আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ৰোধ কৰিবলৈ সন্মিলিত শক্তিয়ে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পৰিকল্পনা তৈয়াৰ কৰি আছে। বৃহস্পতিবাৰে এই ইংগিত দিছে এ আই ইউ ডি এফ সভাপতি, সাংসদ মৌলানা বদৰুদ্দিন আজমলে।
বৃহস্পতিবাৰে গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত এ আই ইউ ডি এফৰ সাধাৰণ পৰিষদৰ সভাৰ অন্তত সাংবাদিকৰ আগত আজমলে কয়, ‘’সৰ্বভাৰতীয় পৰ্যায়ত প্ৰায় ২২ টা বিৰোধী ৰাজনৈতিক দল আগৰে পৰাই সংগঠিত হৈয়েই আছে। তাত আমিও সদস্য হৈ আছো। শেহতীয়াভাৱে নতুন দিল্লীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিৰোধীয়ে সন্মিলিতভাৱে কৰা প্ৰতিবাদতো আমি অংশ গ্ৰহণ কৰিছো।‘’
অৱশ্যে লোকসভা নিৰ্বাচনত আসন বুজাবুজিৰ ক্ষেত্ৰত এতিয়াই ক’ব নোৱাৰি বুলি তেওঁ মন্তব্য কৰে। বিৰোধী শক্তি সমুহ একত্ৰিত হ’লে বিজেপিৰ পৰাজয় নিশ্চিত বুলিও মত প্ৰকাশ কৰে সাংসদ বদৰুদ্দিন আজমলে।
‘’বিজেপিক ৰোধ কৰিবলৈ বিৰোধী দল একগোট হৈ আছেই। এনেদৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিলে বিজেপিৰ বহুত ডাঙৰ ক্ষতি হ’ব। বিজেপিয়ে ৩১ শতাংশ হিন্দু ভোটত জিকিছে। আনহাতে আমাৰ ফালে ৬৭ শতাংশ আছে। গতিকে বিজেপি জিকাৰ কোনো আশাই নাই। আমাৰ মহাজোঁটবন্ধনক কিমান শক্তিশালী কৰিব পাৰো তাৰ চেষ্টা অব্যাহত আছে,’’- আজমলে কয়।
অসমত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত কিছু মত পাৰ্থক্য থকা দেখা যায় যদিও কেন্দ্ৰত দুয়োটা দল একেলগেই বিৰোধীৰ মহাজোঁটবন্ধনত আছে। অৱশ্যে, অসমত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে এ আই ইউ ডি এফে মিত্ৰতাৰে অৱতীৰ্ণ হ’বনে নহয় সেই কথা স্পষ্টকৈ নকলেও মিত্ৰতাক লৈ যে আশাবাদী সেই কথা আজমলৰ ভাষ্যত প্ৰকাশ পায়।
তেওঁ কয়, ‘’অসমত আমি চিন্তাই কৰা নাই, সৰ্বভাৰতীয় পৰ্যায়ত মিত্ৰতাৰ সিদ্ধান্ত হ’লে অসমতো সেয়া কাৰ্যকৰী হ’বই। অসমৰ কংগ্ৰেছে কেন্দ্ৰীয় নেতৃত্বই যি কয় সেয়া মানিবই লাগিব।‘’
আনহাতে, বিৰোধীৰ মহাজোঁটবন্ধনৰ নেতৃত্ব কোনে ল’ব সেই কথাও স্পষ্ট নকৰিলে সাংসদগৰাকীয়ে।
তদুপৰি, এই বাৰ লোকসভাৰ নিৰ্বাচনত অসমত পূৰ্বৰে পৰা থকা এ আই ইউ ডি এফৰ তিনিখন আসন দলটোৱে পুনৰ লাভ কৰাতো নিশ্চিত বুলি জানিবলৈ দিয়ে বদৰুদ্দিন আজমলে। লগতে আসনৰ সংখ্যা বৃদ্ধিৰ চেষ্টা চলাই থকা বুলিও তেওঁ প্ৰকাশ কৰে।