• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাৰ কোকিলাত মোডী,জেটলিৰ পুত্তলিকা দাহ : চৰকাৰ বিৰোধী ধ্বনিৰে যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ইযাছিন আলী by ইযাছিন আলী
September 14, 2018 12:38 pm
Photo from Yeasin Ali, Kokila _20180914-101746

শুকুৰবাৰে বঙাইগাওঁ জিলাৰ কোকিলাত প্ৰধানমন্ত্ৰী মোডী আৰু বিত্তমন্ত্ৰী জেটলিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে যুৱ কংগ্ৰেছে। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বঙাইগাঁও জিলা আৰু উত্তৰ অভয়াপুৰী সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত মনাকছা বজাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তীয়মন্ত্ৰী অৰুণ জেটলিৰ পুত্তলিকা দাহ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, অৰুণ জেটলি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, সাধাৰণ জনতাৰ পকেট মাৰি খাইছে মোডী মালীয়াই, যুৱ কংগ্ৰেছ জিন্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

Apply Now

হাতে হাতে প’ষ্টাৰ, প্লে’ কাৰ্ড লৈ বিজেপি চৰকাৰক কৰ্পোৰেট গোষ্ঠীৰ ৰক্ষক বুলি অভিহিত কৰাৰ লগতে নিৰৱ মোডী, বিজয় মালিয়া, ললিত মোডীৰ দৰে লোকে ভাৰতবৰ্ষৰ পৰা কোটি কোটি টকা সৰকাই লৈ বিদেশত আৰামত দিন কটাইছে বুলিও যুৱ কংগ্ৰেছ কৰ্মীসকলে মন্তব্য কৰে।

সাধাৰণ জনতাই মূৰৰ ঘাম মাটিত পেলাই জমা থোৱা ধন কেইজনমান ধনকুবেৰে ঋণ হিচাপে লৈ পৰিশোধ নকৰি বিদেশলৈ পলাই গৈ বিলাসী জীৱন যাপন কৰি আছে বুলি মন্তব্য কৰি প্ৰতিবাদকাৰীসকলে  সেইসকল ব্যক্তিৰ লগত বিজেপি চৰকাৰৰ মিতিৰালি থকাৰো অভিযোগ কৰে।

ইফালে কৃষকে কৃষি ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিব লগা হৈছে বুলি উল্লেখ কৰি তেওঁলোকে কয় যে ইয়াৰ বিপৰীতে বিজয় মালিয়া, নিৰৱ মোডী, ললিত মোডী তথা কৰ্পৰেটগোষ্ঠীৰ লগত বিজেপি চৰকাৰৰ মিতিৰালিৰ থকাৰ ইংগিত পোৱা গৈছে আৰু ইয়াৰ সুবিধা গ্ৰহণ কৰি তেওঁলোকে ৰাইজৰ ধন লুণ্ঠন কৰিছে।

বিজয় মালিয়াক পলাই যাবলৈ চৰকাৰে সহযোগ কৰা বুলি সদৰী কৰি যুৱ কংগ্ৰেছৰ নেতাসকলে কয় যে যোৱাৰ সময়ত মালিয়াই ভাৰতবৰ্ষৰ বিত্ত মন্ত্ৰী অৰুণ জেটলিক  সাক্ষাৎ কৰিছিল আৰু এই সকলো কথা অৰুণ জেটলিৰ অৱগত।

বিজেপিয়ে নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিল তাৰ এটাও পালন কৰিব পৰা নাই বুলি অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰক মিছলীয়া চৰকাৰ বুলি আখ্যা দিয়ে। যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে এই পুত্তলিকা দাহৰে বিজেপি চৰকাৰ আৰু কৰ্পোৰেটগোষ্ঠীৰ মাজত থকা সম্পৰ্ক পুৰি ছাৰখাৰ  কৰিলে বুলি মন্তব্য কৰে।

ইযাছিন আলী

ইযাছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd