• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এম জি ভি কে ভানুকে ধৰি কেইবাজনক ‘শূন্য সহনশীল বঁটা, ২০১৮’ প্ৰদান কৰিব দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 21, 2018 5:39 pm
Suinyo Sahanshil Bota
377
VIEWS
Share on FacebookShare on Twitter

অহা ৮ আৰু ৯ ডিচেম্বৰত ‘বিশ্ব দুৰ্নীতি বিৰোধী দিৱস’ৰ সৈতে সংগতি ৰাখি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে লখিমপুৰত ‘শূন্য সহনশীল বঁটা ২০১৮’ প্ৰদান কৰাৰ কথা আজি এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে সভাপতি ধৰ্মকান্ত গগৈয়ে।

উল্লেখ্য যে, এই বঁটাৰ বাবে ইতিমধ্যে দুৰ্নীতি বিৰোধী যুৱশক্তিয়ে বিভিন্ন স্তৰৰ ৭জন ব্যক্তিক নিৰ্বাচন কৰি উলিয়াইছে। সেইকেইজন হ’ল ক্ৰমে প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, ৰেইলৱেৰ বিশেষ সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথন, আৰ টি আই কৰ্মী দুলাল বৰা, অসমীয়া প্ৰতিদিন কাকতৰ শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক কবিৰ শইকীয়া, আমাৰ অসম কাকতৰ সাংবাদিক নিপা কাকতী, প্ৰাগ নিউজৰ সাংবাদিক বিতোপন বৰা, নিউজ ১৮ অসম, নৰ্থ-ইষ্টৰ সাংবাদিক বলেন ভট্টাচাৰ্য্য।

অসম চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে ২০১৪ চনৰ চেপ্তেম্বৰ মাহত দুৰ্নীতি বিৰোধী আইন Section-7 ৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা দিছিল তথা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক আটকৰ ক্ষেত্ৰত এইজন বিষয়াৰ বহুখিনি অৰিহণা আছে। সেয়েহে দুৰ্নীতি বিৰোধী শক্তি অসমে এইগৰাকী প্ৰাক্তন বিষয়াক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে বুলি সংবাদমেলত ধৰ্মকান্ত গগৈয়ে জানিবলৈ দিয়ে।

তাৰোপৰি ৰেইলৱেৰ বিশেষ সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথনে দুৰ্নীতি বিৰোধী আইন Section-7 ৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা দিছিল যেতিয়া তেওঁ চি আই ডি আৰু দুৰ্নীতি নিবাৰক শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত আছিল। সেয়েহে দুৰ্নীতি বিৰোধী শক্তি অসমে এইগৰাকী বিষয়াকো এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে বুলি সংবাদমেলত ধৰ্মকান্ত গগৈয়ে জনায়। 

ইফালে আৰ টি আই কৰ্মী দুলাল বৰাই ৰাজ্যৰ বিভিন্ন বিভাগৰ দুৰ্নীতি যেনে সাৰদা কেলেংকাৰিৰ ফাইল হৰণলুকি, এ পি এছ চি কেলেংকাৰি তথা সমাজ কল্যাণ বিভাগৰ কেলেংকাৰি উদঙাই চৰকাৰক দুৰ্নীতিৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ পূৰ্ণ সহযোগ আগ বঢ়োৱাৰ বাবে তেওঁক উক্ত বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি ধৰ্মকান্ত গগৈয়ে সংবাদমেলত জনায়।

আনহাতে, স্বাস্থ্য বিভাগৰ ভেজাল দৰব আৰু স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰিৰ ক্ষেত্ৰত বিভিন্ন তথ্য সহকাৰে প্ৰতিবেদন প্ৰকাশ কৰা তথা সাধাৰণ ৰাইজক স্বাস্থ্য সম্পৰ্কত সজাগ কৰি তোলাৰ বাবে কবিৰ শইকীয়া, নিপা কাকতী, বিতোপন বৰা আৰু বলেন ভট্টাচাৰ্য্যক নিৰ্বাচিত কৰি উলিয়াইছে।

উক্ত বঁটাৰ সৈতে নগদ ১০ হাজাৰ টকাৰ মাননী, এখন তাম্ৰপত্ৰ, সম্বৰ্ধনা পত্ৰ, সঁফুৰা, চেলেং, জাপি আৰু গামোচা থাকিব।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd