• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতী ধৰা মানুহক ঠগি আত্মস্যাৎ ৩.০৫ কোটি টকা : হাতী ফান্দী ইউনিয়নৰ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 17, 2018 7:58 am
4bdb121a-bee4-4f0d-955a-991b3c1f8334
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতী ফান্দী ইউনিয়ন পৰিচালনা কৰা ৰাজ্যিক সভাপতি ৰত্নেশ্বৰ গগৈ আৰু সাধাৰণ সম্পাদক যোগেন দোলাকাষৰীয়াৰ লগতে এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতাৰ বিৰুদ্ধে ৩.০৫ কোটি টকা কেলেংকাৰিৰ গুৰুতৰ অভিযোগ আনিছে ট্ৰেড ইউনিয়ন কোৰ্ডিনেশ্যন চেন্টাৰৰ সাধাৰণ সম্পাদক জি আৰ শিৱশংকৰে।

উল্লেখ্য যে, মনমোহন সিং প্ৰধান মন্ত্ৰী হৈ থকাৰ সময়তে হাতী ফান্দীসকলৰ কাৰণে এক আঁচনিৰ অধীনত প্ৰত্যেকৰ বাবে ৩ কঠা মাটি আৰু একোটাকৈ গৃহ প্ৰদানৰ কথা ঘোষণা কৰা হৈছিল। তদুপৰি জীৱিকা নিৰ্বাহৰ কাৰণে হাতী ফান্দীসকলক ৩ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছিল। ইয়াৰ লগতে আঁচনিৰ ধনো ইতিমধ্যে মুকলি কৰা দিয়া হৈছিল। এই সকলোবোৰ কথা জানিবলৈ দিয়ে জি আৰ শিৱশংকৰে।

Apply Now

আনহাতে, ইউনিয়নৰ অসম শাখাৰ সভাপতি মিহিৰ নন্দীয়ে সদৰী কৰে যে মাত্ৰ ১৭০ জন হাতীফান্দীয়ে ২০০৯ চনত এই আঁচনিখনৰ সুবিধা লাভ কৰিছিল আৰু তাৰ পাছতেই এই আঁচনি বন্ধ হৈ গৈছিল।

তদুপৰি যিসকল হাতী ফান্দীয়ে এই আঁচনিৰ কাম পাইছে, তেওঁলোকৰ পৰাও ১০ হাজাৰ টকাকৈ লৈহে আঁচনিৰ অধীনৰ ধন, ঘৰ তথা মাটি পাইছিল। আনহাতে, হাতী ফান্দী ইউনিয়নৰ সভাপতি ৰত্নেশ্বৰ গগৈ আৰু যোগেন দোলাকাষৰীয়াই বহুকেইজন হাতী ফান্দীৰ পৰা ৫০০০ টকাৰ পৰা ১০,০০০ টকা পৰ্য্যন্ত উৎকোচ লৈ বৰ্তমানলৈকে কোনোধৰণৰ কাম আগ নবঢ়োৱাৰ গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী হাতী ফান্দীয়ে।

তাৎপয্যপূৰ্ণভাৱে, উক্ত সময়ছোৱাৰ ট্ৰেড ইউনিয়ন কোৰ্ডিনেশ্যনৰ সাধাৰণ সম্পাদক এছ পি তিৱাৰীয়ে ৰত্নেশ্বৰ গগৈ আৰু যোগেন দোলাকাষৰীয়াক ধন আত্মসাৎ কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰিছিল।

আনহাতে, অসমত এনে হাতী ফান্দী প্ৰায় ৫০২৯ গৰাকী আছে যদিও ১৭০ জন হাতী ফান্দীয়ে আঁচনিৰ অধীনৰ ধন পাইছিল। লগতে উক্ত লোক দুজনে হাতীফান্দীসকলৰ পৰা গুৱাহাটীত এটা স্থায়ী বাসগৃহ নিৰ্মাণৰ নামত গাইপতি ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকা পৰ্য্যন্ত দান- বৰঙণি লৈছিল বুলি ভুক্তভোগী হাতীফান্দীসকলে অভিযোগ কৰে। আনহাতে,  বশিষ্ঠত কেৱল হাতীফান্দী ইউনিয়নৰ কাৰ্য্যালয়টো স্থাপন কৰিলে যদিও উক্ত লোক দুজনে গৃহটো হাতীফান্দীসকলক এৰি নিদিয়াৰো এক অভিযোগ উঠিছে।

এই সম্পৰ্কত আমি ধেমাজিৰ লক্ষীপথাৰৰ দুৰ্গা দলে নামৰ এগৰাকী হাতী ফান্দীৰ সৈতে কথা পাতিছিলো । তেওঁ ১৯৬২ চনৰ পৰাই হাতী ধৰা কাম আৰম্ভ কৰিছিল। তেওঁ কয়, ‘’১৯৯৮ চনত হাতী ফান্দী ইউনিয়ন পঞ্জীয়ন হৈছিল যদিও আমি কোনোধৰণৰ সাহায্য কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা নাছিলো। সাহায্য আহে যদিও দুই-তিনি তলা বিল্ডিঙ থকা মানুহে ধনসমূহ পায়। ৰত্নেশ্বৰ গগৈ আৰু যোগেন দোলাকাষৰীয়াই প্ৰৱঞ্চনাৰে এই কামটো কৰি আছে।‘’

তদুপৰি তেওঁ কয়, ‘’আমাৰ পৰা ঘৰ আৰু মাটি দিয়াৰ নামত কোটি-কোটি টকা লৈ আজি পাব, কালি পাব বুলি এতিয়ালৈকে ঘৰ-মাটি টকা একোৱেই নিদিলে। মোৰ পৰা ১০ হাজাৰ টকা লৈছিল।‘’

আনহাতে, তেওঁ এই ক্ষেত্ৰত চৰকাৰৰ বন বিভাগক সু-বিচাৰ কৰিবৰ বাবেও আমাৰ জৰিয়তে আহ্বান জনায়।

উল্লেখ্য যে ট্ৰেড ইউনিয়ন কোৰ্ডিনেশ্যন চেন্টাৰৰ অসম শাখাৰ তৰফৰ পৰা বিষয়টোৰ ওপৰত তদন্ত কৰিবৰ বাবে আহ্বান জনাই যোৱা বছৰ চেপ্টেম্বৰ মাহত এখন চিঠি লিখিছিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ। কিন্তু এই বিষয়টোৰ ওপৰত কোনো ধৰণৰ উচিত তদন্ত নকৰাৰ গুৰুতৰ অভিযোগ তোলে ট্ৰেড ইউনিয়নৰ অসম শাখাৰ সভাপতি মিহিৰ নন্দীয়ে।

তদুপৰি শনিবাৰে টি ইউ চি চিৰ মেঘদূত ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত হাতীফান্দীৰ উক্ত কেলেংকাৰিৰ বিষয়ত তদন্ত কৰিবৰ বাবে ৮ জনীয়া এখন স্ক্ৰিনিং কমিটি গঠন কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd