অসমৰ জল পৰিবহণ খণ্ডটোৰ উন্নতি সাধন কৰাৰ বাবে এটা জার্মান কোম্পানী আৰু নিৰ্মাণ পৰামৰ্শ প্ৰদানকাৰী ফাৰ্ম আৰ্কিটেকনোৰ সৈতে চুক্তি বদ্ধ হৈছে।
কোম্পানীটোৱে দুটা মডিউল ইতিমধ্যে অসম চৰকাৰৰ ওচৰত জমা দিছে। এটা মডিউল অনুসৰি অসম ট্ৰেন্সপৰ্ট ষ্ট্ৰেটেজি-২০৩৩ৰ বাবে প্ৰকল্পৰ বাস্তৱায়িতা সন্দৰ্ভত প্ৰকাশ কৰিছে।
আৰ্কিটেকনোৱে প্ৰকল্পসমূহৰ এটা মূল্যায়ন কৰিছে।
এই প্ৰকল্পটোক অসম আভ্যন্তৰিণ জল পৰিবহণ প্ৰকল্প নাম দিয়া হৈছে আৰু ইয়াৰ ব্যয় ১৫০ মিলিয়ন আমেৰিকান ডলাৰ হ’ব। বিশ্ব বেংকে এই ধনখিনি ঋণ হিচাপে প্ৰদান কৰিব।
এই প্ৰকল্পটোৰ বহু কেইটা ভাগ থাকিব, যেনে অসমৰ আভ্যন্তৰিণ জল পৰিবহণৰ দীৰ্ঘম্যাদী ৰণনীতিমূলক পৰিকল্পনা, প্ৰতিষ্ঠানগত আৰু সামৰ্থ্য নিৰ্মাণ, ফেৰী সেৱাৰ উন্নীতকৰণ, জাহাজ চালনাৰ সামগ্ৰী, জাহাজ আদি ক্ৰয় কৰা, টাৰ্মিনেল নিৰ্মাণ, প্ৰকল্প বাস্তৱায়িত কৰা আৰু ৰচদ পাতিৰ বাবে ব্যৱস্থা কৰা ইত্যাদি।
অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অধীনত অসম জল পৰিবহণ উন্নয়ন ছচাইটী (AIWTD Society) এটা গোট ইতিমধ্যে গঠন কৰা হৈছে।