• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবন্ধীৰ হাত-ভৰি ভাঙি কি কৰিব খুজিছে সোণোৱাল চৰকাৰে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 5, 2018 6:49 pm
Police lathi charge during Pratibandhi Suraksha Sangstha protest their demand at Dispur Last Gate in Guwahati on 05-10-18. Pix BY UB Photos

দিচপুৰত আৰক্ষীৰ মাৰত বাগৰি পৰা এজন প্ৰতিবাদকাৰী প্ৰতিবন্ধী। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খোদ ৰাজধানী দিচপুৰত জনপ্ৰতিনিধিৰ আৱাসৰ সমীপতে শুকুৰবাৰে প্ৰতিবাদী প্ৰতিবন্ধীৰ ওপৰত বৰ্বৰ আক্ৰমণেৰে অসম আৰক্ষীয়ে ভয়ংকৰভাৱে উলংঘা কৰিছে মানৱ অধিকাৰ।

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ প্ৰতিবাদীসকলৰ ওপৰত আৰক্ষীয়ে দুবাৰকৈ লাঠীচালনা আৰু পানী হিলৈ নিক্ষেপ কৰাত ৰেজাউল কৰিম নামৰ এজন খোৰা যুৱকৰ হাত ভাগি যোৱাৰ লগতে হাত আৰু মূৰ ফাটিছে কেইবাজনো প্ৰতিবাদকাৰীৰ।

Apply Now

Police lathi charge during Pratibandhi Suraksha Sangstha protest their demand at Dispur Last Gate in Guwahati on 05-10-18. Pix BY UB Photos

আৰক্ষীৰ লাঠীচালনাত অসমৰ প্ৰতিবন্ধীৰ একমাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে থুতৰি আৰু হাতত বেয়াকৈ আঘাত পোৱাৰ লগতে বিকাশ পেগু, সঞ্জয় সিনহা, হিমাংশু নাথ আৰু ৰঞ্জিত ছেত্ৰীয়ে মূৰত বেয়াকৈ আঘাত পাইছে।

তাতোতকৈ ভয়ানক কথা সন্ধিয়া ৫.৩০ বজালৈকে বিনা চিকিৎসাই এতিয়াও কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়নতে আটক কৰি ৰখা হৈছে ৫০০ গৰাকী প্ৰতিবাদকাৰীক।

“আমি ৫০০ মানুহক এতিয়াও কাহিলীপাৰাৰ আৰক্ষী বেটেলিয়নত আবদ্ধ কৰি ৰাখিছে। মোৰ হাতত আঘাত পাইছো। কেইবাজনৰো মূৰ ফাটি তেজ ওলাইছে। এজন চিকিৎসক আহি এবাৰ চালে যদিও এতিয়ালৈকে একো চিকিৎসা কৰা নাই,” আৰক্ষীৰ প্ৰথম লাঠীচালনাত আহত কেইজনক “গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ নিছে’’ বুলি সদৰী কৰি নৰ্থ ইষ্ট নাও-ক জনালে প্ৰতিবন্ধী সংস্থাটোৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

Injured person carry to hospital during Police lathi charge at Pratibandhi Suraksha Sangstha protest their demand at Dispur Last Gate in Guwahati on 05-10-18. Pix BY UB Photos
আৰক্ষীৰ মাৰত হাত ফাটি যোৱা প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সম্পাদক নৃপেন মালাকাৰ। ছবি- ইউ বি।

প্ৰতিবন্ধীসকলৰ নেতাজনে লগতে জনায় যে আৰক্ষীয়ে দুবাৰকৈ তেওঁলোকৰ ওপৰত লাঠীচালনা কৰাৰ লগতে পানী হিলৈয়ো নিক্ষেপ কৰিছিল। আনকি আটক কৰি বাছত উঠোৱাৰ পিছতো কৰ্তব্যৰত আৰক্ষী বিষয়া অমিতাভ বসুমতাৰীৰ নিৰ্দেশত বাছৰ ভিতৰতো তেওঁলোকক মাৰপিট কৰে আৰক্ষীয়ে।

প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰিব খোজাত বাধা দিবলৈ গৈ মহানগৰ আৰক্ষীয়ে নমায় আনে এই বৰ্বৰ আক্ৰমণ। মুখ্য মন্ত্ৰীক স্মাৰক পত্ৰ দিবলৈ অহা প্ৰতিবাদকাৰীসকলে জনাই যে মুখ্য মন্ত্ৰীৰ সলনি ৰাজ্যৰ মুখ্য সচিবে আহি স্মাৰক পত্ৰ গ্ৰহণ কৰিব বুলি তেওঁলোকক আশ্বাস দিছিল চৰকাৰী বিষয়াই।

“বিভাগীয় মন্ত্ৰীৰ সৈতে হোৱা আমাৰ আগৰ বৈঠকৰ প্ৰতিশ্ৰুতি চৰকাৰে কাৰ্য্যকৰী নকৰা বাবে আমি প্ৰতিবাদী কাৰ্য্যসূচী হাতত লৈছিলো। মুখ্য সচিবে আহি মুখ্য মন্ত্ৰীৰ হৈ স্মাৰক পত্ৰ ল’বহি বুলি প্ৰতিবাদস্থলীত সমাজ কল্যাণ বিভাগৰ উপ আয়ুক্ত মজনুৰ হুছেইনে মৌখিক আশ্বাস দি যেতিয়া পিছত মুখ্য সচিব নাহিল, তেতিয়া প্ৰতিবাদীসকল অপমানিত হৈ পথ অৱৰোধ কৰিব খোজে আৰু তেতিয়াই আৰক্ষীয়ে প্ৰথম লাঠী চালনা কৰে,” জনালে মালাকাৰে।

যোৱা ২ আগষ্টত সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সৈতে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ বৈঠকত নিৰ্ধাৰিত সময়সীমা অনুসৰি ৰাজ্যৰ প্ৰতিবন্ধীসকলক নিযুক্তি দিয়াৰ আশ্বাস দিয়া হৈছিল, কিন্তু সেই মতে একো কৰা নহ’ল বুলি অভিযোগ কৰিছে সংস্থাটোৱে।

Injured person carry to hospital during Police lathi charge at Pratibandhi Suraksha Sangstha protest their demand at Dispur Last Gate in Guwahati on 05-10-18. Pix BY UB Photos

“বৈঠকত কোৱা হৈছিল যে ৩০ চেপ্তেম্বৰৰ ভিতৰত প্ৰতিবন্ধীসকলৰ বাবে ৰাজ্য চৰকাৰৰ ৫৪ টা বিভাগত ৪৪১৯ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব আৰু ২২ অক্টোবৰৰ ভিতৰত প-পত্ৰ জমা দিয়া প্ৰক্ৰিয়া সমাপ্ত হ’ব। ইয়াৰোপৰি, অহা ৩১ ডিচেম্বৰৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়াৰ সকলো কাম সম্পূৰ্ণ হৈ উঠিব। কিন্তু ৩০ চেপ্তেম্বৰৰ পৰা এসপ্তাহ উকলি যোৱাৰ পাছতো কোনোধৰণৰ বিজ্ঞাপন প্ৰকাশ নোপোৱাত আমি হতাশাত ভুগিছো,” জনালে মালাকাৰে।

প্ৰতিবন্ধী সংগঠনটোৰ নেতাগৰাকীয়ে লগতে উত্থাপন কৰিছে আন এক ভয়ংকৰ অভিযোগ। “উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইদুৱে আহি অসমত উন্মোচন কৰা দীনদয়াল সাহায্য আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিবন্ধীসকলক সাহায্য প্ৰদান কৰাৰ কথা আছিল। বাজেটতো অসমৰ ৪.৫ লাখ প্ৰতিবন্ধী লোকৰ বাবে ২৫০ কোটি টকা ধাৰ্য্য কৰা হৈছিল বুলি আমি খবৰ পাইছিলো। কিন্তু আজিলৈকে আমাক এটকাও সাহায্যৰ নামত দিয়া হোৱা নাই,” মালাকাৰৰ অভিযোগ।

ৰাষ্ট্ৰসংঘৰ প্ৰতিবন্ধী লোকৰ অধিকাৰ বিষয়ক সন্মিলনৰ প্ৰতি সন্মতি প্ৰকাশ কৰি ভাৰতে প্ৰণয়ন কৰা প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ (Rights of Persons with Disabilities Act, 2016) চূড়ান্তভাৱে ভুলুণ্ঠিত হৈছে মুখ্য মন্ত্ৰী তথা গৃ্হ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰক্ষীৰ বৰ্বৰ আক্ৰমণত।

প্ৰশ্ন হৈছে প্ৰতিবন্ধীৰ হাত-ভৰি ভাঙি কি কৰিব খুজিছে সোণোৱাল চৰকাৰে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd