শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত বৃহস্পতিবাৰে বিয়লি হঠাতে অহা এজাক ঘূৰ্ণিবতাহত এখন চৰকাৰী বিদ্যালয়ৰ বিদ্যালয়গৃহৰ টিনপাত উৰুৱাই নিয়াৰ লগতে পাঁচজনকৈ ছাত্ৰ-ছাত্ৰী আহত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি, কালি বিয়লি প্ৰায় ২.১৫ বজাত অহা ঘুৰ্ণিবতাহজাকত চাৰিদু্ৱাৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী নেভিল মধ্য ইংৰাজী বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাত বিদ্যালয়খনৰ ক্ৰমে ষষ্ঠ, সপ্তম শ্ৰেণী আদি কৰি তিনিটাকৈ শ্ৰেণীকোঠাৰ লোহাৰ ৰেলিংসহ সমূদায় টিনপাত, কাঠ আদি প্ৰায় ৫০ মিটাৰ দুৰত্বলৈ উৰুৱাই নিয়ে।
ঘটনাটোত বিদ্যালয়খনৰ পাঁচজনকৈ ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয় যদিও শিক্ষক শিক্ষয়িত্রীৰ তৎপৰতাত শতাধিক ছাত্র-ছাত্রীৰ প্ৰাণ ৰক্ষা পৰে। আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীকে বিদ্যালয় কৰ্তৃপক্ষ, আৰু পৰিচালনা সমিতিৰ তত্বাৱধানত ততাতয়াকৈ চাৰিদুৱাৰৰ ত্ৰিশখন বিচনাযুক্ত গ্ৰামীণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
জানিব পৰা মতে, ছাত্ৰ-ছাত্ৰীকেইগৰাকীয়ে মূৰ, হাত, ভৰিত আঘাত পাইছে। ইপিনে, চিকিৎসালয়খনত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড০ সূৰ্যকমল বৰাৰ লগতে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সতীশ চাহুৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ বুজ লয়।
উল্লেখ্যে যে , কেইবছৰমান পূৰ্বে বিদ্যালয়খনত শিক্ষা বিভাগৰপৰা আৱন্টিত উক্ত শ্ৰেণীকোঠাকেইটা নিৰ্মানত অতি নিম্নমানৰ কাঠৰ তক্তা, বাটাম ব্যৱহাৰ কৰাৰ লগতে বিদ্যালয়গৃহটোৰ ওপৰত কম চিমেন্টৰ ঢালাই দি ৰেলিঙত টিনপাত ফিটিং কৰাৰ বাবেই এনেধৰনৰ ঘটনা সংঘটিত হোৱা বুলি ঘটনাস্থলত উপস্থিত অঞ্চলবাসী সচেতন ৰাইজে অভিযোগ তুলি অনতিপলমে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।