• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছবিঘৰতো সফলতা দেখুৱাইছে অস্কাৰমুখী ভিলেইজ ৰকষ্টাৰ্ছে; স্বেচ্ছাই পোষ্টাৰিং কৰি ফুৰিছে অভিযন্তা তপন লহকৰে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 30, 2018 7:31 pm
Tapan Lahkar

‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ প্ৰচাৰৰ বাবে স্বেচ্ছাই পোষ্টাৰ লগাই ফুৰা অভিযন্তা তপন লহকৰ আৰু সহযোগীসকল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটাৰ পাছত আনটো সফলতাৰ ডেওনা অতিক্ৰম কৰা ৰীমা দাসৰ ভিলেইজ ৰকষ্টাৰ্ছ এইবাৰ ছবিঘৰতো দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম হৈছে। অসমৰ আটাইবোৰ ছবিঘৰতেই ‘ভিলেজ ৰকষ্টাৰ্ছ’ চাবলৈ যোৱা দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে। প্ৰতিটো ছবিঘৰত প্ৰতিটো দৰ্শনীতে ‘হাউছফুল’ হোৱাৰ খবৰ পোৱা গৈছে।

জানিব পৰা মতে ছবিখন মুক্তি লাভ কৰাৰ পৰা যোৱা দুটা দিনত ২৩ লক্ষাধিক টকাৰ টিকট বিক্ৰী হৈছে। ইয়াৰে প্ৰথম দিনা অসমত প্ৰায় ৭ লাখ টকাৰ বিপৰীতে অসমৰ বাহিৰত ৪ লাখ টকাৰ টিকত বিক্ৰী হৈছিল।

Apply Now

আনহাতে, দ্বিতীয় দিনা, অৰ্থাৎ ২৯ ছেপ্তেম্বৰত ছবিখন বক্স অফিচৰ পৰা ১২.৮ লাখ টকা লাভ কৰিবলৈ সক্ষম হয়।

ইপিনে, দৰ্শক অনুপাতে ছবিঘৰত দৰ্শনীৰ সংখ্যা কম হোৱাক লৈও বিভিন্নজনে আপত্তি দৰ্শাইছে। বহু ঠাইত দৰ্শকে টিকট নাপাই উভতি যাব লগীয়া হৈছে বুলি খবৰ আহিছে।

এই বিষয় লৈ শনিবাৰে যোৰহাটৰ জ্যোতি চিনে ক্লাবে হৰ্ডিং আঁৰি ‘ভিলেজ ৰকষ্টাৰ্ছ’ অসমৰ ছবিঘৰত এমাহ পৰ্যন্ত প্ৰদৰ্শন কৰা আৰু প্ৰতিখন অসমীয়া ছবিৰ বাবে প্ৰতিদিনে দুটাকৈ প্ৰাইম টাইম দৰ্শনীৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।

আনহাতে, বিভিন্ন স্থানত একাংশ অনুৰাগীয়ে পৰ্যাপ্ত দৰ্শনী আৰু ছবিঘৰৰ অভাৱত ছবিখন চোৱাৰ পৰা বঞ্চিত হোৱাক লৈ ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰাও দেখা গৈছে। অৱশ্যে, গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ আন বহুকেইটা ছবিঘৰৰ কৰ্তৃপক্ষই আজিৰ পৰা ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ দৰ্শনীৰ সংখ্যা বৃদ্ধি কৰিছে।

স্বেচ্ছাই প’ষ্টাৰিং কৰিবলৈ ওলাই আহিল মালিগাৱঁৰ তপন লহকৰ

‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ বাবে সকলো অসমবাসীয়ে হিয়া উজাৰি সমৰ্থন আগ বঢ়োৱাৰ মাজতে মালিগাৱঁৰ এজন ব্যক্তিক দেখা গ’ল ছবিখনৰ বাবে স্বেচ্ছাই প’ষ্টাৰিং কৰিবলৈ ওলাই অহা।

মহানগৰীৰ মালিগাঁৱত তপন লহকৰ নামৰ এগৰাকী ৰেইলৱে’ অভিযন্তাই দুজনমান সহযোগীক লৈ স্বেচ্ছাই ছবিখনৰ প’ষ্টাৰিং কৰা দেখা গৈছে। লহকৰ আৰু সহযোগীসকলে পৰহিৰ পৰাই ছবিখনৰ বাবে বনোৱা প’ষ্টাৰ মহানগৰীৰ বিভিন্ন ঠাইত নিজে লগাইছে বুলি জানিব পৰা গৈছে।

ইপিনে, পাঠশালাৰ ‘শৰ্মা টকীজ’ নামৰ ছবিগৃহত প্ৰথম অৱস্থাত ছবিখন প্ৰদৰ্শন নকৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল স্থানীয় ৰাইজৰ মাজত। অৱশেষত ছবিঘৰটোত কৰ্তৃপক্ষই ‘ভিলেজ ৰকষ্টাৰ্ছ’ প্ৰদৰ্শন কৰিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে ভাৰতৰ বহুকেইগৰাকী আগশাৰীৰ ছবি নিৰ্মাতাৰ ছবিক চেৰ পেলাই কম বাজেটেৰে নিৰ্মিত ‘ভিলেজ ৰকষ্টাৰ্ছ’-এ ভাৰতৰ পৰা অস্কাৰলৈ নিৰ্বাচিত হৈছে। অস্কাৰলৈ নিৰ্বাচিত হোৱাৰ পিছতে মুক্তি দিয়া ছবিখন বৰ্তমান ৰাজ্যৰ ৩৯টা ছবিঘৰৰ লগতে পশ্চিমবংগ, মহাৰাষ্ট্ৰ, দিল্লী, কৰ্ণাটক, তামিলনাডু আৰু ওড়িষাৰ মুঠ ৮টা ছবিঘৰত প্ৰদৰ্শিত হৈ আছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd