বঙাইগাঁও জিলাৰ কোকিলা বীনাপানী ইউনাইটেড হাইস্কুলত ছাত্ৰ-ছাত্ৰীক এছ এম ডি চিৰ সভাপতি দুলাল চন্দ্ৰ বসাকৰ লগতে আৰু দুজনকৈ শিক্ষকে আজি গুণোৎসৱৰ দিনাই অশ্লীল ভাষাৰে গালি পাৰি বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়া ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ফলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে কোকিলা আৰক্ষী থানাত উপস্থিত হৈ ‘এছ এম ডি চিৰ সভাপতি দুলাল চন্দ্ৰ বসাকৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে তদন্ত কৰক, সভাপতিত্বৰ পৰা অপসাৰণ কৰক, শিক্ষানুষ্ঠানত ৰাজনীতি বন্ধ কৰক, সাম্প্ৰদায়িকতা নচলিব’ আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰাপ্ত তথ্য মতে দীৰ্ঘদিন ধৰি কোকিলা বীনাপানী ইউনাইটেড হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদক লৈ দুই পক্ষৰ মাজত টনা আঁজোৰা লাগি আহিছে। যাৰ পৰিণতিত আজিৰ ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।
কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দোমাহু ৰায়ে পৰিস্থিতিৰ বুজ লয় আৰু পিছত বঙাইগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ছাদুল্লা খান, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ ইছমাইল হুছেইন, চি আৰ চি চি প্ৰতিবাদস্থলীত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দুলাল চন্দ্ৰ বসাক, সংস্কৃতি শিক্ষয়িত্ৰী চন্দ্ৰ প্ৰভা দাস আৰু শিক্ষক সপোন বসাকে ছাত্ৰ ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে।
ইফালে বিদ্যালয়খনৰ গুণোৎসৱৰ শেষৰ দিনা পৰীক্ষাত বহিবলৈ নিদি ছাত্ৰ-ছাত্ৰী সকলক এনেদৰে বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়া কাৰ্যক বিভিন্ন পক্ষই গৰিহণা দিছে। লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা সভাপতি আৰু অভিযোগ উত্থাপিত হোৱা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।