সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় মহামন্ত্ৰী মিলিন্দ পৰাণ্ডেই। তেওঁ কয়, ‘‘খ্ৰীষ্টান মিছনেৰিসকলে বিভিন্ন প্ৰলোভনেৰে সহজ-সৰল মানুহক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰি আছে। ইয়াৰ দ্বাৰা ভাৰতৰ সংবিধানক তেওঁলোকে অৱমাননা কৰি আছে।’’
তেওঁ লগতে কয় যে একাংশ মিছনেৰিয়ে সাধাৰণ মানুহক কিছুমান সমস্যা সমাধান কৰাৰ বাবে অলৌকিক যাদুকৰী কথা কৈ খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰা বুলিও মন্তব্য কৰে। এইবোৰৰ দ্বাৰা ভাৰতৰ ‘Drug and Magic Remedies Act’ উলংঘা কৰা বুলিও তেওঁ মন্তব্য কৰে।
ধৰ্মান্তৰকৰণ ৰোধ কৰাৰ বাবে বিশ্ব হিন্দু পৰিষদে পদক্ষেপ গ্ৰহণৰ বাবে আগ বঢ়াৰ কথা সংবাদমেলত মিলিন্দ পৰণ্ডেই জানিবলৈ দিয়ে। তেওঁ কয়, “৩১ জানুৱাৰিৰ পৰা ১ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’ব লগীয়া কুম্ভ মেলাৰ সময়ত বিশ্ব হিন্দু পৰিষদে মেলাত উপস্থিত সন্তসকলৰ ‘ধৰ্ম সংসদ’ আয়োজন কৰিছে। ইয়াত খ্ৰীষ্টান মিছনেৰিৰ দ্বাৰা হিন্দুসকলৰ ধৰ্মান্তৰকৰণৰ কাৰণে চলি থকা ষড়যন্ত্ৰ ৰোধ কৰিবলৈ সন্তসকলে পথ দেখুৱাব।”
এই ‘ধৰ্ম সংসদ’তেই শ্ৰীৰাম জন্মভূমি আন্দোলন, গোৰক্ষা আদি বিষয়তো আলোচনা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
ইপিনে, ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত আলোচনাৰ বাবে অহা ৫ অক্টোবৰত ৰাম জন্মভূমি আন্দোলনৰ সৈতে জড়িতসকলৰ সৈতে এক আলোচনাত মিলিত হ’ব বুলিও সংবাদমেলত পৰাণ্ডেই জানিবলৈ দিয়ে।
ইয়াৰ উপৰি যুৱ প্ৰজন্মক নিচামুক্ত কৰা আৰু সামাজিক অনুশাসন প্ৰদানৰ বাবে বিশ্ব হিন্দু পৰিষদৰ যুৱ বিভাগ বজৰং দলে সমগ্ৰ ভাৰতত ২৫ ছেপ্তেম্বৰৰ পৰা ২ আক্টোবৰলৈ যুৱ সংস্কাৰ সপ্তাহ পালন কৰিব বুলিও তেওঁ সংবাদমেলত প্ৰকাশ কৰে।