বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়ক বিৰোধিতা, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ বন্ধ কৰি উচ্চ শিক্ষা আয়োগ গঠনৰ বিৰোধিতাৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণেৰে শিৱসাগৰত সামৰণি পৰিছে ‘প্ৰগতিশীল ছাত্ৰ সংগঠন’ এ আই এছ এফৰ ৰাজ্যিক অভিৱৰ্তন।
বুধবাৰে সামৰণি পৰা অভিৱৰ্তনখনত শিক্ষানুষ্ঠান সমূহৰ আসন বৃদ্ধি আৰু খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ দাবীৰেও সংগঠনটোৱে প্ৰস্তাৱ গ্ৰহণ কৰিছে।
‘বাকীসমূহ প্ৰস্তাৱৰ লগতে শিক্ষানুষ্ঠান সমূহৰ ব্যক্তিগতকৰণৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ বাবেও আমাৰ প্ৰতিনিধি সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে,’ নৰ্থ ইষ্ট নাও-ক জনালে সৰ্বভাৰতীয় ছাত্ৰ সংগঠনটোৰ ৰাজ্যিক উপ সভাপতি বিতোপন গগৈয়ে।
শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত ১৯ ছেপ্তেম্বৰত অভিৱৰ্তনৰ মুকলি সভাত চি পি আইৰ ৰাজ্যিক সম্পাদক মুনীন মহন্তৰ লগতে ৰাতুল গগৈ, প্ৰফুল্ল শইকীয়া, মণি বুঢ়াগোহাঁই আদি কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰনেতাই অংশগ্ৰহণ কৰে।
১৯১৬ চনত গঠন হোৱা দেশৰে প্ৰথম ছাত্ৰ সংগঠনটোৰ ইতিহাস দোহাৰি প্ৰাক্তন ছাত্ৰনেতাসকলে শিক্ষাখণ্ডৰ বাণিজ্যিকীকৰণ আৰু ব্যক্তিগতকৰণৰ বিৰুদ্ধে আৰু ৰাজহুৱা শিক্ষা ৰক্ষাৰ বাবে ‘প্ৰগতিশীল ছাত্ৰ সংগঠনসমূহ’ক ‘ঐক্যবদ্ধ সংগ্ৰাম’ৰ বাবে আহ্বান জনায়।
অভিৱৰ্তনৰ প্ৰতিনিধি সভাত সংগঠনটোৰ ৰাজ্য পৰিষদখনৰ পুনৰগঠন কৰাৰ লগতে অহা ২৭ৰ পৰা ৩০ ছেপ্তেম্বৰলৈ অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰত হ’ব লগা ৰাষ্ট্ৰীয় অধিৱেশনলৈ ৰাজ্যিক প্ৰতিনিধি নিৰ্বাচন কৰে।
অভিৱৰ্তনত চি পি আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক ধৰ্ম বৰুৱা, শ্ৰমিক সংগঠন এ আই টি ইউ চিৰ জিলা সম্পাদক মুহি বৰুৱা, মহিলা সংঘৰ ৰাজ্যিক সভানেত্ৰী আৰু জিলা সম্পাদিকা ক্ৰমে ৰীনা চেতিয়া আৰু অনুৰাধা গোহাঁই গগৈ, এ আই ৱাই এফৰ জিলা সভাপতি অনুপ গগৈও উপস্থিত আছিল৷