• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্দোলনৰ ফলশ্ৰুতি : অৱশেষত নিৰ্মাণ হোৱাৰ পথত হালোৱাটিঙৰ সীমান্ত চকী

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
September 16, 2018 1:17 pm
Protest-Nagaland-768x471

নাগালেণ্ডৰ বিৰুদ্ধে হালোৱাটিঙত বিভিন্ন দল-সংগঠনৰ অৱৰোধ। ফাইল ফটো

171
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন দল সংগঠনৰ আন্দোলন আৰু ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত অৱশেষত নিৰ্মাণ হোৱাৰ পথত আগবাঢ়িছে শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ হালোৱাটিঙৰ সীমান্ত চকী। ইতিমধ্যে সীমান্তৰ “এফ ” চেক্টৰত নিৰ্মাণ হ’বলগীয়া সীমান্ত চকীৰ বাবে প্ৰয়োজনীয় ভূমি জিলা প্ৰশাসনে গড়কাপ্তানী বিভাগলৈ হস্তান্তৰ কৰিছে।

উল্লেখযোগ্য যে প্ৰথম অৱস্থাত উক্ত স্থানত সীমান্ত চকী নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছিল যদিও নাগালেণ্ডৰ অবৈধ হস্তক্ষেপৰ বাবে সীমান্ত চকী  নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰিছিল। নাগালেণ্ডৰ এনে দুস্কাৰ্যৰ প্ৰতিবাদত হালোৱাটিত ৩০ টাৰো অধিক জাতীয় সংগঠনে  একাধিকবাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীও ৰূপায়ন কৰিছিল।

শেহতীয়াকৈ যোৱা ১২ চেপ্টেম্বৰত আটাছুৰ আমগুৰি আৰু হালোৱাটিং আঞ্চলিক সমিতিৰ উদ্যোগত তথা আটাছু আমগুৰি সমষ্টিৰ সমুহ আঞ্চলিকৰ সহযোগত  ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্য্যসূচী হাতত লৈছিল। আনকি সংগঠনটোৱে সীমান্ত চকী নিৰ্মাণৰ বাবে চাৰিদিনৰ চূড়ান্ত সময়সীমা বান্ধি দিছিল।

অৱশেষত আটাছুৰ দাবীত সেও মানি শিৱসাগৰ জিলা প্ৰশাসনে সীমান্ত চকীৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ বাবে ব্যৱস্থা ল’বলৈ বাধ্য হয়। যোৱা ১৩ চেপ্টেম্বৰত শিৱসাগৰ জিলা উপায়ুক্তই আটাছুৰ স্থানীয় নেতাক মোৱাইল বাৰ্তা যোগে সীমান্ত চকী নিৰ্মাণৰ বিষয়ে অৱগত কৰে।

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ মহকুমা সমিতিৰ প্ৰচাৰ সম্পাদক গৌতম দিহিঙ্গীয়াই  এক বিবৃতি যোগে এই কথা জানিবলৈ দিছে।

Recent News

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd