৯৭১ চনৰ পূৰ্বৰ ভোটাৰ তালিকাত দুয়োটা গুৰুত্বপূৰ্ণ নথিকে বাদ দিবলৈ উচ্চতম ন্যায়ালয়ক পৰামৰ্শ দিছিল যিটো আমছুৱে কেতিয়াও সহ্য নকৰে,’’-ৰহমানে কয়।
এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ নথি আৰু ১৯৭১ চনৰ পূৰ্বৰ ভোটাৰ তালিকাকে ধৰি নাগৰিকত্ব প্ৰমান পত্ৰ, ১৯৭১ চনৰ পূৰ্বৰ শৰণাৰ্থীৰ প্ৰমান পত্ৰ আৰু ৰেচন কাৰ্ডক এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে থকা ১৫ বিধ নথিৰ পৰা বাদ দিবলৈ উচ্চতম ন্যায়ালয়ক পৰামৰ্শ দিছিল।
তালিকাৰ পৰা এই পাঁচ বিধ নথিক বাদ দিবলৈ হাজেলাই দিয়া পৰামৰ্শ সৰ্বোচ্চ ন্যায়ালয়ক অগ্ৰাহ্য কৰিবলৈ দাবী জনাই ৰহমানে কয়, ‘’আমছুৱে অসম চুক্তিক সন্মান কৰে আৰু ঐতিহাসিক চুক্তিখনৰ আধাৰতে এখন নিৰ্ভুল এন আৰ চি বিচাৰে।‘’
চৰকাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’ গৃহীত কৰাৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভত বিজেপিক সমালোচনা কৰি ৰহমানে কয়,’’ এপিনে বিজেপিয়ে কয় যে অসম চুক্তি হৈছে এন আৰ চিৰ আত্মা আৰু আনহাতে, ই পৰস্পৰ বিৰোধী নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’ গৃহীত কৰাব বিচাৰে।‘’
আমছুৰ উপদেষ্টা গৰাকীয়ে জানিবলৈ দিয়ে যে সংগঠনটোৱে অহা ১৫ ছেপ্টেম্বৰত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিব।