• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ সংৰক্ষিত বনাঞ্চলৰ ৩৫৫৫ বৰ্গ কি:মি: এলেকাত বেদখল

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
September 27, 2018 9:33 pm
sonai-rupa-wildlife-assam
1k
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ পৰিসংখ্যাত প্ৰকাশ যে অসমৰ ৩৫৫৫ বৰ্গ কি:মি:ৰো অধিক ভূমি বেদখলৰ কবলত আছে। ইয়াৰ ফলত হাতীকে ধৰি বিভিন্ন বন্যপ্ৰাণী ওলাই আহি মানুহৰ বসতিস্থলত প্ৰৱেশ কৰিবলৈ ধৰিছেহি।

চৰকাৰী পৰিসংখ্যাই দেখুওৱা মতে অসমত ১০০টা হাতীৰ অস্বাভাৱিক মৃত্যু ঘটিছে।

নিৰ্মাণ কাৰ্য, নিৰ্বনানীকৰণে হাতীৰ বাসভূমিত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰিছে। পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই কৈছে যে বৰ্তমান অসমৰ জাননীকৃত সংৰক্ষিত বনাঞ্চল আৰু সংৰক্ষিত এলেকাৰ প্ৰায় ৩৫৫৫ কি:মি: (মুঠ জাননীকৃত এলেকাৰ ১৩.২৯ শতাংশ) অঞ্চল বেদখলৰ কবলত পৰিছে।

অসম চৰকাৰৰ প্ৰতিৱেদন অনুসৰি, ২০১৩ৰ পৰা ২০১৬ৰ ভিতৰত ১০০টা হাতীৰ অস্বাভাৱিকভাৱে মৃত্যু ঘটিছে।

কেন্দ্ৰৰ পৃষ্ঠপোষকতাৰ ‘প্ৰজেক্ট এলিফেণ্ট’ প্ৰকল্পৰ অধীনত হাতী বাস কৰা ৰাজ্যসমূহত হাতীৰ বাসভূমি, অহাযোৱা কৰা পথ আৰু হাতীক সুৰক্ষা দিয়াৰ বাবে আৰু হাতী-মানুহৰ সংঘাত আঁতৰ কৰাৰ বাবে বিত্তীয় আৰু কাৰিকৰী সহায়তা আগবঢ়োৱা হৈছে।

তাৰেপৰি, ‘বন্যপ্ৰাণীৰ আৱাসভূমিৰ সুসংগঠিত বিকাশ’, ‘প্ৰকল্প বাঘ’ আদি আঁচনিৰ জৰিয়তে বন্যপ্ৰাণীৰ আৱাসভূমিৰ উন্নতি কৰাৰ বাবে কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিত্তীয় সহায় আগবঢ়াই আহিছে।

মন্ত্ৰ্যালয়ে দেশৰ ১৪ কন ৰাজ্যত ২৯খন হাতী সংৰক্ষিত বনাঞ্চল স্থাপন কৰিছে।

অৱমূল্যায়ন হোৱা জাননীকৃত এলেকাসমূহত বিকল্প পদক্ষেপ হিচাপে বৃক্ষৰোপণ কৰা হৈছে। অসমৰ উত্তৰ ফালৰ পূব মণ্ডল শোণিতপুৰত ৯০ হেক্টৰ, পশ্চিম মণ্ডল শোণিতপুৰত ৪৫০ হেক্টৰ, লখিমপুৰ মণ্ডলত ৬৪২ হেক্টৰ, ধেমাজি মণ্ডলত ৩৬৫ হেক্টৰত বৃক্ষৰোপণ কৰা হৈছে বুলি এগৰাকী বিষয়াই জনাইছে।

অসম চৰকাৰে অসামৰিক আৰু আৰক্ষী প্ৰশাসন, এলেকা আৰু বন্যপ্ৰাণী উইঙৰ মাণ্ডলিক বন বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, গাঁওবুঢ়া,  পঞ্চায়তৰ সভাপতিসকল, বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল, ৰে’লৱেৰ ষ্টেশ্যন মাষ্টাৰসকল, গড়কাপ্তানি (পথ) আৰু জিলা পৰিবহণ বিষয়াসকলক লৈ এখন সমন্বয়ক কমিটী গঠন কৰিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd