• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতীয় জীৱনলৈ ভাবুকি : ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন-২০১৭ৰ বিৰোধিতাৰে লাষ্টগেইট কঁপাব  ট্ৰাইবেল সংঘই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2018 9:16 pm
Aditya Khakhlari

পল্টনবজাৰস্থিত জনজাতি জিৰণি চ’ৰাত সংবাদমেল সম্বোধন কৰি সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী, ২৮ ছেপ্তেম্বৰত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন-২০১৭-ই জনজাতীয় তথা খিলঞ্জীয়া লোকসকলৰ জীৱনৰ প্ৰতি ভাবুকি আনিব। এই আইনখনে জনজাতীয় লোকসকলৰ মনত এতিয়া শংকা তথা সংশয়ৰ সৃষ্টি কৰিছে। ২৮ ছেপ্তেম্বৰত পল্টনবজাৰস্থিত জনজাতি জিৰণি চ’ৰাত এখন সংবাদমেল অনুষ্ঠিত কৰি এই দাবী কৰে সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে। তেওঁ কয় এই আইনখনে বড়ো, ৰাভা, তিৱা, কাৰ্বিকে ধৰি সকলো জনজাতি তথা খিলঞ্জীয়া লোকৰ সমাজ, ভাষা-সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যক ধ্বংস কৰাৰ লগতে ট্ৰাইবেল ব্লক/বেল্ট আৰু স্বায়ত্ত পৰিষদসমূহৰ অস্তিত্বৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।

আনহাতে, আইনখনৰ বিৰোধিতা কৰি অহা ১ অক্টোবৰত ট্ৰাইবেল সংঘৰ উদ্যোগত দিচপুৰ লাষ্টগেইটত গণ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব বুলিও খাখলাৰীয়ে জানিবলৈ দিয়ে।

Apply Now

উল্লেখ্য যে, সংবাদমেল সম্বোধন কৰাৰ পূৰ্বে জনজাতি জিৰণি চ’ৰাতে খিলঞ্জীয়া জনজাতি সাহিত্য সভা, সদৌ অসম ট্ৰাইবেল সংঘ, নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ অসম ট্ৰাইবেল য়ুথ লীগ, তাকাম মিচিং পৰিন কেবাং, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থাকে ধৰি অন্যান্য জনজাতীয় সংগঠনৰ প্ৰতিনিধিৰে সৈতে উক্ত বিষয়টোৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈছিল।

আনহাতে, উক্ত সংবাদমেলত আদিত্য খাখলাৰীয়ে ‘জনজাতি অঞ্চল উন্নয়ন’ এই কথাষাৰৰ মাজত চৰকাৰী পক্ষৰ এক নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য লুকাই থকা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে তেওঁ কয়, “জনজাতিসকলৰ মাটি চলে-বলে কৌশলে হস্তগত কৰি খনিজাত-বনজাত সম্পদ লুণ্ঠন কৰিবলৈ ক’ৰ্পৰেট গোষ্ঠীৰ হাতত তুলি দিয়াটোৱেই চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য।”

ইতিমধ্যে মধ্যপ্ৰদেশ, উৰিষ্যা, উত্তৰাখণ্ড, ছত্তিশগড় আদি ৰাজ্যত ‘জনজাতি অঞ্চল উন্নয়ন’ৰ নামত হাজাৰ হাজাৰ ভূমি চৰকাৰে কৌশলেৰে হস্তগত কৰি জনজাতীয় লোকক গৃহহীন কৰিলে বুলি সংবাদমেলত জানিবলৈ দিয়ে খাখলাৰীয়ে।

তেওঁ লগতে কয়, “বিগত সময়ছোৱাত, অৰ্থ্যাৎ ১৯৬২ চনত পূৰ্ব বংগৰ ১৩৬৮টা শৰণাৰ্থী পৰিয়ালক সংস্থাপন কৰিবৰ বাবে বৰ্তমান চিৰাং জিলাৰ বিজনী ট্ৰাইবেল বেল্টৰ ১১,২৫৪ বিঘা মাটি সংৰক্ষণমুক্ত কৰা হৈছিল।”

তদুপৰি অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিচপুৰলৈ স্থানান্তৰ কৰাৰ সময়ত ১৯৬৯ চনত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ পৰা বৃহত্তৰ গুৱাহাটীকে ধৰি বৃহৎ অঞ্চলৰ এক লাখ চাৰি হাজাৰ বিঘা মাটি সংৰক্ষণ মুক্ত কৰি সমগ্ৰ মাটি বহিৰাগত বণিয়া, উদ্যোগপতিৰ হাতত তুলি দিয়া হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে, উক্ত আইনৰ পৰা ৰাভা আৰু তিৱা স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত সকলো গাওঁ আৰু ট্ৰাইবেল বেল্ট-ব্লক আৰু এলেকা বাদ দিবলৈ দাবী জনাই আজি অনুষ্ঠিত হোৱা যৌথ সভাই।

খাখলাৰীয়ে লগতে কয়, “সভাই আন এক প্ৰস্তাৱৰ জৰিয়তে মিচিং, তিৱা, ৰাভা স্বায়ত্ত পৰিষদৰ লগতে অসমৰ সকলো জনজাতি অধ্যুষিত অঞ্চল ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিবৰ বাবেও দাবী জনায়।”

ইয়াৰোপৰি জনজাতি খণ্ড আৰু আৱেষ্টনীসমূহক সকলো ধৰণৰ বেদখলৰ পৰা মুক্ত কৰি খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত কৰিবৰ বাবেও যৌথ সভাই দাবী জনায়।

আনহাতে, জনজাতি বনবাসীক ভূমিস্বত্ব প্ৰদান নকৰাৰ ফলত বহু ভূমিপুত্ৰ জনজাতি লোক ভূমি অধিকাৰৰ লগতে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ তুলি খাখলাৰীয়ে কয়, “সংৰক্ষণ বিদ্বেষী আমোলা বিষয়াৰ বাবেই ৫৯টা বিভাগত ১২,১৫৫ টা বেকলগ পদ পূৰণ নোহোৱাকৈ আছে। এই পদসমূহৰ বেছিভাগেই তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ। তাৰেই অধিকাংশ প্ৰাথমিক শিক্ষা, গড়কাপ্তানী, স্বাস্থ্য আৰু জলসম্পদ বিভাগৰ।”

তদুপৰি এই পদসমূহ ২০১৭ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত পূৰণ কৰিবলৈ WPT & BC বিভাগে সকলো বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে যদিও ৩/৮/ ২০১৬ তাৰিখৰ বিধিনিৰ্দেশনাখনৰ সংশোধন নহ’লে এটাও বেকলগ পদ পূৰণ কৰাটো সম্ভৱ নহ’ব বুলি তেওঁ সদৰী কৰে।

তেওঁ লগতে কয়, “উক্ত বিধি নিৰ্দেশনাখন আঁসোৱাহপূৰ্ণ। বিধি নিৰ্দেশনাখনত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ন্যূনতম ৭৮ শতাংশ পদ পোৱাৰ বিপৰীতে সংৰক্ষিত শ্ৰেণীয়ে কিমান শতাংশ লাভ কৰিব তাৰ কোনো উল্লেখ নাই।”

উল্লেখ্য যে, উক্ত দাবীসমূহ পূৰণ নকৰিলে ট্ৰাইবেল সংঘৰ লগতে জনজাতীয় দল-সংগঠনে ১ অক্তোবৰৰ পাছত বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd