প্ৰবীন কংগ্ৰেছী নেতা অনিল ৰাজাই প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ বিৰুদ্ধে তৰা গোচৰৰ বিৰুদ্ধাচাৰণ কৰি প্ৰাক্তন মন্ত্রীগৰাকীয়েও শেহতীয়াকৈ অনিল ৰাজাৰ ওপৰত এক মানহানি গোচৰ তৰিছিল নগাঁও আদালতত।
উক্ত গোচৰৰ ওপৰত ভিত্তি কৰি নগাঁও ন্যায়িক দণ্ডাধীশৰ আদালতত সাক্ষ্য প্ৰদানৰ বাবে নগাঁও আদালতত আজি বিয়লি উপস্থিত হয় প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইন।
কিন্তু এই গোচৰৰ মূল অভিযুক্ত প্ৰবীন কংগ্ৰেছী নেতা অনিল ৰাজা আদালতত উপস্থিত নাছিল।
আনহাতে, সাক্ষ্য প্ৰদান কৰি আদালত কক্ষৰ বাহিৰত উপস্থিত সংবাদ মাধ্যমৰ আগত অনিল ৰাজাই আদালতৰ চমন পোৱাৰ পাছতো কিয় বাৰে বাৰে আদালতৰ নিৰ্দেশনা অৱমাননা কৰি আদালতত উপস্থিত নহ’ল বুলি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।
অনিল ৰাজাৰ অনুপস্থিতি প্ৰসংগত প্ৰাক্তন মন্ত্ৰী হুছেইনে কয়, ‘অনিল ৰাজাই আদালতক অৱমাননা কৰি আহিছে। প্ৰতিবাৰেই তেওঁ কাঁহ, চৰ্দি, গা-বিষ, প্ৰেচাৰ আদিৰ দোহাই দি আইন অমান্য কৰি আহিছে’।