• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! বজাৰত বন্ধাকবি কিনাৰ সময়ত এশবাৰ ভাবক (ভিডিঅ’টো চাওক)

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 14, 2018 5:11 pm
PlasticCabbage

প্লাষ্টিকৰ বুলি দাবী কৰা বন্ধাকবিটো লৈ ধৰ্মকান্ত গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ বজাৰত বন্ধাকবি কিনাৰ পূৰ্বে আপুনি দহবাৰ ভাবক। এইখন বজাৰৰ পৰা বন্ধাকবি কিনি নিয়া এজন গ্ৰাহকে ভালকৈ পৰীক্ষা কৰাৰ পিছত সেয়া প্লাষ্টিকৰ বন্ধাকবি বুলি দাবী কৰি পুনৰ বিক্ৰেতাজনৰ ওচৰলৈ অহাৰ ঘটনা এটা আমাৰ হাতত পৰিছেহি।

দেখাত সাধাৰণ বন্ধাকবিৰ দৰে হ’লেও সেইটো প্লাষ্টিকৰ বন্ধাকবিহে বুলি গ্ৰাহকজনে দাবী কৰিছে।

জানিব পৰা মতে, ছয়মাইলৰ নিৱাসী ধৰ্মকান্ত গগৈ নামৰ এগৰাকী ব্যক্তিয়ে এসপ্তাহ পূৰ্বে ছয়মাইলৰ ফ্লাই অ’ভাৰৰ তলত থকা দৈনিক বজাৰৰ এখন পাচলি দোকানৰ পৰা এটা বন্ধাকবি ক্ৰয় কৰিছিল। ক্ৰয় কৰাৰ পাছত তেওঁ জন্মস্থান লখিমপুৰলৈ যাব লগা হোৱাত কবিটো খাব নোৱাৰিলে।

কিন্তু লখিমপুৰৰ পৰা ঘূৰি আহি ১৩ ছেপ্তেম্বৰত শাক-পাচলিখিনি লক্ষ্য কৰাত দেখে যে অন্য সকলো শাক-পাচলি গেলিপচি গ’ল যদিও উক্ত কবিটো সতেজ হৈয়ে আছে।

তেতিয়াই তেওঁ কবিটোৰ পাত এটা গুচাই ভালদৰে নিৰীক্ষণ কৰাত সেয়া প্লাষ্টিকৰ কবি বুলি ভাব হয়। লগে লগে তেওঁ কবিটোৰ এটা ভিডিঅ’ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আপল’ড কৰে।

আনহাতে, আজি, অৰ্থাৎ ১৪ ছেপ্তেম্বৰত ধৰ্মকান্ত গগৈয়ে বেপাৰীজনক কিয় প্লাষ্টিক কবি বিক্ৰী কৰিছে বুলি সোধাত তেওঁ কয় যে তেওঁলোক এই সম্পৰ্কে জ্ঞাত নহয় তথা তেওঁলোকে হ’লছেইলৰ পৰা কবিসমূহ ক্ৰয় কৰে।

আমাক জনোৱামতে, ধৰ্মকান্ত গগৈয়ে কাইলৈ খাদ্য সুৰক্ষা আৰু যোগান বিভাগত উক্ত বিষয়টোৰ সন্দৰ্ভত এটা গোচৰ তৰিব।

খাদ্য সুৰক্ষা আৰু যোগান বিভাগে গগৈৰ দাবীৰ সত্যতা-অসত্যতা নিশ্চিত কৰিবৰ বাবে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব।

মন কৰিব লগীয়া যে যোৱা কিছুদিন ধৰি প্লাষ্টিকৰ বন্ধাকবিৰ বিষয়ে যথেষ্ট প্ৰচাৰ চলি আহিছে যদিও এয়া কিমান দূৰ সত্য বা সঠিক পৰীক্ষা-নিৰীক্ষাৰ ওপৰত প্ৰতিষ্ঠিত তাত সন্দেহ আছে।

বিশেষজ্ঞসকলৰ মত যে প্লাষ্টিকৰ বন্ধাকবি বনোৱা কথাটো একেবাৰে বিশ্বাসযোগ্য নহয় আৰু সেয়া অৰ্থনৈতিকভাৱেও লাভজনক নহয়। অন্যান্য কিছুমান গছপাতৰ দৰে বন্ধাকবিৰ পাততো প্লাষ্টিকৰ গুণ (টানিলে অলপ প্ৰসাৰিত হোৱা) থাকে। লেৰেলিলে সেয়া বেছিকৈ হয়। ইয়াকে মানুহে প্লাষ্টিকৰ বুলি ভুল কৰিব পাৰে।

আনহাতে ইণ্টাৰনেট জগত বা ফেইচবুক আদিত প্লাষ্টিকৰ কবি বনোৱাৰ যি ভিডিঅ’ পোৱা যায়, সেয়া গৱেষণা আৰু শিক্ষামূলক তথা প্ৰদৰ্শনীৰ উদ্দেশ্যে কৰা কামৰ ভিডিঅ’। জাপান আৰু চীনত গ্ৰাহকৰ বাবে ৰখা খাদ্য সামগ্ৰী (Food Item) ৰ নমুনা প্ৰদৰ্শনৰ বাবেও এনেকুৱা নমুনাসদৃশ বন্ধাকবি ৰখা হয় বুলি জানিব পৰা গৈছে।

যি নহওক ধৰ্মকান্ত গগৈৰ গোচৰ বা অভিযোগ মতে খাদ্য সুৰক্ষা বিভাগে বিষয়টো কেনেধৰণে গ্ৰহণ কৰে বা ইয়াৰ পুংখানুপুংখ অনুসন্ধান কৰে নে নকৰে সেইটো মন কৰিব লগীয়া কথা হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd