• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত গুজৰাট-সদৃশ পৰিস্থিতিৰ সকীয়নি, ‘দিচপুৰ মাৰ্চ’লৈ ওলাইছে কলিতা সংগঠন

মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে কলিতা জনগোষ্ঠীৰ ৯ দফীয়া দাবী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা হৈছিল। কিন্তু জনজাতিকৰণ তথা সংবিধানৰ ষষ্ঠ অনুসূচীত অনতৰ্ভুক্ত কৰিবলৈ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰা দূৰৰে কথা, ‘বিশেষজ্ঞ সমিতি’ গঠনৰ প্ৰাৰম্ভিক কামেই আৰম্ভ নহ’ল।

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2018 9:12 pm
কলিতা জনগোষ্ঠী সন্মিলনৰ দেওবাৰৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

কলিতা জনগোষ্ঠী সন্মিলনৰ দেওবাৰৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি ৰক্ষাত বিফলতাৰ বাবেই অসমতো গুজৰাট, মহাৰাষ্ট্ৰৰ সংৰক্ষণ আন্দোলনৰ দৰে ‘পৰিস্থিতি’ৰ সকীয়নিৰে অহা ৫ অক্টোবৰত ‘দিচপুৰ মাৰ্চ’ ঘোষণা কৰিছে কলিতা জনগোষ্ঠী সন্মিলনে।

‘এই প্ৰতিবাদৰ পাছতো যদি চৰকাৰে কলিতা জনগোষ্ঠীৰ দাবীসমূহ মানি নলয়, তেন্তে সংৰক্ষণ বিচাৰি গুজৰাটৰ পাতিদাৰ আৰু মহাৰাষ্ট্ৰত মাৰাঠাসকলৰ আন্দোলনে যি ৰূপ লৈছে, ঠিক তেনে এক পৰিস্থিতি অতি সোনকালে গঢ় লৈ উঠিব,’ গুৱাহাটী প্ৰে’ছ ক্লাবত দেওবাৰে সংবাদমেলত হুংকাৰ সংগঠনটোৰ সভাপতি ড০ সোমেশ্বৰ কলিতাৰ।

প্ৰশাসনৰ অনুমতি নথকা সত্বেও গুৱাহাটীৰ খানাপাৰাৰ পৰা ৰাজধানীলৈ ঘোষণা কৰা এই ‘দিচপুৰ মাৰ্চ’ কাৰ্য্যসূচীত ‘নিয়ন্ত্ৰণ’ৰ বাহিৰ হোৱা পৰিস্থিতিৰ কথাও সংবাদমেলত উল্লেখ কৰিছে সংগঠনটোৱে।

লগতে পঢ়ক মডালিটি প্ৰস্তুতৰ প্ৰাথমিক কামেই হোৱা নাই, চৰকাৰৰ প্ৰতাৰণাত ক্ষোভ ৬ জনগোষ্ঠীৰ

‘প্ৰতিবাদ আমি ৰূপায়ণ কৰিমেই, তাত যদি আৰক্ষী-প্ৰশাসনৰ ফালৰ পৰা কোনোধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত কৰে, অথবা পৰিস্থিতি নিন্ত্ৰণৰ বাহিৰলৈ যায়, তেন্তে তাৰ বাবে চৰকাৰ আৰু কলিতা মন্ত্ৰী-বিধায়কসকল জৱাবদিহি হ’ব,‘ ঘোষণা ড০ কলিতাৰ।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পোনপটীয়াভাৱে দোষাৰোপ কৰিছে অসমত বিষম পৰিস্থিতিৰ হুংকাৰ দিয়া সংগঠনটোৱে। শেহতীয়াকৈ যোৱা মাৰ্চত আৰু তাৰ পূৰ্বে ২০১৬ আৰু ২০১৭ চনটো সোণোৱালৰ সৈতে আলোচনাত বহিছিল সংগঠনটো।

’২৯ জুন ২০১৬, ৩ মাৰ্চ, ২০১৭ আৰু ১৩ মাৰ্চ, ২০১৮ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কলিতা জনগোষ্ঠীৰ ৯ দফীয়া দাবী চনদৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথা অনুসূচিত জনজাতিকৰণ তথা সংবিধানৰ ষষ্ঠ অনুসূচীত অনতৰ্ভুক্ত কৰিবলৈ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰা দূৰৰে কথা জনজাতিকৰণৰ ক্ষেত্ৰত ‘বিশেষজ্ঞ সমিতি’ গঠনৰ প্ৰাৰম্ভিক কামেই আৰম্ভ নহ’ল,‘ মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ সংগঠনটোৰ সভাপতিৰ।

কলিতাই লগতে অভিযোগ কৰে যে মুখ্য মন্ত্ৰীয়ে মহানগৰ জিলা উপায়ুক্তক ‘বীৰ ৰজা ভগদত্ত প্ৰকল্প’ৰ বাবে গুৱাহাটীত ১০ বিঘা মাটি দিবলৈ  নিৰ্দেশ দিয়াৰ পাছতো যাৱতীয় কাম-কাজেই বৰ্তমানলৈকে আৰম্ভ নকৰিলে। ‘প্ৰকল্পটোৰ বাবে ২০১৮ বৰ্ষৰ বাজেটত ৫ কোটি টকা ধাৰ্য্য কৰাৰ আশ্বাস দিছিল যদিও কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই,’ মন্তব্য নেতাজনৰ।

জনজাতিকৰণ আৰু সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিকৰণৰ বাবে প্ৰয়োজনীয় ‘বিশেষজ্ঞ সমিতি’ গঠন কৰি অহা ৩১ ডিচেম্বৰৰ ভিতৰত বিধানসভাত সন্মতিসূচক প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ বাবে সংগঠনটোৱে দাবী জনাইছে।

কলিতাসকলৰ এই হুংকাৰৰ বিপৰীতে জনজাতিকৰণ দাবী কৰি অহা অসমৰ আন ৬টা জনগোষ্ঠীয়েও বিজেপি চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ কৰি আহিছে।

এনে পৰিস্থিতিত অসমত ৭০ লাখ কলিতা লোক থকা বুলি দাবী কৰি অহা সংগঠনটোৰ এই হুংকাৰ ৰাজ্যৰ ভৱিষ্যত পৰিস্থিতিৰ বাবে চিন্তাজনক হৈ উঠিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd