• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এখন শুদ্ধ, সফল এন আৰ চিৰ বাবে ৰাজনৈতিক দলবোৰক ঐক্যবদ্ধ হোৱাৰ আহ্বান প্ৰাক্তন আলফা ঐক্যমঞ্চৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
September 23, 2018 9:47 pm
Former ULFA Militants Organisation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এখন শুদ্ধ আৰু সফল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খাতিৰত প্ৰতিটো ৰাজনৈতিক দলে ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি দেশ আৰু জাতিটোৰ সমূহীয়া স্বাৰ্থক আগস্থান দিয়াটো নিতান্তই প্ৰয়োজন৷ ৰাজনৈতিক পাকচক্ৰহীন শুদ্ধ এন আৰ চি এখন সাধাৰণ ৰাইজৰ দৰে আমি প্ৰাক্তন আলফাসকলেও বাঞ্ছা কৰোঁ৷”

এই বক্তব্য প্ৰাক্তন আলফা ঐক্য মঞ্চৰ অনুপ চেতিয়াৰ৷ আজি গোৱালপাৰা জিলাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সভাত উপস্থিত থাকি এই বক্তব্য প্ৰদান কৰে অনুপ চেতিয়াই৷

Apply Now

আনহাতে, সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত চেতিয়াই প্ৰাক্তন আলফাসকলৰ অৰ্থনৈতিক দিশটোৰ ওপৰত গুৰত্ব প্ৰদান কৰি মন্তব্য কৰে যে চৰকাৰী কৰ্তৃপক্ষৰ লগত হোৱা আলোচনা মৰ্মে প্ৰাক্তন আলফাসকলক স্বনিৰ্ভৰশীল কৰাৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে৷ গোপালন, গাহৰি পালন আদিৰ দৰে উৎপাদনশীল কামত জড়িত হৈ আমাৰ সতীৰ্থসকলে নিশ্চয় স্বাৱলম্বী হোৱাৰ সুযোগ পাব৷ চেতিয়াই লগতে কয়৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অনুপ চেতিয়াই স্পষ্ট ভাষাত কয় যে আজি গোৱালপাৰা জিলাৰ প্ৰাক্তন আলফাসকলে যি সমন্বয়ৰক্ষী সমিতিৰ বেনাৰত সাধাৰণ সভা অনুষ্ঠিত কৰিছে সেয়া দৰাচলতে ঐক্যমঞ্চ হিচাপেহে প্ৰতিষ্ঠিত হ’ব লাগিছিল৷ আজিৰ পৰাই গোৱালপাৰা জিলা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ পৰিৱৰ্তে সংগঠনটো প্ৰাক্তন আলফা ঐক্যমঞ্চ বুলি পৰিচিত হ’ব৷ একে মন্তব্য সভাত উপস্থিত থকা প্ৰাক্তন আলফা ঐক্যমঞ্চৰ সম্পাদক লোহিত দেউৰীৰো৷ সাংবাদিকৰ আগত দেউৰীয়ে ঐক্যমঞ্চ সন্দৰ্ভত যোগাত্মক বিশ্লেষণ কৰি প্ৰাক্তন আলফাসকলৰ আত্মসংস্থাপনৰ দিশটোৰ প্ৰতি অধিক গুৰত্ব প্ৰদান কথা দোহাৰে৷

আজিৰ সাধাৰণ সভাখনত প্ৰাক্তন আলফা ঐক্যমঞ্চৰ উপ সভাপতি ৰত্নেশ্বৰ মহন্ত, প্ৰণয় ৰয়, জয়ন্ত ৰয়, কুমুদ চন্দ্ৰ দাস আদি কৰি কেইবাগৰাকী নেতায়ো ভাষণ প্ৰদান কৰে৷

উল্লেখ্য যে গোৱালপাৰা জিলাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আজি পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হয় সংগঠনটোৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা৷

কৃষ্ণাই হাবৰাঘাট হাইস্কুলৰ সভাকক্ষত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে জিলাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি সচ্চিদানন্দ তাৰাই৷ কাৰ্যকৰী সভাপতি জয়ন্ত ৰয়ে আঁত ধৰা সভাখনত সাধাৰণ সম্পাদক কুমুদ চন্দ্ৰ দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে৷

আজিৰ সাধাৰণ সভাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দ্বিশতাধিক প্ৰাক্তন আলফা সদস্য উপস্থিত থাকে৷ সভাখনত সদস্যসকলৰ ব্যক্তিগত তথা জাতীয় সমস্যাসমূহ ঐক্যবদ্ধভাৱে সমাধানৰ বিষয়ে আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷

উল্লেখ্য যে আজিৰ সভাৰ সৰ্বসন্মতি সিদ্ধান্ত মৰ্মে গোৱালপাৰা জিলা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিখনক আনুষ্ঠানিকভাবে প্ৰাক্তন আলফা ঐক্যমঞ্চ, অসমৰ অন্তৰ্ভুক্ত কৰা হয়৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd