• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খ্ৰীষ্টান মিছনেৰিৰ ধৰ্মান্তৰকৰণ : বাধা দিয়াৰ বাবে বিশ্ব হিন্দু পৰিষদে যুগুতাইছে কাৰ্য্য ব্যৱস্থা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 23, 2018 9:11 pm
Vishwa Hindu Parishad

বিশ্ব হিন্দু পৰিষদৰ সংবাদমেল। দেওবাৰে, গুৱাহাটী প্ৰেছ ক্লাবত।

184
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় মহামন্ত্ৰী মিলিন্দ পৰাণ্ডেই। তেওঁ কয়, ‘‘খ্ৰীষ্টান মিছনেৰিসকলে বিভিন্ন প্ৰলোভনেৰে সহজ-সৰল মানুহক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰি আছে। ইয়াৰ দ্বাৰা ভাৰতৰ সংবিধানক তেওঁলোকে অৱমাননা কৰি আছে।’’

তেওঁ লগতে কয় যে একাংশ মিছনেৰিয়ে সাধাৰণ মানুহক কিছুমান সমস্যা সমাধান কৰাৰ বাবে অলৌকিক যাদুকৰী কথা কৈ খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰা বুলিও মন্তব্য কৰে। এইবোৰৰ দ্বাৰা ভাৰতৰ ‘Drug and Magic Remedies Act’ উলংঘা কৰা বুলিও তেওঁ মন্তব্য কৰে।

ধৰ্মান্তৰকৰণ ৰোধ কৰাৰ বাবে বিশ্ব হিন্দু পৰিষদে পদক্ষেপ গ্ৰহণৰ বাবে আগ বঢ়াৰ কথা সংবাদমেলত মিলিন্দ পৰণ্ডেই জানিবলৈ দিয়ে। তেওঁ কয়, “৩১ জানুৱাৰিৰ পৰা ১ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’ব লগীয়া কুম্ভ মেলাৰ সময়ত বিশ্ব হিন্দু পৰিষদে মেলাত উপস্থিত সন্তসকলৰ ‘ধৰ্ম সংসদ’ আয়োজন কৰিছে। ইয়াত খ্ৰীষ্টান মিছনেৰিৰ দ্বাৰা হিন্দুসকলৰ ধৰ্মান্তৰকৰণৰ কাৰণে চলি থকা ষড়যন্ত্ৰ ৰোধ কৰিবলৈ সন্তসকলে পথ দেখুৱাব।”

এই ‘ধৰ্ম সংসদ’তেই শ্ৰীৰাম জন্মভূমি আন্দোলন, গোৰক্ষা আদি বিষয়তো আলোচনা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

ইপিনে, ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত আলোচনাৰ বাবে অহা ৫ অক্টোবৰত ৰাম জন্মভূমি আন্দোলনৰ সৈতে জড়িতসকলৰ সৈতে এক আলোচনাত মিলিত হ’ব বুলিও সংবাদমেলত পৰাণ্ডেই জানিবলৈ দিয়ে।

ইয়াৰ উপৰি যুৱ প্ৰজন্মক নিচামুক্ত কৰা আৰু সামাজিক অনুশাসন প্ৰদানৰ বাবে বিশ্ব হিন্দু পৰিষদৰ যুৱ বিভাগ বজৰং দলে সমগ্ৰ ভাৰতত ২৫ ছেপ্তেম্বৰৰ পৰা ২ আক্টোবৰলৈ যুৱ সংস্কাৰ সপ্তাহ পালন কৰিব বুলিও তেওঁ সংবাদমেলত প্ৰকাশ কৰে।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd