• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তঃৰাষ্ট্ৰীয় শ্বুটিঙত স্বৰ্ণ জয় কৰা ‘হৃদয়’ক সম্বৰ্ধনা জনালে মুখ্য মন্ত্ৰী সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2018 8:15 am
DSC_3842-570x320
242
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ কোৰিয়াত অনুষ্ঠিত ৫২ সংখ্যক আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বীপত জুনিয়ৰ শাখাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক অৰ্জন কৰি অসমৰ লগতে গোটেই দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনা হৃদয় হাজৰিকাক বৃহস্পতিবাৰে গুৱাহাটীৰ শিল্পগ্ৰামত এক অনুষ্ঠানৰ মাজেৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বুটাৰ হৃদয়ক এখন শৰাই, গামোচা, জাপি, অভিনন্দনপত্ৰ আৰু ক্ৰীড়ানীতি অনুসৰি ২৫ লাখ টকাৰ চেক প্ৰদান কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে উদীয়মান শ্বুটাৰগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে তেওঁক উদ্দেশ্যি কয়, ‘হৃদয় তুমি আমাৰ সকলোৰে জিনিলা হৃদয়। তোমাৰ সাফল্য তথা কৃতকাৰ্যতাই সৃষ্টি কৰক হেজাৰজন হৃদয়ৰ, যিয়ে আমাৰ শক্তি আৰু সামৰ্থ বিশ্বত প্ৰকাশ কৰিবলৈ সক্ষম হ’ব’।

হিমা দাসৰ পাছত বিশ্ব পৰ্যায়ত অসমৰ আন এক সফলতা বুলি উল্লেখ কৰি সোণোৱালে কয় যে শ্বুটিং খেলৰ প্ৰতি নৱ প্ৰজন্মৰ আগ্ৰহ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে শ্বুটিং ৰেঞ্জ স্থাপন কৰিব যাতে অসমৰ পৰা হৃদয়ৰ দৰে আৰু অধিক বিশ্বমানৰ খেলুৱৈৰ সৃষ্টি হয়। তাৰোপৰি মুখ্য মন্ত্ৰীয়ে ২০২০ত টকিঅ’ত হ’বলগীয়া অলিম্পিকত সাফল্য লাভ কৰাৰ বাবে হৃদয়ক প্ৰয়োজনীয় সকলো সা-সুবিধা ৰাজ্য চৰকাৰে প্ৰদান কৰিব বুলি উল্লেখ কৰে।

ইফালে অনুষ্ঠানত ভাষণ প্ৰদান কৰি হৃদয় হাজৰিকাই তেওঁৰ এই সফলতাৰ বাবে পিতৃ-মাতৃ, সকলো স্তৰৰ প্ৰশিক্ষক আৰু অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে তেওঁ আগন্তুক প্ৰতিযোগিতা সমূহতো সফলতা আহৰণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা কৰি যাব বুলি দৃঢ়তাৰে ভাষণ প্ৰসংগত উল্লেখ কৰে।

বৃহস্পতিবাৰৰ এই অভিনন্দন অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী ৰিহণ দৈমাৰী, মন্ত্ৰী চুম ৰংহাং, সাংসদ বিজয়া চক্ৰৱৰ্তী, বিধায়ক সত্যব্ৰত কলিতাৰ লগতে বিভিন্ন ব্যক্তি উপস্থিত আছিল।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd