• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি টি এ ডিত অবড়োসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী : ৫ অক্টোবৰত অবড়ো সুৰক্ষা সমিতিৰ অসম বন্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2018 10:50 am
A-Bodo-Surakshya-Samitee-Assam-750x375

অবড়ো সুৰক্ষা সমিতিৰ ধৰ্ণা । ফাইল ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি টি এ ডিত বাস কৰি থকা অবড়োসকলৰ স্বাৰ্থ ৰক্ষা তথা অধিকাৰ সুৰক্ষিত কৰাৰ বাবে পুনৰ সৰৱ হৈ পৰিছে অবড়ো সুৰক্ষা সমিতি। যিটো সময়ত বি টি এ ডিত বসবাস কৰি থকা অবড়ো জনসাধাৰণে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন অব্যাহত ৰাখিছে তেনে সময়তে অসমৰ কিছুমান ৰাজনৈতিক দল- সংগঠনে অবড়ো ৰাইজৰ আৱেগ আৰু অনুভূতিৰ লগত হেতালি খেলি ৰাজনীতি কৰা বিষয়তো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে।

এক বিবৃতিতযোগে সংগঠনটোৱে কয় যে যিবিলাক ৰাজনৈতিক দলৰ চৰকাৰে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰিত ২২ লাখ অবড়ো ৰাইজৰ সকলো মৌলিক অধিকাৰ খৰ্ব কৰি বি টি চি নামৰ মৰণফান্দ জাপি দিয়াৰ পিছত ২০১৪ চনৰ আগলৈকে বি টি চি প্ৰশাসনৰ লগ লাগি বড়োলেণ্ড গঠনৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল তেনে ৰাজনৈতিক দলসমূহে শেহতীয়াকৈ দেখুওৱা অবড়ো প্ৰীতি অতিকৈ হাস্যকৰ আৰু ষড়যন্ত্ৰমূলক।

Apply Now

সংগঠনটোৱে অভিযোগ কৰে যে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যেতিয়া অবড়ো ৰাইজৰ ভূমিৰ অধিকাৰ কৰ্তন কৰি ভূমি নীতি প্ৰৱৰ্তন কৰিছিল, তেতিয়া এনে ৰাজনৈতিক দল-সংগঠনসমূহে নিৰ্লিপ্ত ভূমিকা পালন কৰিছিল। একমাত্ৰ অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদী গণ আন্দোলন আৰু সাংসদ নৱ কুমাৰ শৰণীয়াৰ সবল প্ৰতিবাদত হাগ্ৰামা বাহিনীয়ে সেও মানি ভূমিনীতি প্ৰত্যাহাৰ কৰা বাতৰি সম্প্ৰচাৰ কৰিছিল যদিও সেয়াও কাৰ্যকৰী নকৰিলে।

শনিবাৰে অবড়ো সুৰক্ষা সমিতিৰ সভাপতি বিহাৰি প্ৰসাদ দাস আৰু সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীয়েএক বিবৃতিযোগে এনে দল-সংগঠনসমূহক অবড়ো ৰাইজৰ আৱেগ, অনুভূতিক লৈ হেতালি খেলি ৰাজনীতি নকৰিবলৈ স্পষ্ট কৰি দিয়ে।

বিবৃতিটোত তেওঁলোকে উল্লেখ কৰে যে ৰাজ্যত চলি থকা এন আৰ চি উন্নীতকৰণৰ সময়তে অবড়ো ৰাইজৰ মাজত এক নতুন সমস্যাৰ সৃষ্টি হোৱাতো দৃষ্টিগোচৰ হয়। বি টি এ ডিত বসবাস কৰা অবড়ো লোক বিশেষকৈ কোচ ৰাজবংশী, নেপালী, আদিবাসী, সংখ্যালঘু সম্প্ৰদায় আৰু বাঙালী জনগোষ্ঠীয় লোকক উপযুক্ত নথি থকাৰ পিছতো কোনো জাননী প্ৰেৰণ নকৰাকৈ ষড়যন্ত্ৰমূলকভাৱে ‘ডি’ ভোটাৰ সজাই ভৱিষ্যতৰ ৰাজনৈতিক পৰিকল্পনা কৰা দেখা গৈছে। তাৎপৰ্যপূৰ্ণভাৱে জনগোষ্ঠীয় লোকক বি টি এ ডিত ‘ডি’ ভোটাৰ সজোৱা হৈছে।

সেয়েহে জৰুৰীভাৱে ‘ডি’ ভোটাৰ সমস্যাৰ সমাধান, প্ৰস্তাৱিত বড়োলেণ্ডৰ বিৰোধিতা, বি টি এ ডিত কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ, বি টি চি চুক্তি পুনৰীক্ষণৰ দাবীত অহা ৫ অক্টোবৰৰ পুৱা ৫ বজাৰপৰা সন্ধিয়া ৫ বজালৈ অসম বন্ধ, ১০ অক্টোবৰত প্ৰতিখন জিলা সদৰত শীঘ্ৰে ‘ডি’ ভোটাৰ সমস্যা সমাধানৰ দাবীত স্মাৰক-পত্ৰ প্ৰদান আৰু ২৮ অক্টোবৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি বিবৃতিটোৰ জৰিয়তে অবড়ো সুৰক্ষা সমিতিয়ে প্ৰকাশ কৰে।

সমিতিয়ে উক্ত কাৰ্যসূচী গণতান্ত্ৰিকভাৱে সফল কৰি তুলিবলৈ সমূহ ৰাইজক আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd